Logo
image

অসমৰ চাকৰিত থলুৱাৰ বাবে হ’ব ৯০% সংৰক্ষণ : মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ আগষ্ট : অসম চৰকাৰৰ অধীনৰ চাকৰিত থলুৱা অসমীয়াৰ বাবে সংৰক্ষণ হ’ব ৯০ শতাংশ পদ৷ ইয়াৰ বাবে লোৱা হ’ব ড’মিচাইল প্ৰিন্সিপুল অৰ্থাৎ আবাসিক নীতি অসমৰ চাকৰিত থলুৱাৰ বাবে হ’ব লোৱা হ’ব৷ এই বছৰৰ ভিতৰত লোৱা হ’ব আবাসিক নীতি৷ এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই৷ নিবনুৱা সমস্যাক লৈ বিধায়ক অখিল গগৈ, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু আব্দুল বাতিন খণ্ডকাৰৰ সংকল্প প্ৰস্তাৱৰ উত্তৰ দিবলৈ গৈ এই কথাঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷ তেওঁ আৰু কয়– নিবনুৱাৰ সংখ্যাক লৈ ভুল তথ্য ওলাই আছে৷ ৰাজ্যত ১৯ লাখ নিবনুৱাহে আছে৷ কাৰিকৰি বিসংগতিৰ বাবে এই তথ্য ৩২ লাখ বুলি ওলাই আছে৷ অসম চৰকাৰে মে’ মাহৰ ভিতৰত আৰু ৩০-৩৫ হাজাৰ নিযুক্তি দিব৷


চৰকাৰখনৰ এইটো কাৰ্যকালত সম্পূৰ্ণ কৰা হ’ব ২ লাখ নিযুক্তি৷ ইফালে মুছলমান অধ্যুষিত এলেকাত অভাৱনীয় জনসংখ্যা বৃদ্ধি হোৱা বুলি আক্ষেপ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়– ৰাজ্যত বিবাহৰ ক্ষেত্ৰত অনা হ’ব সংশোধন৷ এতিয়াৰ পৰা বিয়া পাতিবলৈ ৬ মাহ পূৰ্বে ল’ব লাগিব অনুমতি৷ এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া বিধানসভাত এই সন্দৰ্ভত নতুন আইন অনা হ’ব৷ বহু বিবাহ সন্দৰ্ভতো অনা হ’ব আইন৷ বহু বিবাহ এটা ডাঙৰ সমস্যা৷ ঘৰত এগৰাকী সুস্থ সবল পত্নী থকা সময়ত স্বামীয়ে আন এগৰাকী পত্নী আনিলে প্ৰথমা পত্নীৰ কেনে লাগিব ভাবি চাবচোন৷