Logo
image

ডক্টৰেট পালেই অসমীয়া পমি যায় ! জুবিনক কটাক্ষ মুখ্যমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ আগষ্ট : মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত পুনৰ ইউ এছ টি এম প্ৰসংগ৷ অৱশ্যে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ইউ এছ টি এমক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰাৰ পৰিৱৰ্তে এইবাৰ জুবিন গাৰ্গকহে কটাক্ষ কৰে৷ ইউ এছ টি এমে জুবিন গাৰ্গক ডি লীট সন্মান প্ৰদান তথা শিল্পীজনে এই সন্মান অতি উৎসাহেৰে সৈতে গ্ৰহণ কৰাৰ বাবে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে শিল্পীজনক সদনৰ মজিয়াত নিজৰ ভাষণৰ মাজতে কটাক্ষ কৰে৷ উল্লেখ্য যে গুৱাহাটীত হোৱা বান ৰোধ কৰাৰ ক্ষেত্ৰত চৰমভাৱে ব্যৰ্থ হোৱাৰ পাছত শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ২০২৬ চনত অহংকাৰ মুক্ত অসম ৰাইজক দিবলৈ চেষ্টা কৰিম৷



অসমৰ মানুহ ৰাজনৈতিকভাৱে যথেষ্ট সক্ৰিয় আৰু সচেতন৷ অসমৰ মানুহে গম পাই গৈছে যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মাত্ৰ নিজৰ চকী বচোৱাৰ স্বাৰ্থতে কংগ্ৰেছত বিভাজন আনিব বিচাৰিছে৷ লোকসভাৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীৰ বহু অপ্ৰচাৰ শুনিলে অসমৰ মানুহে৷ অসমৰ জনসাধাৰণে সকলো কথা বুজি পায়৷ মুখ্যমন্ত্ৰীয়ে আপ্ৰাণ চেষ্টা কৰিলেও অসমৰ মানুহ বিভাজিত নহয়৷ অসমৰ বাস্তব সমস্যা সমাধান কৰিবলৈ কংগ্ৰেছে কাম কৰি মুখ্যমন্ত্ৰীয়ে যিদৰে কথাবোৰ কৈ আছে অসমৰ মানুহে তেনেদৰে কথাবোৰ ভবা নাই৷ অসমীয়া মানুহে একত্ৰিত হৈ থাকিব বিচাৰে৷ মুখ্যমন্ত্ৰীৰ কথাবোৰ কিমান আৰু শুনি থাকিম৷ বিজেপিয়ে পুৰণি কথাবোৰে কৈ আছে৷ একো নতুন কথা কোৱা নাই৷ ২০১৪ চনৰ পৰাই অসমৰ মানুহে এনে কথা শুনি আহিছে৷ বিজেপিক আৰু এনে কথাই লাভ নিদিয়ে৷ ফটা কেছেটৰ দৰে হৈ পৰিছে৷ অসমৰ মানুহৰ ওপৰত এনে কথাৰ কোনো প্ৰভাব নাই৷ আমাৰ চৰকাৰ হ’লে হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ তদন্ত কৰিবলৈ এছ আই টি গঠন হ’ব৷ ইয়াৰ দ্বাৰাও মুখ্যমন্ত্ৰী শংকিত হৈছে৷ সেয়ে অহাবাৰ নিৰ্বাচনত অহংকাৰৰ পতন হ’ব আৰু আমি অহংকাৰ মুক্ত অসম ৰাইজক উপহাৰ দিম৷