Logo
image

আমেৰিকাত ৫ লক্ষাধিক ভাৰতীয়ই নাগৰিকত্ব লাভৰ পথ প্ৰশস্ত

মাৰ্কিন হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছত বিধেয়ক গৃহীত


'আমাৰ অসম' ২০ মাৰ্চঃ আমেৰিকাত থকা ভাৰতীয়সকলক সুখবৰ দিছে বাইডেন চৰকাৰে৷ আমেৰিকাত আগৰে পৰাই অবৈধভাৱে বাস কৰি অহা প্ৰবাসী লোকক নাগৰিকত্ব প্ৰদানৰ বাবে বাইডেন চৰকাৰে প্ৰস্তুত কৰা এখন বিধেয়ক মাৰ্কিন সংসদৰ নিম্ন সদন অৰ্থাৎ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছত গৃহীত হৈছে৷ ‘আমেৰিকান ড্ৰীম এণ্ড প্ৰমিছ এক্ট’ নামৰ এই বিধেয়কখন আমেৰিকাৰ নিম্ন সদনত গৃহীত হোৱাৰ পাছতে দেশখনত আগৰে পৰা অবৈধভাৱে থকা ৫ লাখৰো অধিক ভাৰতীয়ই নাগৰিকত্ব লাভৰ পথ প্ৰশস্ত হৈছে৷ বুধবাৰে হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছত ২২৮-১৯৭টা ভোটত এই বিধেয়ক গৃহীত হয় আৰু ইয়াক ছিনেটৰ বিচাৰ-বিবেচনাৰ বাবে প্ৰেৰণ কৰা হৈছে৷ ছিনেটত এই বিধেয়ক গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতি বাইডেনে ইয়াত স্বাক্ষৰ কৰাৰ লগে লগে আইনলৈ ৰূপান্তৰিত হ’ব৷ এই আইন গৃহীত হোৱাৰ পাছতে আমেৰিকাৰ আইনী নিৰীক্ষণৰ অধীনত থকা বিদেশী লোকেও নাগৰিকত্ব লাভ কৰিব৷ লগতে নিজ দেশলৈ ঘূৰি যাবলৈ কোৱা লোকেও আমেৰিকাৰ নাগৰিকত্ব লাভৰ সুযোগ পাব৷ এই আইনৰ জৰিয়তে পাঁচ লাখ ভাৰতীয়ৰ সৈতে মুঠ ১.১ কোটি অবৈধ বিদেশী লোকে নাগৰিকত্ব লাভ কৰিব৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনে এই বিধেয়কক প্ৰশংসা কৰি কয় যে ইয়াৰ দ্বাৰা আমেৰিকা অধিক সমৃদ্ধ হ’ব৷ এই বিধেয়কৰ দ্বাৰা ‘ড্ৰীমাৰ্ছ’ হিচাপে সেইসকলক উল্লেখ কৰা হৈছে, যিসকলে পিতৃ-মাতৃৰ সৈতে  শিশু অৱস্থাতে আমেৰিকালৈ আহি বাস কৰিছে৷ এতিয়া তেওঁলোককো নাগৰিকত্ব দিব বাইডেন চৰকাৰে৷