Logo
image

ম’বাইল ফোন চাৰ্জ হওঁতে সাৱধান হ’ব

আজিকালি প্ৰায়েই স্মাৰ্টফোন বিস্ফোৰণ হোৱাৰ বিষয়ে শুনিবলৈ পোৱা যায়৷ ফোনটো ব্যৱহাৰৰ ক্ষেত্ৰত কৰা কেইটামান ভুলৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হয়৷ উল্লেখ্য যে, আজিকালি প্ৰায়ভাগ স্মাৰ্টফোনতে থাকে হাই এম এ এইছ বেটাৰী আৰু ফাষ্ট চাৰ্জৰ সুবিধা৷ এনেক্ষেত্ৰত স্মাৰ্টফোনটো সুৰক্ষিত কৰি ৰাখিবলৈ অধিক সচেতন হোৱা উচিত৷ উল্লেখ কৰা হ’ল স্মাৰ্টফোন ব্যৱহাৰৰ ক্ষেত্ৰত নকৰিবলগীয়া কেইটামান ভুল–



- কেতিয়াবা কেতিয়াবা স্মাৰ্টফোনটো হাতৰ পৰা পৰি ক্ষতিগ্ৰস্ত হয়৷ এনে অৱস্থাত লগে লগে ফোনটো ব্যৱহাৰ নকৰি ছাৰ্ভিছ চেণ্টাৰৰ কাষ চাপক৷ কিয়নো ডিছপ্লে’ বা ফোনৰ কোনো অংশ ক্ষতিগ্ৰস্ত হ’লে পানী সোমাই বেটাৰী নষ্ট হ’ব পাৰে৷ পৰৱৰ্তী সময়ত স্মাৰ্টফোনটোৰ ব্যৱহাৰত সমস্যাই দেখা দিয়ে৷ 
- ফোনটো চাৰ্জ কৰোতে ডুপ্লিকেট চাৰ্জাৰ ব্যৱহাৰৰ পৰা বিৰত থাকক৷ কিনাৰ সময়ত যিটো চাৰ্জাৰ লাভ কৰিছিল সেই ব্ৰেণ্ডৰ চাৰ্জাৰহে ব্যৱহাৰ কৰা উচিত৷
- স্মাৰ্টফোনটো স্বাভাৱিক অৱস্থাতকৈ যদি বেছি গৰম হোৱা যেন অনুভৱ কৰে তেন্তে  ব্যৱহাৰৰ পৰা বিৰত থাকক৷ চাৰ্জাৰৰ পৰা খুলি ফোনটো আঁতৰাই ৰাখক৷
- পৰাপক্ষত গাড়ীত থকা চাৰ্জ এডপ্টাৰৰ পৰিৱৰ্তে পাৱাৰ বেংকেৰে ফোনটো চাৰ্জ কৰক৷ 
- মোবাইল ফোন কেতিয়াও অভাৰ চাৰ্জ বা অতিৰিক্তভাৱে চাৰ্জ নকৰিব৷ পৰাপক্ষত ফোনটোৰ চাৰ্জ ৯০ শতাংশৰ তলত ৰাখিব৷
- স্মাৰ্টফোনটো চাৰ্জ দিয়াৰ সময়ত ৰ’দৰ পৰা সদায় আঁতৰাই ৰাখিব৷ অৰ্থাৎ চাৰ্জ দিয়াৰ সময়ত যাতে ফোনটোত সূৰ্যৰ ৰশ্মি নপৰে, সেইক্ষেত্ৰত সতৰ্ক হওক৷
- চাৰ্জৰ সময়ত ফোনৰ ওপৰত হেঁচা পৰিবলৈ নিদিব৷
-  এক্সটেনছন কৰ্ডৰ জৰিয়তে ফোন চাৰ্জ কৰাৰ পৰা বিৰত থাকিব৷
- ফোনটোৰ ব্যৱহাৰত কেতিয়াবা সমস্যাই দেখা দিলে মেৰামতি কেন্দ্ৰলৈ নগৈ পোনে পোনে ছাৰ্ভিছ চেণ্টাৰৰ কাষ চাপক৷