Logo
image

ৰাইজ আজি ভাৱৰীয়া দেশেই নাটঘৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ আগষ্ট : অসম বিধানসভাৰ চলিত শৰৎকালীন অধিৱেশনৰ দ্বিতীয়টো দিন মঙলবাৰে ‘মিঞা’ৰ প্ৰসংগক লৈ উত্তপ্ত হৈ পৰে সদন৷ বিৰোধীয়ে সৃষ্টি কৰা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিধানসভাৰ অধ্যক্ষই ১০ মিনিট সদন স্থগিত ৰাখিবলগীয়া হয়৷ আনকি বিধানসভাত মুখ্যমন্ত্ৰীৰ বক্তব্য ৰখাত বাধা প্ৰদান কৰা বাবে বিধায়ক অখিল গগৈক ৪০ মিনিটৰ বাবে আৰু বিধায়ক ছেৰমান আলীক ১০ মিনিটৰ বাবে নিলম্বন কৰা হয়৷ পুৱাৰ ভাগত অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৰাজ্যৰ শেহতীয়া আইন-শৃংখলাজনিত পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ বাবে সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰিছিল৷ চিপিআইএম বিধায়ক মনোৰঞ্জন তালুকদাৰ, ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ আৰু ইউডিএফ বিধায়ক ৰফিকুল ইছলামেও একে প্ৰসংগত সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে৷ কিন্তু বিধানসভাৰ অধ্যক্ষই এই প্ৰস্তাৱ অগ্ৰাহ্য কৰে৷ ইয়াকে লৈ বিৰোধী বিধায়কসকলে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে৷ ফলত কিছু সময়ৰ বাবে অচল হৈ পৰে বিধানসভাৰ কাম-কাজ৷ বাধ্য হৈ বিধানসভাৰ অধ্যক্ষই সদন ১০ মিনিটৰ বাবে স্থগিত ঘোষণা কৰে৷ ইফালে, বিয়লিৰ ভাগত কংগ্ৰেছৰ নিলম্বিত বিধায়ক কমলাক্ষ দে পুৰকায়স্থই উত্থাপন কৰা অসমৰ জনগাঁথনি সন্দৰ্ভত সংকল্প প্ৰস্তাৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা বক্তব্য ৰখাত বাধা প্ৰদান কৰা বাবে বিধায়ক অখিল গগৈক প্ৰথমে ১০ মিনিট আৰু পৰৱৰ্তী সময়ত আধা ঘণ্টাৰ বাবে নিলম্বন কৰে৷ সংকল্প প্ৰস্তাৱৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী শৰ্মাই কয়– অসমৰ জনগাঁথনি সলনিৰ বিষয়টো অত্যন্ত জটিল অৱস্থালৈ গৈছে৷ পূৰ্বে অসমত মুছলমানৰ জনসংখ্যা আছিল ১১.১২ শতাংশ৷ এতিয়া এই হাৰ ৩৪.৩৫ শতাংশ হৈছে৷ ২০০১-ৰৰ চনলৈ আটাইতকৈ বেছি মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে৷ মুছলমানৰ সংখ্যা বৃদ্ধিৰ হাৰ গোলাঘাটলৈ সম্প্ৰসাৰণ হৈছে৷ নামনি অসমত মুলমানৰ জনসংখ্যাৰ হাৰ ইমান দ্ৰুতগতিত বৃদ্ধি পাইছে যে ই একপ্ৰকাৰ ‘মানৱ দুৰ্যোগ’ হৈছে৷ মুছলমান অধ্যুষিত এলেকাত মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত জন্ম-মৃত্যুৰ হাৰৰ উপৰি অন্যতম কাৰক হৈছে হিন্দু লোকৰ পলায়ন৷


মুখ্যমন্ত্ৰীৰ এনে বক্তব্যৰ মাজতে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীক উদ্দেশ্যি কয়– আপুনি বক্তৃতা বন্ধ কৰিব লাগে৷ ইমান সাম্প্ৰদায়িক কথা আমি নুশুনো৷ মুখ্যমন্ত্ৰী শৰ্মাই লগে লগে কয়– বক্তৃতা কিয় বন্ধ কৰিম৷ অসমত হিন্দু-মুছলমানতকৈ ডাঙৰ জ্বলন্ত সমস্যা একো নাই৷ ইয়াকে লৈ বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ মাজত তীব্ৰ বাকযুদ্ধ হয়৷ ইউডিএফ বিধায়ক আমিনুল ইছলাম, কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰী, কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছেৰমান আলীয়েও মুখ্যমন্ত্ৰীৰ বক্তব্যৰ তীব্ৰ বিৰোধিতা কৰে৷ বিধায়ক অখিল গগৈ অধিক সৰৱ হৈ থকাত অধ্যক্ষই ১০ মিনিটৰ বাবে নিলম্বন কৰে৷ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ বক্তব্যৰ বিৰোধিতা কৰি থকা বাবে ছেৰমান আলীকো ১০ মিনিটৰ বাবে নিলম্বন কৰে৷ ১০ মিনিট উকলি যোৱাৰ পাছত বিধায়ক অখিল গগৈয়ে বিধানসভাৰ মজিয়াত প্ৰৱেশ কৰি ভাষণৰত মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পুনৰ বিৰোধিতা কৰি যায়৷ ইয়াৰ পাছত বিধানসভাৰ অধ্যক্ষই অখিল গগৈক আধাঘণ্টাৰ বাবে পুনৰ নিলম্বন কৰে৷ মুখ্যমন্ত্ৰী শৰ্মাই উক্ত প্ৰসংগত কয়– জনপ্ৰতিনিধিসকলে যদি নিজ নিজ সমষ্টিৰ লোকক ১৮ বছৰৰ তলত ছোৱালীক বিয়া নিদিবলৈ আহ্বান জনায় কোনেও ছোৱালীক বিয়া নিদিব৷ হিন্দু বিধায়কে নিজ সমষ্টিৰ মুছলমানক আৰু মুছলমান বিধায়কে নিজ সমষ্টিৰ হিন্দুসকলক সংৰক্ষণ দিয়াৰ বাবে উদ্যোগ লওক৷

ইফালে বিধানসভা চৌহদত বিধায়ক অখিল গগৈয়ে কয়–হিমন্ত বিশ্ব শৰ্মাৰ শাসনত অসমত দৈনিক চাৰে তিনিগৰাকী মহিলা ধৰ্ষিতা হৈছে৷ মুখ্যমন্ত্ৰী শৰ্মাই ধৃতৰাষ্ট˜ৰ ভূমিকা লৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত মহাভাৰতৰ দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ বেনাৰ হাতত লৈ অভিনৱ প্ৰতিবাদ কৰি৷ তেওঁ কয়– ৰাজ্যত নিতৌ চলিছে দ্ৰৌপদীৰ বস্ত্ৰহৰণ৷ ৰাজ্যত দৈনিক ৩.৫৪ (চাৰে তিনি গৰাকী) নাৰী ধৰ্ষিতা হৈছে৷ ২০১৯ চনত ৩৫৪৪ ধৰ্ষণৰ ঘটনা হৈছে৷ ২০২০ চনত ১০৫৭ টা ধৰ্ষণৰ ঘটনা হৈছে৷ ২০২১ চনত ১৭৩৩ টা ধৰ্ষণৰ ঘটনা হৈছে৷ ২০২২ চনত ২০১৩ টা ধৰ্ষণৰ ঘটনা হৈছে৷ ২০২৩ চনত ১০৩৬ টা ধৰ্ষণৰ ঘটনা  হৈছে৷ ৮ বছৰত মুঠ ১৭,৭০৪ গৰাকী নাৰী ধৰ্ষিতা হৈছে৷ ২১৮২৮ টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল তৰুণ গগৈৰ চৰকাৰৰ দিনত৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ দিনত দৈনিক মহিলা ধৰ্ষিতা হৈছে৷ গোটেই ভাৰত বৰ্ষৰ ভিতৰত অসমৰ নাম এক নম্বৰ হৈছে কিন্তু গোচৰ ৰুজু কৰাটো বন্ধ কৰিছে৷ এই ধৰ্ষণৰ ঘটনাটো ৰাজনীতি কৰিছে৷ ২২ আগষ্টত ধিং ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে৷একে দিনাই ডিফুত সংঘটিত হৈছে ধৰ্ষণৰ ঘটনা৷ ২৪ আগষ্ট হোজাই ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে৷ ইফালে, বিধায়ক অখিল গগৈক প্ৰত্যাক্ৰমণৰ লক্ষ্য কৰি লয় মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ তেওঁ কয়– অসমত নাৰী নিৰ্যাতনৰ প্ৰায়খিনি ঘটনাৰ আঁৰত এটা ‘বিশেষ সম্প্ৰদায়’ জড়িত থাকে৷  এই বিশেষ সম্প্ৰদায়টোৰ মুখ্য পৃষ্ঠপোষক হৈছে বিধায়ক অখিল গগৈ ৷ এই ‘বিশেষ সম্প্ৰদায়’টোক তেওঁ ‘দুঃশাসন’ বুলি অভিহিত কৰিছে৷ কিন্তু তেওঁলোকৰ মুখ্য পৃষ্ঠপোষক, জ্যেষ্ঠ ভাতৃ ‘দুৰ্যোধন’ হ’ল বিধায়ক অখিল গগৈ নিজেই৷

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ পূৰ্বে আজি পুৱা বিধায়ক অখিল গগৈয়ে এখন ছবি প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী হাজিৰকাই অখিল গগৈক তীব্ৰ কটাক্ষ কৰে৷ মন্ত্ৰীজনে সাংবাদিকৰ আগত কয় যে আজি পুৱা বিধানসভা চৌহদত অখিল গগৈয়ে এখন ছবি প্ৰদৰ্শন কৰিছে৷ তাত মুখ্যমন্ত্ৰীক তেওঁ ধৃতৰাষ্ট্ৰ বুলি কৈছে৷ অখিল গগৈৰ মতে অসমত নাৰীৰ ওপৰত নিৰ্যাতন হৈছে, দুঃশাসনে নিৰ্যাতন চলাইছে আৰু মুখ্যমন্ত্ৰীয়ে নীৰৱ ভূমিকা পালন কৰিছে৷ মন্ত্ৰী পীযুষ হাজৰীকাই পুনৰ কয় যে মই অসমৰ ৰাইজক ক’ব খোজো যে মুখ্যমন্ত্ৰীয়ে নাৰী সুৰক্ষাৰ কাৰণে বহুখিনি কৰিছে৷ মুখ্যমন্ত্ৰীজনে অতি দৃঢ়ভাৱে নাৰীক যিয়ে হাত দিছে, দুৰ্ব্যৱহাৰ কৰিছে, তাক মষিমূৰ কৰিবলৈ অহৰহ প্ৰয়াস চলাইছে৷ আনহাতে, অসমত যিসকলে নাৰীক ধৰ্ষণ কৰে, নাৰীক দুৰ্ব্যৱহাৰ কৰে, নাৰীক সন্মান নকৰে, ইয়াৰ ৯০ শতাংশই ‘এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তি’৷ এই বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলৰ মুখ্য পৃষ্ঠপোষক হ’ল অখিল গগৈ৷ এই দুঃশাসনসকলৰ জ্যেষ্ঠ ভাতৃ ‘দুৰ্যোধন’ হ’ল বিধায়ক অখিল গগৈ৷ গতিকে দুৰ্যোধনকো মষিমূৰ কৰা হ’ব আৰু দুঃশাসনকো মষিমূৰ কৰা হ’ব৷ আমাৰ চৰকাৰ এইক্ষেত্ৰত কোনোদিনেই থমকি নৰয়৷ যিসকল দুঃশাসনে নাৰীক অত্যাচাৰ কৰে, নাৰীক ধৰ্ষণ কৰে- এই দুঃশাসনসকলৰ পৃষ্ঠপোষকতা কৰি আহিছে ককায়েক ৰূপী দুৰ্যোধন বিধায়ক অখিল গগৈয়ে৷ ক’ৰবাত মাটি দখল কৰিবলৈ যদি তেওঁলোক গৈছে, তেতিয়া অখিল গগৈয়ে হুলস্থূল কৰিছে৷ ক’ৰবাত যদি নাৰী ধৰ্ষণ কৰিছে, ডকাইতিত লিপ্ত হৈছে, পুলিচক মাৰিবলৈ গৈ এনকাউণ্টাৰত ডকাইত মৃত্যুমুখত পৰিছে- তাতো অখিল গগৈয়ে গৈ আৰক্ষীৰ বিৰুদ্ধে চিঞৰিছে৷