Logo
image

জয় শ্ৰীৰাম ধবনিৰে সীমান্তত ভিৰ বাংলাদেশী শৰণাৰ্থীৰ

ভাৰত-বাংলাদেশ সীমান্ত (আমাৰ অসম) : চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত বিগত কিছুদিন ধৰি চলি থকা আন্দোলনে ভয়ংকৰ ৰূপ লৈছে৷ এটাৰ পিছত আন এটা ভয়ংকৰ ঘটনা সংঘটিত হৈ আহিছে৷ ইয়াৰে সুবিধা লৈ একাংশ বাংলাদেশী লোকে স্থানীয় নিৰ্দিষ্ট কেতবোৰ মানুহৰ ঘৰত লুটপাত কৰাৰ উপৰি অত্যাচাৰ কৰাৰ ঘটনা ঘটিছে৷ শেহতীয়াকৈ বাংলাদেশত অন্তৰ্ৱৰ্তীকালীন এখন চৰকাৰ গঠনৰ পাছতো কিন্তু অত্যাচাৰ সম্পূৰ্ণৰূপে শাম কটা নাই৷ যাৰ ফলত আজিও বাংলাদেশৰ কিছু অঞ্চল সন্ত্ৰাসজৰ্জৰ হৈ আছে৷ জীৱনৰ নিৰাপত্তাহীনতাত ভুগিছে হিন্দু বাংলাদেশী লোকসকল৷ জীৱনৰ মায়াত সকলো ত্যাগ কৰি বহু পৰিয়াল ভাৰত-বাংলাদেশ সীমান্ত অঞ্চললৈ ঢাপলি মেলিছে৷ বিশেষকৈ পশ্চিম বংগ আৰু বাংলাদেশ সীমান্তৰ বিভিন্ন এলেকাত অত্যাচাৰৰ বলি হোৱা লোকসকল উপস্থিত হৈ ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছে যদিও এতিয়ালৈকে সফল হ’ব পৰা নাই৷ পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ শীতলকুছিৰ পাঠানতুলিত ভাৰতত প্ৰৱেশ কৰাৰ উদ্দেশ্যে ভিৰ কৰিছে বাংলাদেশী নাগৰিকে৷ নদী পথেৰে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছে বাংলাদেশীয়ে৷ এবুকু পানী অতিক্ৰম কৰি হাজাৰ হাজাৰ বাংলাদেশী হিন্দু পৰিয়ালে বাহৰ পাতিছে নদীৰ পাৰত৷ আনকি নদীলৈও নামি গৈছে বহু লোক– কেনেবাকৈ নদী পাৰ হৈ ভাৰতত সোমাব পাৰি নেকি তাৰ উমান ল’বলৈ৷ সীমান্ত সুৰক্ষা বাহিনীয়ে ব্যাপক প্ৰতিৰোধ গঢ়ি তুলিছে আৰু বাংলাদেশীক ভাৰতত প্ৰৱেশত বাধা প্ৰদান কৰিছে৷ এই লোকসকলে বাৰম্বাৰ ‘জয় শ্ৰীৰাম’ ধবনি দিয়া পৰিলক্ষিত হৈছে৷ কমেও ১০-১২ হাজাৰ বাংলাদেশী নাগৰিকে ভিৰ কৰিছে সীমান্তৰ শীতলকুছি এলেকাত৷  অৱশ্যে বিএছএফৰ উচ্ছপদস্থ বিষয়াই এহাজাৰমান বাংলাদেশী সমৱেত হোৱা বুলি কৈছে৷





বাংলাদেশৰ নিৰ্যাতিতৰ পক্ষত থিয় দিয়ক: আৰএছএছৰ শীৰ্ষ নেতা দত্তাত্ৰেয়

‘আমাৰ অসম’ৰ সৰুক্ষেত্ৰীৰ প্ৰতিবেদক : বিগত কেইদিনমানৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ক্ষমতা পৰিৱৰ্তনৰ গইনা লৈ আৰম্ভ হোৱা আন্দোলনৰ সময়ত বাংলাদেশত দীৰ্ঘদিন ধৰি বসবাস কৰা হিন্দু, বৌদ্ধ আৰু অন্যান্য সংখ্যালঘু জনগোষ্ঠীৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক ঘটনাক লৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই গভীৰ উদ্বেগ প্ৰকাশ কৰে৷ শেহতীয়াভাৱে বাংলাদেশত সংঘটিত ঘটনা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰকাৰ্যবাহ দত্তাত্ৰেয় হোসৱালে কয় যে, বাংলাদেশত হিন্দু আৰু অন্যান্য সংখ্যালঘু জনগোষ্ঠীক লক্ষ্য কৰি হত্যা, লুণ্ঠন, অগ্নিসংযোগ, নাৰীৰ বিৰুদ্ধে জঘন্য অপৰাধ আৰু মন্দিৰৰ দৰে পূজাস্থলীত আক্ৰমণৰ দৰে বৰ্বৰতা অসহনীয়৷ সংৰক্ষণ সম্বন্ধীয় আন্দোলনৰ গইনা লৈ আন্দোলনকাৰীয়ে সংঘটিত কৰা উক্ত ঘৃণনীয় কাৰ্যক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই তীব্ৰ গৰিহণা দিয়ে৷ বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰে শীঘ্ৰে কঠোৰভাৱে এনেধৰণৰ ঘটনা বন্ধ কৰি নিহত সকলৰ জীৱন, সম্পত্তি আৰু সন্মান ৰক্ষাৰ বাবে উপযুক্ত ব্যৱস্থা কৰিব বুলি সংঘই আশা প্ৰকাশ কৰে৷ এই গুৰুতৰ সংকটৰ সময়ত বাংলাদেশত নিৰ্যাতনৰ বলি হোৱা হিন্দু, বৌদ্ধ আদি জনগোষ্ঠীৰ সৈতে বিশ্ব সমাজৰ লগতে ভাৰতৰ সকলো ৰাজনৈতিক দলকো একত্ৰিত হৈ থিয় দিবলৈ অনুৰোধ জনাইছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰকাৰ্যবাহ দত্তাত্ৰেয় হোসৱালে৷ 

বাংলাদেশৰ সৈতে ব্যৱসায় বন্ধ ঘোষণা কৰিমগঞ্জৰ ব্যৱসায়ীৰ

‘আমাৰ অসম’ৰ কৰিমগঞ্জৰ প্ৰতিবেদক : বাংলাদেশৰ বৰ্তমান পৰিস্থিতিক লৈ উদ্বিগ্ন কৰিমগঞ্জ জিলাৰ আমদানি-ৰপ্তানি ব্যৱসায়ীসকল৷ গণ অভু্যত্থানৰ ফলত সৃষ্টি হোৱা সিংহাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কৰিমগঞ্জ জিলাৰ আমদানি-ৰপ্তানিকাৰক ব্যৱসায়ীসকলৰ সমম্বয়ৰক্ষী সমিতিয়ে এই ঘোষণা কৰে৷ এক সংবাদমেলৰ জৰিয়তে আমদানি-১৫ানিকাৰক ব্যৱসায়ীসকলৰ সমম্বয়ৰক্ষী সমিতিৰ হৈ শিৱাজী চৌধুৰী আৰু ইমদাদুল হক চৌধুৰী কয় যে দেশখনৰ পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে তেওঁলোকে বাংলাদেশৰ সৈতে কোনোধৰণৰ ব্যৱসায়ীক সম্পৰ্ক নাৰাখে৷ বাংলাদেশৰ সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত হোৱা নিৰ্যাতন বন্ধ কৰাৰো দাবী জনায় সমিতিয়ে৷ দেশৰ আইন-শৃংখলা পৰিস্থিতি স্বাভাৱিক নোহোৱা পৰ্যন্ত তেওঁলোকে ভাৰতৰ পৰা কোনো ধৰণৰ সামগ্ৰী বাংলাদেশলৈ প্ৰেৰণ নকৰে বুলি আমদানি-১৫ানিকাৰক ব্যৱসায়ীসকলৰ সমম্বয়ৰক্ষী সমিতিয়ে প্ৰকাশ কৰে৷ সংবাদমেলত উপস্থিত আছিল আবু চালেহ ফকৰউদ্দিন, অজয় কুমাৰ দেবী, আব্দুল হাফিজ চৌধুৰী, সত্যৰঞ্জন দে আদি৷

বাংলাদেশত হিন্দু নিৰ্যাতন!
বৰপেটাৰোডত প্ৰতিবাদ ‘আমাৰ অসম’ৰ বৰপেটাৰোডৰ প্ৰতিবেদক : বাংলাদেশত হিন্দুৰ ওপৰত হোৱা নিৰ্যাতন আৰু ইছলাম ধৰ্মীয় লোকৰ কৰ্ম-কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰে হিন্দু সুৰক্ষা সেনা, অসমে৷ হিন্দু সুৰক্ষা সেনাৰ উদ্যোগত বৰপেটৰোডৰ দুৰ্গাবাৰী-কালিবাৰীৰোডত বাংলাদেশৰ হিন্দুসকলৰ ওপৰত চলা নিৰ্যাতন, হিন্দু দেৱ-দেৱী, মঠ-মন্দিৰত চলা আক্ৰমণৰ বিৰুদ্ধে আজি প্ৰতিবাদী সমদলো উলিয়ায়৷ হিন্দু সুৰক্ষা সেনাৰ সদস্যসকলে বাংলাদেশত হিন্দুসকলক সুৰক্ষা প্ৰদান কৰক, বাংলাদেশত হিন্দু নিৰ্যাতন বন্ধ কৰক, বাংলাদেশত থকা ইছলামিক জেহাদী মৌলবাদীৰ ঘাটিত ভাৰতীয় বায়ুসেনাই বোমা বৰ্ষণ কৰক, বাংলাদেশত ভাৰতে সামৰিক হস্তক্ষেপ কৰক, বাংলাদেশক ভাগ কৰি হিন্দু আৰু বৌদ্ধধৰ্মী লোকৰ বাবে পৃথক ৰাষ্ট্ৰ গঠনৰ কৰক আদি শ্লোগান দিয়ে৷  কাৰ্যসুচীত হিন্দু সুৰক্ষা সেনাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক কাঞ্চন নাথ, প্ৰচাৰ সম্পাদক বিকাশ কুমাৰ শৰ্মা, জিলা সম্পাদক ভাস্কৰ শৰ্মা, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক কন্দৰ্প তালুকদাৰসহ শতাধিক সদস্য উপস্থিত থাকে৷

বাংলাদেশত হিন্দু নিৰ্যাতনৰ প্ৰতিবাদ চামগুৰিতো

‘আমাৰ অসম’ৰ চামগুৰিৰ প্ৰতিবেদক : বাংলাদেশত হিন্দু নাগৰিকক নিৰ্যাতন চলোৱা বুলি একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত নগাঁও জিলাৰ চামগুৰিৰ আমনিত সনাতনী হিন্দু সমাজে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ বাংলাদেশত হিন্দু নাগৰিকক নিৰ্যাতন চলোৱাৰ প্ৰতিবাদস্বৰূপে  সনাতনী হিন্দু সমাজৰ একাংশ লোকে বাংলাদেশৰ ৰাষ্ট্ৰপতি আৰু সেনাপ্ৰধানৰ পুত্তলিকা দাহ কৰে৷ প্ৰতিবাদকাৰীসকলে জয় ‘শ্ৰীৰাম’ ধবনি দি পৰিৱেশ উত্তাল কৰাৰ লগতে বাংলাদেশত হিন্দু নাগৰিকক নিৰ্যাতন চলোৱাৰ পিছতো বাঁওপন্থীসকল বৰ্তমান নিমাত হৈ আছে বুলি অভিযোগ কৰে৷  বাংলাদেশৰ প্ৰতিবাদ এতিয়া ছাত্ৰ সংগঠনৰ প্ৰতিবাদ হৈ থকা নাই বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে৷ আনহাতে প্ৰতিবাদস্থলীত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াসহ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷

বাংলাদেশত হিন্দুৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বিশ্ব হিন্দু পৰিষদৰ দাবী
‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক : বাংলাদেশৰ শেহতীয়া ঘটনাৱলীৰ আলম লৈ তাত থকা সংখ্যালঘু হিন্দু লোকসকলৰ উপাসনাথলী ধবংস কৰাকে ধৰি হিন্দু লোকক হত্যা, সা-সম্পত্তি ধবংস কৰা কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূব প্ৰান্তই৷ শুকুৰবাৰে গুৱাহাটীৰ লাচিত নগৰস্থিত পাঞ্চ্যজন্য ভৱনত আয়োজিত এক সংবাদ মেলত ভাগ লৈ প্ৰান্তৰ সম্পাদক ব্ৰজজ্যোতি শৰ্মাই কয় চুবুৰীয়া দেশ বাংলাদেশ হিংসা আৰু অৰাজকতাৰ দ্বাৰা গ্ৰাসিত হৈছে৷ নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰ পদত্যাগ তথা দেশত্যাগৰ পিচত অৰাজকতাই দেশব্যাপী প্ৰভাব বিস্তাৰ কৰিছে আৰু আইন ব্যৱস্থাৰ সম্পূৰ্ণ অবনতি ঘটিছে৷ এই অৰাজক অৱস্থাৰ সুযোগ গ্ৰহণ কৰি বাংলাদেশৰ জেহাদী শক্তিসমূহে হিন্দু সমাজৰ ওপৰত ব্যাপক হাৰত নিপীড়ন আৰম্ভ কৰিছে৷ যোৱা কেইদিনত হিন্দুৰ ধাৰ্মিক স্থান, ব্যৱসায়িক প্ৰতিষ্ঠান, বাসস্থান আদিৰ ক্ষতিসাধন কৰা হৈছে৷ দুষ্কৃতিকাৰীৰ কবলৰ পৰা আনকি শ্মশানো বাচি যোৱা নাই৷ মন্দিৰসমূহৰ ব্যাপক ক্ষতিসাধন কৰা হৈছে৷  এনেবোৰ সাম্প্ৰদায়িক হিংসাৰ বাবেই দেশ বিভাজনৰ সময়ত বাংলাদেশত থকা ৩২ শতাংশ হিন্দুৰ সংখ্যা কমি গৈ এতিয়া ৮ শতাংশতকৈও কম হৈছেগৈ৷ আজি বাংলাদেশত হিন্দু সকলৰ ঘৰ, দোকান, ব্যৱসায়ীক প্ৰতিষ্ঠান মহিলা, শিশুকে ধৰি ধৰ্মীয় স্থান একোৱেই সুৰক্ষিত নহয়৷ তাত সংখ্যালঘুসকলৰ সুৰক্ষা তথা মানৱাধিকাৰ ৰক্ষাৰ দায়িত্ব বিশ্ব সম্প্ৰদায়ৰ তথা সমগ্ৰ বিশ্ব সম্প্ৰদায়ে ইয়াৰ বাবে প্ৰভাবি পদক্ষেপ গ্ৰহণ কৰিব লাগে৷ এনে পৰিস্থিতিত ভাৰতবৰ্ষই নিশ্চিতভাৱে চকুমুদি থাকিব নোৱাৰে৷ বিশ্ব হিন্দু পৰিষদে বাংলাদেশৰ অল্পসংখ্যক সকলৰ সুৰক্ষাৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ ভাৰত চৰকাৰৰ প্ৰতি আমি আহ৩ান জনায়৷ প্ৰতিকুল পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি জেহাদীসকলে সীমান্ত অতিক্ৰমণৰ বৃহৎ প্ৰচেষ্টা কৰিব পাৰে ইয়াৰ প্ৰতি সতৰ্ক হোৱাৰ প্ৰয়োজনীয়তা আছে৷ সেয়েহে আমাৰ সুৰক্ষা বাহিনীসমূহ সীমান্তত অধিক সতৰ্ক হোৱাৰ প্ৰয়োজন, যাতে কোনোধৰণৰ সীমা উলংঘন সংঘটিত হ’ ব নোৱাৰে৷ আমাৰ বিশ্ব হিন্দু পৰিষদে আশা কৰো বাংলাদেশত অতি শীঘ্ৰে লোকতন্ত্ৰ তথা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ পুনৰ প্ৰতিষ্ঠা হওক৷ সংবাদ মেলত পৰিষদৰ ক্ষেত্ৰ সংগঠন মন্ত্ৰী ড॰ দীনেশ তিৱাৰীকে ধৰি কেইবাজনো কৰ্মকৰ্তা উপস্থিত থাকে৷
 
বাংলাদেশৰ হিন্দুৰ সুৰক্ষাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ পত্ৰ মুছলিম প্ৰগতিশীল জাগৰণ ঐক্যমঞ্চৰ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ : বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিত দেশখনৰ হিন্দু লোকসকলক ঠাই বিশেষত আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি প্ৰচাৰিত খবৰত গভীৰ উদ্বেগ প্ৰকাশ কৰি বাংলাদেশত বসবাস কৰা প্ৰতিগৰাকী হিন্দুৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ভাৰত চৰকাৰক আহ৩ান জনাইছে মুছলিম প্ৰগতিশীল জাগৰণ ঐক্যমঞ্চই৷ এই সন্দৰ্ভত আজি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ শোণিতপুৰৰ জিলা আয়ুক্তৰ জৰিয়তে সংগঠনটোৱে প্ৰেৰণ কৰা এক স্মাৰক-পত্ৰত কয় যে বাংলাদেশৰ হিন্দুসকলৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে জনোৱা তাৎক্ষণিক সঁহাৰি অতিশয় আদৰণীয়৷ মুছলিম প্ৰগতিশীল জাগৰণ ঐক্যমঞ্চই বাংলাদেশৰ হিন্দুসকলৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে দাবী জনায়৷ সংগঠনটোৰ সভাপতি ৰছিদ মোল্লা স্বাক্ষৰিত স্মাৰক-পত্ৰত এই সন্দৰ্ভত বাংলাদেশৰ সেনা বাহিনীৰ জেনেৰেলৰ সৈতে পোনপটীয়া বাৰ্তালাপৰ প্ৰয়োজনীয়তাকো দোহাঁৰে৷ তেওঁ কয় যে এনে পৰিস্থিতি বাংলাদেশত পূৰ্বেও উদ্ভৱ হৈছিল আৰু তেতিয়া দেশখনৰ সেনা বাহিনীৰ জেনেৰেলৰ সৈতে প্ৰত্যক্ষ আলোচনা কৰি হিন্দুসকলৰ সুৰক্ষা নিশ্চিত কৰা হৈছিল৷ প্ৰয়োজনত কিছু কঠোৰ সৰ্তকবাণী শুনাই হ’লেও বাংলাদেশৰ হিন্দুসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ভাৰত চৰকাৰক দাবী জনায়৷

বাংলাদেশত হিন্দুৰ সংখ্যা ৩২ পৰা 8 শতাংশলৈ নামিল : বিশ্ব হিন্দু
‘আমাৰ অসম’ৰ শিলচৰৰ প্ৰতিনিধি : বাংলাদেশত হিন্দুৰ ওপৰত চলি থকা অত্যাচাৰক লৈ চিন্তিত বিশ্ব হিন্দু পৰিষদ৷ এই কথা লক্ষ্য কৰি পৰিষদে ভাৰত চৰকাৰক বাংলাদেশত থকা হিন্দুসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ৩ান জনায়৷ শিলচৰত বিশ্ব হিন্দু পৰিষদৰ দক্ষিণ প্ৰান্তৰ বিষয়াসকলে এখন সংবাদমেলত চৰকাৰক আহ৩ান জনায় যে বাংলাদেশ বৰ্তমান হিংসাত্মক পৰিস্থিতিত জুৰুলা হৈ পৰিছে৷  নিৰ্বাচিত প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰি দেশ এৰি যোৱাৰ পিছত নৈৰাজ্যবাদীসকলে আধিপত্য বিস্তাৰ কৰি আইন-শৃংখলা সম্পূৰ্ণ অকাৰ্যকৰী কৰি তুলিলে৷ এই বিশৃংখল পৰিস্থিতিত তাত থকা উগ্ৰপন্থীসকলে হিন্দু সমাজৰ ওপৰত ব্যাপক অত্যাচাৰ আৰম্ভ কৰিছে৷  সংগঠনটোৰ দক্ষিণ-পূব প্ৰান্তৰ সভাপতি শান্তনু নায়কে কয় যে বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা হিংসা নতুন নহয়৷ বিভিন্ন সময়ত এনে ঘটনাৰ ফলস্বৰূপে বাংলাদেশত হিন্দুৰ সংখ্যা ক্ৰমান্বয়ে কমি আহিছে৷ বিভাজনৰ সময়ত বাংলাদেশত হিন্দু আছিল ৩২ শতাংশ, এতিয়া ৮ শতাংশতকৈও কমলৈ নামি আহিছে৷  বাংলাদেশৰ কমসংখ্যক হিন্দুও তাত থাকিব নোৱাৰিব যদিহে বৰ্তমান চলি থকা কাৰ্যকলাপ ৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে৷ তেওঁ কয় যে এনে পৰিস্থিতিত বাংলাদেশৰ সংখ্যালঘুসকলৰ সুৰক্ষা আৰু মানৱ অধিকাৰৰ বাবে ফলপ্ৰসূ পদক্ষেপ লোৱাটো ভাৰত চৰকাৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় সমাজৰ দায়িত্ব৷ পৰিস্থিতিৰ সুযোগ লৈ সীমান্তৰ সিপাৰৰ পৰা বৃহৎ পৰিসৰৰ অনুপ্ৰৱেশৰ চেষ্টা কৰিব পাৰে বুলিও তেওঁ আশংকা প্ৰকাশ কৰে৷ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ নিৰাপত্তা বাহিনীয়ে সীমান্তত কঠোৰ সতৰ্কতা অৱলম্বন কৰিব লাগে৷ সংগঠনটোৰ আন এজন নেতা পূৰ্ণচন্দ্ৰ মণ্ডলে কয় যে প্ৰয়োজন হ’লে বাংলাদেশত নিৰ্যাতনৰ বলি হোৱা সংখ্যালঘুসকলক এই দেশলৈ আনি আশ্ৰয় দিয়া উচিত৷ ইয়াৰ বাবে নাগৰিকত্ব সংশোধনী আইনৰ অধিক সংশোধনীৰো প্ৰয়োজন হ’ব৷ বাংলাদেশ ৰাষ্ট্ৰীয় হিন্দু মহাজোঁটৰ সাধাৰণ সম্পাদক গোবিন্দ প্ৰামাণিকৰ ভাইৰেল ভিডিঅ’ সন্দৰ্ভত তেওঁ কয় যে, তেওঁ এজন বিএনপিৰ মানুহ৷  নিৰ্বাচনত শ্বেখ হাছিনাৰ বিৰুদ্ধেও যুঁজিছিল৷  এইবাৰ এই ভিডিঅ’ ভাইৰেল হ’ল যে হিন্দুসকলক ব্যক্তিগত স্বাৰ্থৰ বাবে আক্ৰমণ কৰা হোৱা নাই৷ মণ্ডলে গোবিন্দ প্ৰমাণিকৰ বিষয়েও কয়, তেওঁ এসময়ত বিশ্ব হিন্দু পৰিষদৰ বাংলাদেশ শাখাৰ সভাপতি আছিল৷  কিন্তু এটা সময়ত তেওঁক সংগঠনৰ পৰা বহিষ্কাৰ কৰা হৈছিল৷