Logo
image

১ কোটি বাংলাদেশী হিন্দুক আশ্ৰয় দিবলৈ বিজেপি সাজু

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৬ আগষ্টঃ বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতেই বাংলাদেশত এতিয়া সংখ্যালঘুৰ ওপৰত সংখ্যাগুৰু মুছলমানৰ নিৰ্যাতন আৰম্ভ হৈছে৷ যাৰ পৰিপ্ৰেক্ষিততে বাংলাদেশৰ নিৰ্যাতিত ১ কোটি সংখ্যালঘু হিন্দুক ভাৰতত আশ্ৰয় দিয়াৰ কথা ঘোষণা কৰিছে বিজেপিয়ে৷ প্ৰায় ছমাহ ধৰি চুবুৰীয়া ৰাষ্ট্ৰখনত অব্যাহত থকা ছাত্ৰ বিক্ষোভৰ সুযোগ লৈ একাংশই বাংলাদেশৰ সংখ্যালঘু হিন্দু, খ্ৰীষ্টান, বৌদ্ধ তথা জনজাতীয় লোকৰ ঘৰে ঘৰে প্ৰৱেশ কৰি আক্ৰমণ কৰাৰ লগতে হিন্দুৰ ঘৰ-দুৱাৰ, মঠ মন্দিৰ ভাঙি লণ্ড-ভণ্ড কৰিছে৷ শেহতীয়া এই ঘটনাত বাংলাদেশৰ হিন্দু সকলে জীৱনৰ চৰম নিৰাপত্তাহীনতাত ভূগিছে৷ 



এনে কাৰণতে বাংলাদেশৰ ১ কোটি হিন্দু শৰণাৰ্থীক আশ্ৰয় দিয়াৰ বাবে ভাৰতবাসীক মানসিকভাৱে সাজু হোৱাৰ আহ্বান জনাইছে বিজেপিয়ে৷ বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা পশ্চিমবংগ বিজেপিৰ মুৰব্বী শুভেন্দু অধিকাৰীয়ে এই বিস্ফোৰক মন্তব্য কৰিছে৷  বাংলাদেশৰ শেহতীয়া ঘটনাক লৈ সোমবাৰে সংবাদ মাধ্যমৰ আগত বিজেপি নেতাজনে কয়– বাংলাদেশত এতিয়া হিন্দুৰ ওপৰত আক্ৰমণ চলিছে৷ সেয়েহে ভাৰতৰ জনতাই বাংলাদেশৰ ১ কোটি হিন্দু শৰণাৰ্থীক আশ্ৰয় দিয়াৰ বাবে মানসিকভাৱে সাজু থকা উচিত৷ বাংলাদেশত নিৰ্যাতনৰ বলি হোৱা হিন্দুসকলক ‘কা’ৰ জৰিয়তে নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰিব লাগে৷ কাৰণ বাংলাদেশত এতিয়া হিন্দুৰ ওপৰত নিৰ্যাতন আৰম্ভ হৈছে৷ ৰংপুৰৰ হিন্দ পাৰিষদ হাৰাধন নায়কক গুলীয়াই হত্যা কৰা হৈছে৷ হিন্দুৰ ঘৰ-বাৰী ভাঙি পেলোৱা হৈছে৷ যিহেতু ‘কা’ত উল্লেখ আছে যে যিসকলে ধৰ্মীয় উৎপীড়নৰ বাবে ভাৰতলৈ আহিব তেওঁলোকক নাগৰিকত্ব দিয়া হ’ব৷ সেয়েহে যাৰ যি ভূমি আছে তাতে আমাৰ বাংলাদেশৰ হিন্দু বাই-ভগ্নী শৰণাৰ্থীসকলক আশ্ৰয় দিয়াৰ ব্যৱস্থা কৰিব লাগে৷