Logo
image

২৭ কোটি নহয়, ‘অমৃত বৃক্ষ’ৰ ব্যয় ৪২ কোটি টকা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩০ আগষ্ট : অসমক সেউজ কৰাৰ লক্ষ্যৰে অমৃত বৃক্ষ অভিযানৰ নামত ৰাজ্য চৰকাৰে ৰাজকোষৰ পৰা কিমান টকা ব্যয় কৰিলে, সেয়া জানিলে আপোনাৰ চকু কপালত উঠিব ! অমৃত বৃক্ষ আন্দোলনৰ গছপুলি ৰোপণৰ বাবদ চৰকাৰে ব্যয় কৰা ধনৰ  স্ব-বিৰোধী তথ্যই সন্দেহৰ সৃষ্টি কৰিছে৷ তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে ৰাজ্যৰ বন বিভাগে বিগত বৰ্ষৰ অমৃত বৃক্ষৰ নামত ৰাজকোষৰ পৰা সৰ্বমুঠ ২৭.৫২কোটি টকা ব্যয় কৰা বুলি প্ৰকাশ কৰিছিল৷ কিন্তু অসম বিধানসভাৰ চলিত শৰৎকালীন অধিৱেশনত বন বিভাগে বিগত বৰ্ষৰ অমৃত বৃক্ষ আন্দোলনৰ নামত প্ৰকৃততে ৪২.৩৫কোটি টকা ৰাজকোষৰ পৰা ব্যয় হোৱাৰ তথ্যহে অৱগত কৰিছে৷ স্বাভাৱিকতেই অমৃত বৃক্ষৰ নামত খৰচ কৰা ধনৰ এই বৃহৎ পাৰ্থক্যক লৈ  সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে৷ বিধান সভাত বিধায়ক আছিফ মহম্মদ নাজাৰৰ এটা প্ৰশ্নৰ উত্তৰত বৃহস্পতিবাৰে পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে প্ৰদান কৰা লিখিত উত্তৰ অনুসৰি  বিগত ২০২৩বৰ্ষত ৰোপণ কৰা ৰকোটি গছপুলিৰ ভিতৰত বৰ্তমান ৯০ শতাংশ পুলিয়েই জীয়াই আছে৷ অমৃত বৃক্ষৰ নামত আত্ম সহায়ক গোটৰ মহিলাক নিয়োগ কৰি মুখ্যমন্ত্ৰীয়ে ১০০ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল যদিও বনমন্ত্ৰীয়ে গছপুলি ৰোপণৰ বাবদ কোনো মহিলাকে বৰ্তমানলৈ মাননি দিয়া হোৱা নাই বুলিহে সদৰী কৰে৷ তদুপৰি ২০২৩ বৰ্ষৰ অমৃত বৃক্ষ অভিযানৰ নামত চৰকাৰে সৰ্বমুঠ ৪২,৩৫,৫৫,৯৬৩ টকা ব্যয় কৰা বুলিও সদৰী কৰিছে৷


তদুপৰি এই ধনৰ ৩৫কোটি টকা ৰাজকোষৰ পৰা মুকলি কৰি দিয়াৰ বিপৰীতে বাকী ধনৰাশি বিভিন্ন প্ৰতিষ্ঠানৰ চি এছ আৰ ফাণ্ডৰ পৰা লাভ কৰা বুলি প্ৰকাশ কৰিছে৷ একেটা প্ৰশ্নৰ উত্তৰত বনমন্ত্ৰী পাটোৱাৰীৰে গছপুলি ক্ৰয়ৰ বাবদ ৰাজ্যৰ ৬খন নাৰ্ছাৰীক ২১,৩৮,১৭,০৬৪ কোটি টকা আদায় দিয়াৰ তথ্য উল্লেখ্য কৰিছে৷ ইয়াৰ ভিতৰত ৪৫,০৬,০৮৭ টা গছপুলিৰ বাবদ পূৰণি ডেফ’ডিল নাৰ্ছাৰীক ৭,৪৮,৮৫,৬২৬টকা, ৩১,৯২,০০৪টা গছপুলিৰ বাবদ মেছাৰ্ছ ভৌমিক এণ্টাৰপ্ৰাইজক ১,৬৮,২৮,৫৭২ টকা, ১৬,৩৭,৪৬২ টা গছপুলিৰ বাবদ মেছাৰ্ছ ৰহমান এণ্টাৰপ্ৰাইজক ২,৮৩,৮৯,৪৩১ টকা, ১৪,০৯,৬৩০ টা গছপুলিৰ বাবদ মুনবুল নাৰ্ছাৰীক ২,৬০,২৬,৩৬১ টকা ৯,২৩,৮৫৫টটা গছপুলিৰ বাবদ এভাৰগ্ৰীন এণ্টাৰপ্ৰাইজক ৰ,৬১,৬৪,১৩৯টকা আৰু ৬,৫৩,৪৩৪টা গছপুলিৰ বাবদ মেছাৰ্ছ মধ্য অসম নাছাৰী এণ্ড আগৰউড ইণ্ডাষ্ট্ৰীক ৰ,১৫২২৯৩৪টকা আদায় দিছে৷ লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে ছাত্ৰ মুক্তি সংগ্ৰম সমিতিৰ সাধাৰণ সম্পাদক দেৱব্ৰত শইকীয়াক তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে এমাহ পূৰ্বে বিগত ৪ জুলাইত ৰাজ্যৰ বন বিভাগে বিগত বৰ্ষৰ  অমৃত বৃক্ষ আন্দোলনৰ নামত চৰকাৰে ২৭,৫২,০৬,২৫০ কোটি টকা ব্যয় কৰা বুলি জানিবলৈ দিছিল৷ কিন্তু এমাহৰ ব্যৱধানতে অমৃত বৃক্ষ অভিযানত ব্যয় হোৱা ধন ৪২.৩০ কোটি টকা বুলি চৰকাৰে তথ্য প্ৰদান কৰাক লৈ স্বাভাৱিকতেই ৰহস্যৰ সৃষ্টি হৈছে৷ আৰ টি আইত চৰকাৰে কোনো তথ্য গাপ দিছিল নেকি বুলিও প্ৰশ্ন উঠিছে৷