Logo
image

বিজুলী ক’ত? বান-বৰষুণৰ মাজতে প্ৰশ্ন গুৱাহাটীবাসীৰ

আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, : সামান্য এজাক বৰষুণতে সোমবাৰৰ পৰা এক প্ৰকাৰে জলবন্দী হৈ আছে গুৱাহাটী৷ ৰাজপথত ঘণ্টাৰ পাছত ঘণ্টা ধৰি পথচাৰীয়ে ভুগিছে দুৰ্ভোগ, যমৰ যন্ত্ৰণা৷ সৰ্বত্ৰ নাজল-নাথল অৱস্থা৷ যান-বাহন, সা-সম্পত্তিৰ হৈছে প্ৰভূত ক্ষতি৷ বিজুলী ক’ত? বান-বৰষুণৰ মাজতে বামুণীমৈদাম, চানমাৰি, ভঙাগড়, শিলপুখুৰী, আমবাৰী, জু-ৰোড, গান্ধীবস্তি, গণেশগুৰি, বেলতলা, হাতীগাঁও, সিজুবাৰী, লখৰা, গড়চুক, যোৰাবাট, ফটাশিল আমবাৰী, মালিগাঁওকে ধৰি গুৱাহাটী মহানগৰীৰ কি পথ, উপ-পথ সৰ্বত্ৰ কেৱল পানী আৰু পানী৷ এফালে, কৃত্ৰিম বান আনফালে, ফ্লেট-আৱাসিক এলেকাত এটুপি খোৱা পানীৰ বাবে হাহাকাৰ৷ এক কথাত ক’বলৈ গ’লে ভয়াৱহ কৃত্ৰিম বানত বিপৰ্যস্ত হৈ পৰিছে স্বাভাৱিক জীৱন-যাত্ৰা৷ মাজনিশালৈকে বাটে-ঘাটে আৱদ্ধ ঘৰমুৱা লোকৰ হা-হুমুনিয়াহ৷ মহানগৰবাসীৰ এই দুখৰ দিনত ৰহস্যজনকভাৱে অদৃশ্য হৈ আছে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি৷ অথচ দুমাহ আগলৈকে বিজুলী কলিতা মেধিৰ হৈ ভোট বিচাৰিবলৈ গুৱাহাটীত উবুৰি খাই পৰিছিল প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীকে ধৰি বিজেপিৰ ইজনৰ পাছত সিজন হাইপ্ৰ’ফাইল নেতা-কৰ্মী৷ কাৰ্যতঃ গুৱাহাটীৰ যিসমূহ অঞ্চলত এতিয়া কৃত্ৰিম বানৰ তাণ্ডৱ চলিছে সেই অঞ্চলৰ ৰাইজৰ সিংহভাগ ভোট লাভ কৰি লোকসভাৰ নিৰ্বাচনত বিপুল ভোটত বিজয়ী হৈ দিল্লী পালেগৈ বিজুলী কলিতা মেধি৷ লক্ষণীয় যে দিল্লীত সাংসদ হিচাপে শপতগ্ৰহণ কৰিয়েই অসমৰ বানৰ তুলনাত বিহাৰৰ বান সমস্যা অধিক ভয়াৱহ বুলি বিতৰ্কিত ব্যাখ্যা আগবঢ়োৱা গুৱাহাটীৰ সাংসদগৰাকী এতিয়া গুৱাহাটীবাসীৰ দুৰ্ভোগৰ সন্দৰ্ভত ক’ত বুলি প্ৰশ্ন উঠিছে৷ সোমবাৰে সাংসদগৰাকীয়ে অসমৰ আন বিজেপিৰ সাংসদৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছিল যদিও গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সন্দৰ্ভত সুযোগ পায়ো টু শব্দ এটাও নক’লে বুলি অভিযোগ উঠিছে৷ সাক্ষাতৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নমস্কাৰ জনোৱাৰ ফটো সামাজিক মাধ্যমত দি ৰাজনৈতিক টিআৰপি অৰ্জনৰ চেষ্টা কৰা গুৱাহাটীৰ সাংসদগৰাকীয়ে সোমবাৰে পুৱতি নিশালৈকে গুৱাহাটীবাসীয়ে কৃত্ৰিম বান, যান-জঁটত সন্মুখীন হোৱা দুৰ্ভোগৰ বিষয়ে জানিও নজনাৰ ভাও জুৰিলে৷ দুখৰ পৰত ৰাইজৰ কাষত থকাটো বাদেই সামাজিক মাধ্যমত দুখবোধ কৰি সামান্য এটা পোষ্টও নকৰিলে৷ এই সন্দৰ্ভত সাংসদগৰাকীৰ সৈতে যোগাযোগ কৰা হৈছিল যদিও নতুন দিল্লীত সংসদৰ কাৰ্যসূচীত ব্যস্ত থকাৰ অজুহাতত তেওঁ বক্তব্য প্ৰদানৰ পৰা বিৰত থাকে৷ উল্লেখ্য, সোমবাৰৰ পাছত বুধবাৰে বিয়লি অহা এজাক বৰষুণতে পুনৰ কৃত্ৰিম বানৰ কবলত পৰে গুৱাহাটী মহানগৰী৷ মুষলধাৰ বৰষুণৰ ফলত হাতীগাঁও, গণেশগুৰি, ছাৰ্ভে, ৰুক্মিণীগাঁও, জুৰিপাৰ, আদি অঞ্চলত এক আঠু, একঁকাল পৰ্যন্ত পানী হয়৷ জুৰিপাৰত আবদ্ধসকলক উদ্ধাৰ কৰিবলৈ এছডিআৰএফে আজি পুনৰ যন্ত্ৰচালিত নাও চলাবলগীয়া হয়৷ হাতীগাঁৱত পানীত উটি যায় ছুইফট ডিজায়াৰ গাড়ী৷ সামান্য এজাক বৰষুণৰ ফলত মহানগৰীত সৃষ্টি হোৱা কৃত্ৰিম বান তথা যানজঁটে উদঙাই দিলে বহু কথা৷ মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে ৰাজকোষৰ কোটি কোটি টকাৰ শৰাধ পাতি কোনে কি কাম কৰিলে তাৰো ছবি স্পষ্ট হৈ পৰিল৷