Logo
image

ফিল্ডত তলা, খেলিবলৈ ঠাই নাই কণমানিহঁতৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১১ আগষ্ট : ৰাষ্ট্ৰীয়  তথা আন্তঃৰাষ্ট্ৰীয় পদক বিজয়ী খেলুৱৈক চৰকাৰে আৰ্থিক সাহায্য আৰু আৰক্ষীৰ চাকৰিৰে উৎসাহিত কৰি অহাৰ সময়তে খোদ গুৱাহাটী মহানগৰীতে চৰকাৰী পৃষ্ঠপোষকতাতে ক্ৰীড়া প্ৰতিভাসমূহক যেন কলিতে নিঃশেষ কৰি পেলোৱা হৈছে৷ আপুনি শুনিলে আঁচৰিত যেন লাগিলেও গুৱাহাটী মহানগৰীত এখনৰ পাছত এখন অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে যদিও বাস্তৱত কণ কণ শিশুহঁতে খেলা-ধূলা কৰাৰ বাবে গুৱাহাটীত নাই এখনো মুকলি খেলপথাৰ৷ গুৱাহাটী মহানগৰীত যিকেইখন খেলপথাৰ আছে সেইকেইখনৰ গেটত মস্ত তলা৷ কিয়নো কোনোবাখন যদি চৰকাৰে নিজৰ কামত বন্ধ কৰি থৈছে, আন কোনোখন আকৌ কোনো কোনো ক্ৰীড়া একাডেমিক গতাই থোৱা আছে৷ যাৰ বাবে আজিৰ তাৰিখত জ্যেষ্ঠ ব্যক্তিৰ কথা বাবেই কণমানিহঁতেও ধন নিদিয়াকৈ মুকলি মনেৰে খেলা-ধূলা কৰাৰ বাবে এখনো ৰাজহুৱা খেলপথাৰ নাই৷ গুৱাহাটীত এতিয়া সৰুসজাই ষ্টেডিয়ামত খোজকাঢ়িব বিচাৰিলেও কৰ্তৃপক্ষক বুজন পৰিমাণৰ মাচুল দি পঞ্জীয়ন কৰিব লাগে৷


ইফালে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰখন পূৰ্বে সকলোৰে বাবে মুকলি কৰি আছিল যদিও এতিয়া হেলিপেড নিৰ্মাণ কৰি মুখ্যমন্ত্ৰীৰ চৰকাৰী হেলিকপ্টাৰ ৰখাই বছৰৰ ৩৬৫ দিনেই সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ হৈ পৰিল৷ গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ ধনেৰে মেৰামতি কৰা জজ খেলপথাৰখনো সম্প্ৰতি টাউন ক্লাবৰ দখলত৷ দিছপুৰৰ জনতা ভৱনৰ সমীপৰ খেলপথাৰখনো ক্ৰিকেট একাডেমিৰ দখলত আছে৷ চানমাৰি খেলপথাৰত বিভিন্ন মেলা প্ৰদৰ্শনী অনুষ্ঠিত কৰাত ল’ৰা-ছোৱালীৰ খেলাৰ বাবে স্থানেই নাথাকে৷ আনহাতে মহানগৰীত আন যিকেইখন সৰু সৰু ষ্টেডিয়াম আছে বিভিন্ন ক্ৰীড়া একাডেমিত পঞ্জীয়ন কৰিহে প্ৰশিক্ষণ ল’ব পাৰে৷ যাৰ পৰিপ্ৰেক্ষিতত খেলা-ধূলাৰ ইচ্ছা থাকিলেও খেলপথাৰ নোহোৱাত কংক্ৰিটৰ গুৱাহাটীৰ শিশুসকল এতিয়া টিভি আৰু মোবাইলতে ব্যস্ত হৈ পৰিবলগীয়া হৈছে৷ খেলা-ধূলাৰ বাবে খেপথাৰসমূহ মুকলি কৰি নিদিয়াত বহু প্ৰতিভা বিকাশ নোহোৱাকৈ মৰহি যোৱাৰ অভিযোগ উঠিছে৷ ইফালে মহানগৰীৰ মাজ-মজিয়া শিলপুখুৰী অঞ্চলত যি এখন সৰু খেলপথাৰ আছে সেয়াও এতিয়া বেদখলকাৰীৰ কবলত৷ শিলপুখুৰী ৰাজহুৱা খেপথাৰ বেদখল কৰি একাংশই বেপাৰ চলোৱা কাৰ্যৰ বিৰুদ্ধে দেওবাৰে ৰাজপথালৈ ওলাই আহে কণ কণ শিশুৰ লগতে জ্যেষ্ঠ নাগৰিকো৷ ৰাইজৰ অভিযোগ শিলপুখুৰীত অঞ্চলৰ একমাত্ৰ ৰাজহুৱা খেলপথাৰখন ধবংস কৰি শিৱ মন্দিৰ স্থাপন কৰাৰ লগতে বিভিন্ন অনুষ্ঠান পাতি অহাই নহয় শিৱমন্দিৰ আৰু কালী মন্দিৰ কমিটীয়ে বিবাহ ভৱন আৰু পাৰ্কিং কেন্দ্ৰ নিৰ্মাণ কৰিছে৷ যাৰ প্ৰতিবাদস্বৰূপ শিলপুখুৰী খেলপথাৰত দেওবাৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে স্থানীয় লোকসকলে৷ এই সভাতে শিশুসকলে প্লে’ কাৰ্ড লৈ ‘আমাক খেলপথাৰ ঘূৰাই দিয়ক’ শ্লোলগানেৰে আকাশ-বতাহ উত্তাল কৰি তুলে৷ আনকি ৰাজহুৱা সভাৰ এটা প্ৰতিনিধি দলে খেলপথাৰখন বেদখলমুক্ত কৰি শিশুহঁতত খেলাৰ বাবে ঘূৰাই দিয়া দাবীত জিলা আয়ুক্তক স্মাৰক পত্ৰও প্ৰদান কৰে৷