Logo
image

সন্দিকৈৰ কাৰ্যকাল শেষ হ’লেহে দায়িত্ব ল’ব মহন্তই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ আগষ্টঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য ড॰ ননী গোপাল মহন্তই বৰ্তমানৰ উপাচাৰ্য ড॰ প্ৰতাপজ্যোতি সন্দিকৈৰ কাৰ্যকাল অন্ত পৰাৰ পাছতহে বিশ্ববিদ্যালয়খনৰ নতুন উপাচাৰ্য হিচাপে দায়িত্ব ল’ব৷ এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কলৈ পত্ৰ লিখি ড॰ ননী গোপাল মহন্তই স্পষ্ট কৰে যে তেওঁ ২১ আগষ্টৰ পুৱা ১০-১০.৩০ বজাৰ ভিতৰত নতুন উপাচাৰ্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব৷ বৰ্তমানৰ উপাচাৰ্যৰ কাৰ্যকাল ২০ আগষ্টলৈকে থকাৰ বাবে তেওঁ ২১ আগষ্টতহে শপত ল’ব বুলি পঞ্জীয়কক পত্ৰযোগে অৱগত কৰিছে৷ 



উল্লেখ্য, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈৰ কাৰ্যকাল শেষ হ’বলৈ ২৫ দিন বাকী থকা অৱস্থাতে পূৰ্বৰ তদানীন্তন ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই ড॰ ননী গোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে নিযুক্তি দিয়াই নহয়, ২৯ জুলাইত শপতগ্ৰহণো কৰাইছিল৷ এই বিষয়টোক লৈ যথেষ্ট প্ৰতিক্ৰিয়া হৈছিল আৰু এজন উপাচাৰ্যৰ কাৰ্যকাল অন্ত নপৰোঁতেই নতুন উপাচাৰ্যক শপত গ্ৰহণ কৰোৱাৰ বিষয়ক লৈ বিভিন্ন মাধ্যমত আলোচনা চলিছিল৷ এনে প্ৰেক্ষাপটত ড॰ সন্দিকৈয়ে তেওঁৰ কাৰ্যকাল অন্ত পৰাৰ পূৰ্বেই পদত্যাগ পত্ৰ প্ৰেৰণ কৰি ১৩ আগষ্টতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদবী এৰাৰ সিদ্ধান্ত লৈছিল৷ বৃহস্পতিবাৰে সাংবাদিকৰ আগত সন্দিকৈয়ে এনেদৰে মন্তব্য কৰিছিল–‘২০১৯ চনৰ ২১ আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে মই দায়িত্বভাৰ গ্ৰহণ কৰিছিলো৷ সেই মৰ্মে মোৰ অফিচিয়েল কাৰ্যকাল ২০ আগষ্টলৈকে আছে৷ এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰ বাছনি প্ৰক্ৰিয়া বহুত আগতেই আৰম্ভ হৈছিল৷ মে’ মাহতে ইণ্টাৰভিউ   হৈছিল৷ এতিয়া ঠিক মোৰ ২৫ দিন কাৰ্যকাল থকাৰ সময়তে নতুন উপাচাৰ্যৰ নাম ঘোষণা কৰি শপত গ্ৰহণো কৰোৱা হৈছে৷ উপাচাৰ্যৰ নিযুক্তিত আগতে অৱশ্যে শপত গ্ৰহণ কৰোৱা নাছিল৷ ২০২২ চন মানৰ পৰাহে ৰাজ্যপালে উপাচাৰ্যৰ শপত গ্ৰহণ আৰম্ভ কৰিছে৷ সাধাৰণতে পলিটিকেল পষ্ট বিলাকতহে এনে হয়৷ শপত গ্ৰহণ লোৱা মানে সেইদিনাৰ পৰাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ দৰে হয়৷ মই আচৰিত হ’লো–২৯ জুলাই, অৰ্থাৎ যিদিনা ১১ বজাত নতুন উপাচাৰ্যক শপত গ্ৰহণ কৰোৱা হৈছিল, সেই দিনাই মোকো ৰাজভৱনলৈ সম্বৰ্ধনাৰ বাবে মতা হৈছিল৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নাকৰ  এ প্লাছ গ্ৰেড লাভ, আইএছঅ’ চাৰ্টিফিকেশ্বন লাভ, নেচাৰ ইনডেক্সত স্থান লাভ আদি কাৰণত সম্বৰ্ধনা জনাবলৈ মোক ৰাজভৱনলৈ মাতিছিল৷ সেইদিনাই জাননী জাৰি কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত নতুন উপাচাৰ্য নিযুক্তি দিয়াৰ বিষয়েও মোক জনোৱা হ’ল৷ এই কথাটো মোৰ অলপো ভাল লগা নাই৷ ছমাহ পূৰ্বে আন এখন জাননী জাৰি কৰি নিযুক্তিৰ কোনো কাম নকৰিবলৈ মোক কোৱা হৈছিল৷ প্ৰয়োজন থকাতো যোৱা ছমাহে মই একো নিযুক্তিৰ কাম কৰিব পৰা নাছিলো৷ কিন্তু চেঞ্চেলৰে যোৱাৰ আগমুহূৰ্ততো বিশ্ববিদ্যালয়খনত নিযুক্তি দিব পাৰে৷ 

নৱ নিযুক্ত উপাচাৰ্যগৰাকীক মই কৈছো–তেওঁ যদি চাৰ্জ লয় ১২-১৩ আগষ্টত ল’ব পাৰে, মই চাৰ্জ দিবলৈ প্ৰস্তুত আছো৷ তেতিয়া তেওঁ ১৪ আগষ্টত চাৰ্জ লম বুলি কৈছে৷’ উল্লেখ্য ইয়াৰ পূৰ্বে প্ৰতাপজ্যোতি সন্দিকৈ সামাজিক মাধ্যমত কৰা এটা আৱেগিক পষ্টতে সমগ্ৰ ৰাজ্যত খলকনিৰ সৃষ্টি কৰিছিল৷ ফেচবুকত অধ্যাপক সন্দিকৈয়ে এনেদৰে লিখিছিল–‘২০১৯ চনৰ ২১ আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব লৈছিলো৷ মোৰ জীৱনৰ সমগ্ৰ সাধনাৰ প্ৰাপ্তি আছিল এই দায়িত্ব৷ মোৰ কাৰ্যকাল শেষ হ’বলৈ ২৫ দিন বাকী থাকোতেই ৰাজ্যপালে নতুন উপাচাৰ্যক নিযুক্তি দি নিজেও নতুন চাকৰিত যোগদান কৰিলেগৈ৷ মই আঁতৰি যাবলৈ সাজু হৈছো৷ জীৱনে মোক নিৰ্মোহ হ’বলৈ শিকাইছে৷ মনৰ মাজত নিসংগ অহং৷ গুৱাহাটী বিশ্ববিদ্যালয় উজলি থাকক সৰ্বকাল৷’ ইফালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিষয়টো সন্দৰ্ভত এক স্পষ্টীকৰণ দি বৃহস্পতিবাৰে কৈছিল এনেদৰে– ‘গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্যৰ কাৰ্যকাল অন্ত পৰাৰ পূৰ্বে নতুন উপাচাৰ্য নিযুক্তি সম্বন্ধীয় বাতৰি এটা মোৰ দৃষ্টিগোচৰ হৈছে৷ মাননীয় ৰাজ্যপালৰ আদেশত স্পষ্টকৈ কোৱা হৈছে যে দায়িত্বভাৰ গ্ৰহণৰ দিনৰ পৰাই নতুন উপাচাৰ্য নিযুক্ত হ’ব৷ এইটো নিশ্চিতভাৱে ২০২৪ চনৰ ২০ জুলাই৷ বৰ্তমানৰ উপাচাৰ্যজনে তাৰ পাছত অৱসৰ ল’ব৷’ লক্ষণীয়ভাৱে শিক্ষামন্ত্ৰীৰ এই ভাষ্যত তাৰিখ বিসংগতি পৰিলক্ষিত হয়৷ কাজেই গুৱাহাটী বিশ্ববিদ্যালয়ত উপাচাৰ্য পদকলৈ হোৱা এনে বিতৰ্কত ৰাজ্যৰ নৱনিযুক্ত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যকো অস্বস্তিত পেলাইছিল৷ অৱশেষত সকলো বিতৰ্কৰ ওৰ পেলাই ড॰ ননী গোপাল মহন্তই ২১ আগষ্টত দায়িত্বভাৰ লোৱাৰ সিদ্ধান্ত ৰাজহুৱা কৰে৷