Logo
image

বিধানসভালৈ যোৱাত ‘অসুস্থ’ অখিলক আৰক্ষীৰ বাধা?

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩১ আগষ্ট : ‘মিঞা’ক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে অসমৰ জনপ্ৰিয় কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে বুধবাৰে ব্যংগাত্মকভাৱে অংকন কৰা এখন কাটুনে বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ সাম্প্ৰতিক অসমত বিভেদৰ বীজ সিঁচা ৰাজনীতিৰ বিৰুদ্ধে কলাত্মক প্ৰতিবাদ আছিল নিতুপৰ্ণ ৰাজবংশীৰ উক্ত কাৰ্টুনখন৷ কিন্তু কাৰ্টুনিষ্টৰ ‘থীম’ নকল কৰি এখন বেনাৰ বনাই এখন বেনাৰ বনাই শুকুৰবাৰে বিধানসভাত প্ৰতিবাদৰ বাবে পৰিকল্পনা কৰিছিল ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে৷ অসুস্থতাৰ বাবে সম্প্ৰতি জি এম চি এইচত চিকিৎসাধীন অখিল গগৈয়ে নিতুপৰ্ণ ৰাজবংশীৰ সংশ্লিষ্ট কাৰ্টুনখনৰ আৰ্হিতে আন এখন কাৰ্টুনক বেনাৰ আকাৰে প্ৰিণ্টিং কৰিছিল৷ য’ত এজন মিঞাৰ পিঠিত উঠি আছিল মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ মুখত সংলাপ দিছিল–‘মিয়া অ’ মিয়া চ্ছ ৰ বৈতৰণী পাৰ কৰি দিয়া৷’’ কিন্তু বিধানসভাত প্ৰতিবাদৰ বাবে বিধায়কজনে উক্ত বেনাৰ ছপা কৰাৰ আগতীয়াকৈ খবৰ লাভ কৰি পুৱাৰে পৰা ব্যস্ত হৈ পৰে গুৱাহাটী আৰক্ষী৷ আৰক্ষীয়ে বেনাৰখন ছপা কৰা মহানগৰীৰ জয়ানগৰৰ মা ভৱানী নামৰ ছপাশালটোত পুৱা ৮ বজাত অভিযান চলাই কৰ্মচাৰীসকলক সোধা-পোছা কৰে৷ আনকি ছপাশালটোৰ মালিকৰ ফোন কাঢ়ি ৰখাৰো অভিযোগ উঠে আৰক্ষীৰ বিৰুদ্ধে৷ অৱশ্যে মুখ্যমন্ত্ৰীক ইতিকিং কৰা এখন বেনাৰ প্ৰস্তুত কৰাৰ অভিযোগত প্ৰেছটোত তালাচী চলোৱাৰ বিষয়ে অৱগত হোৱাৰ পাছতেই বিধায়ক অখিল গগৈয়ে ফেচবুক যোগে কয় এইদৰে–‘অলপ সুস্থ হৈছিলো বাবে আজি বিধানসভালৈ যাবলৈ সাজু হৈছিলো৷



এখন বেনাৰ বনাইছিলো বৰ্তমানৰ পৰিস্থিতিকলৈ৷ পুলিচে প্ৰেছটোকে ঘেৰাও কৰিছে আৰু মোকো জি এম চিৰ পৰা ওলাবলৈ অনুমতি নিদিলে৷’ অখিল গগৈয়ে আৰক্ষীৰ অভিযানৰ কথা ৰাজহুৱা কৰাৰ লগতে ফেচবুক পোষ্টটোৰ জৰিয়তে তেওঁকো হাস্পতালৰ পৰা বিধানসভাত অংশ ল’বলৈ নিদিয়াৰ আৰক্ষী আৰু জি এম চি এইচ কতৃৰ্পক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনে৷ ইয়াৰ পাছতেই পুনৰ অখিল গগৈয়ে গৃহ বিভাগৰ বিৰুদ্ধে ফোন টেপিং কৰাৰ আন এক ভয়ংকৰ অভিযোগ কৰে৷ কিয়নো ৰাইজৰ দলৰ নেতৃত্বই প্ৰেছত বেনাৰ ছপোৱা গোপনীয় বিষয়টো আৰক্ষীয়ে কেনেকৈ আগতীয়াকৈ গম পালে তাক লৈ প্ৰশ্ন উত্থাপন কৰে৷ এই সন্দৰ্ভত অখিল গগৈয়ে দুখন কাৰ্টুন আপলোড কৰি কয়–‘মোৰ আৰু ভাস্কো ডি শইকীয়াৰ ফোন টেপিং কৰি এই দুখন কাৰ্টুন প্ৰিণ্ট কৰা প্ৰেছটোত তালাচী অভিযান চলাইছে৷’ লক্ষণীয়ভাৱে অখিল গগৈৰ ফোন টেপিঙৰ অভিযোগৰ প্ৰত্যুত্তৰত গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰা এটা বিবৃতিযোগে আৰক্ষীৰ স্থিতি স্পষ্ট কৰে এইদৰে– ‘সংবাদমাধ্যমত প্ৰচাৰিত এটি বাতৰি মহানগৰ আৰক্ষীৰ দৃষ্টিগোচৰ হৈছে য’ত কোৱা হৈছে যে আৰক্ষীয়ে সন্মানীয় বিধায়ক অখিল গগৈক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ জিএমচিএইচৰ পৰা ওলাবলৈ অনুমতি নিদিলে, যাৰ কাৰণে বিধায়কজনে বিধানসভাত উপস্থিত থাকিব নোৱাৰিলে৷ ইয়াৰদ্বাৰা বিষয়তো স্পষ্ট কৰি দিয়া হয় যে আজি ৰাতিপুৱা মহানগৰ আৰক্ষীয়ে কৰ্তব্য পালন কৰি থাকোঁতে বিধানসভা চৌহদৰ সমীপত এজন সন্দেহজনক ব্যক্তিক সোধপোছ কৰে আৰু তেওঁৰ পৰা এখন বেনাৰ জব্দ কৰে৷ ব্যক্তিজনৰ নাম জমছেৰ আলী, বিজনী আৰক্ষী চকী, জিলা চিৰাং৷ বেনাৰত লিখি থোৱা কথাখিনি যথেষ্ট আপত্তিজনক৷ অধিক সোধাপোছাৰ কাৰণে ব্যক্তিজনক আৰক্ষীয়ে নিজৰ হেফাজতত ৰাখিছে৷  পৰৱৰ্তী তদন্তত সকলো কথা পোহৰলৈ আহিব৷ বাতৰিটোত আৰু কোৱা হৈছে যে বিধায়কজনক জিএমচিএইচৰ পৰা ওলাবলৈ আৰক্ষীয়ে অনুমতি প্ৰদান নকৰিলে৷

ইয়াৰ দ্বাৰাই এইতোও স্পষ্ট কৰি দিয়া হয় যে সন্মানীয় বিধায়কজন স্বাস্থ্যজনিত কাৰণত জিএমচিএইচত ভৰ্তি হৈ থকা বুলি সংবাদমাধ্যমৰ বাতৰিৰ পৰাই গম পোৱা গৈছে৷ মহানগৰ আৰক্ষীৰ একো ভূমিকা এই সংক্ৰান্তত নাই৷ বিধায়কজনৰ লগত চৰকাৰী নিৰাপত্তাৰক্ষী আগৰে পৰাই আছে৷ মহানগৰ আৰক্ষীৰ কোনো ব্যক্তি জিএমচিএইচত মোতায়ন কৰা নাই৷ ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ সিদ্ধান্ত চিকিৎসকে লয়৷ ইয়াত অৰক্ষীৰ কোনো ভূমিকা নাই৷’ ইফালে আৰক্ষীয়ে বিধানসভাৰ চৌহদত বেনাৰসহ যিজন ব্যক্তিক আটক কৰা বুলি প্ৰকাশ কৰিছে সেই ব্যক্তিজনৰ পৰিচয় ৰাজহুৱা কৰে অখিল গগৈয়ে৷ বেনাৰসহ আৰক্ষীয়ে আটক কৰা ব্যক্তিজন সাংবাদিক জমশ্বেৰ আলী বুলি সদৰী কৰি অখিল গগৈয়ে ফেচবুক পোষ্টত কয়– ‘কালি সাংবাদিক, বুদ্ধিজীৱী জমশ্বেৰ আলি আহিছিল৷ মই ক’লো, মোক ফটো শ্ব’প কৰি ফটো এখন বনাই দিব পৰা মানুহ আছে নেকি? ক’লো, মিয়া কেন্দ্ৰিক ৰাজনীতি আৰু ২৬ৰ নিৰ্বাচন তাৰ ওপৰত লাগে৷ তেওঁ দায়িত্ব ল’লে৷ ক’লে, ফটো শ্ব’প নহয়, কাৰ্টুন বনাই পুৱা বিধান সভাৰ গেটৰ সন্মুখত দিব৷ ৮ বজাত ক’লে মই গণেশগুৰিত ৰৈ আছো৷ তাৰ পাছত ফোন অফ৷ এতিয়া গম পালো, তেওঁক বেনাৰখন বনোৱাৰ অপৰাধত পুলিচে দিশপুৰ থানাত ধৰি ৰাখিছে৷ হায়ৰে গণতন্ত্ৰ ! জমশ্বেৰ আলিক মুক্তি দিয়ক৷’ ইফালে এই অভিযোগ-প্ৰতিঅভিযোগৰ মাজতে অখিল গগৈক হাস্পতালৰ পৰা ৰিলিজ নিদিয়াৰ প্ৰসংগত স্থিতি স্পষ্ট কৰিবলৈ বাধ্য হয় জি এম চি এইচ কতৃৰ্পক্ষই৷ শুকুৰবাৰে বিয়লি ভাগত জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়–অখিল গগৈৰ কিছু শাৰীৰিক অসুবিধা আছিল৷ চিকিৎসাৰ বাবে তেওঁ আমাৰ হাস্পতালত ভৰ্তি হৈছিল৷ বৰ্তমান আৰু ৫-৭ দিন তেওঁৰ চিকিৎসাৰ প্ৰয়োজন আছে৷ তেজ গোট মৰাৰ ফলত অখিল গগৈৰ কিছু শাৰীৰিক অসুবিধা হৈছিল৷ সোমবাৰ বা মঙলবাৰে তেওঁৰ মগজুৰ এটা এমআৰআই কৰাৰ চিন্তা কৰিছিল চিকিৎসকে৷ গতিকে এমআৰআইৰ পূৰ্বে তেওঁক ৰিলিজ দিব পৰা অৱস্থাত নাছিল৷ যদিহে ৰিলিজ দিয়া হয়, তেনেহ’লে তেওঁৰ মুখখন বেকা হৈ যোৱা, চকু জাপ খাই যোৱা এনেবোৰ সমস্যা হোৱাৰ আশংকা থাকে৷ বিধায়কজন যেতিয়া হাস্পতালত ভৰ্তি হৈছে, তেওঁ আমাৰ বাবে আন ৰোগীৰ দৰেই এজন ৰোগী৷ তেওঁ যাব বিচাৰিছিল যদিও তেওঁৰ কিবা অসুবিধা হ’লে আমি দায়ী হ’ব লগা হ’ব ! গতিকে আমি যাব দিব পৰা নাছিলো৷ ৰোগী এজন হাস্পতালত ৰোগী হিচাপেই থাকিব লাগিব৷’ ইফালে, প্ৰায় ১৫ ঘণ্টা জোৰা জেৰাৰ পাছত সাংবাদিক জমশ্বেৰ আলীক ঘৰলৈ যাবলৈ দিয়ে দিছপুৰ আৰক্ষীয়ে৷

আজিৰ পৰা কাৰ্টুন অঁকা বন্ধ : নিতুপৰ্ণ ৰাজবংশী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক : শিল্পী আৰু শিল্পৰ প্ৰতি কৰা অপমানৰ বাবেই কাৰ্টুন অঁকা ত্যাগ কৰিব ৰাজ্যৰ জনপ্ৰিয় কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে৷ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে শিল্পীজনৰ এখন বহু চৰ্চিত কাৰ্টুন নকল কৰাক লৈ ক্ষুণ্ণ হৈ পৰিছে নিতুপৰ্ণ ৰাজবংশী৷ ৰাজ্যৰ মিঞা ৰাজনীতিক লৈ কাৰ্টুনিষ্টজনে অংকন কৰা এখন বংগ্যাত্মক চিত্ৰক নকল কৰি বিধায়ক অখিল গগৈয়ে শুকুৰবাৰে বিধানসভাৰ ভিতৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিকল্পনা কৰিছিল যদিও অৱশেষত আৰক্ষীয়ে সেই পৰিকল্পনা ব্যৰ্থ কৰে৷ কিন্তু কাৰ্টুনখন নকল কৰাৰ সন্দৰ্ভত শিল্পীজনৰ পৰা এবাৰলৈ হ’লেও সৌজন্যতাৰ খাতিৰতো অনুমতি নোলোৱাত অপমানিত বোধ কৰিছে নিতুপৰ্ণ ৰাজবংশীয়ে৷ সাম্প্ৰতিক সামাজিক পৰিস্থিতিক বংগ্যত্মকভাৱে উপস্থাপন কৰা কাৰ্টুনখনক অখিল গগৈয়ে ব্যক্তিগত লাভালাভৰ বাবে ৰাজনীতিত ব্যৱহাৰ কৰাত ক্ষুব্ধ শিল্পীজনে অপমানবোধ কৰি কাৰ্টুন অঁকা চিৰদিনলৈ ত্যাগ কৰা বুলি আৱেগিক ঘোষণা কৰিছে৷ এই লৈ সামাজিক মাধ্যমত কেইবাটাও পোষ্টৰ জৰিয়তে ক্ষোভ ব্যক্ত কৰিছে ৰাজবংশীয়ে৷ অখিল গগৈয়ে তেওঁৰ কাৰ্টুন নকল কৰাৰ বিষয়ে অৱগত হোৱাৰ পাছতেই ফেচবুকত নিতুপৰ্ণ ৰাজবংশীয়ে কয়–‘এই কাৰ্টুনখনৰ বিষয়বস্তু যোৱা ২৮ আগষ্টত প্ৰকাশিত আমাৰ সংশ্লিষ্ট কাৰ্টুনখনৰ পৰা নকল কৰা হৈছে৷ অখিল গগৈৰ দৰে এজন দায়ৱদ্ধ ৰাজনীতিকে এনে দুষ্কাৰ্যৰ পোষকতা কৰাটো অতি নিন্দনীয় আৰু আমাৰ শিল্পকৰ্মৰ প্ৰতি চূড়ান্ত অপমান৷ ধিক্কাৰ৷’ অৱশ্যে ইয়াৰ পাছতেই ৰাইজৰ দলৰ এজন প্ৰতিনিধিয়ে ভুল হোৱা বুলি শিল্পীজনৰ ক্ষমা বিচাৰে যদিও পুনৰ অখিল গগৈয়ে একেটা আৰ্হিৰ আন এখন কাৰ্টুন সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়াত মৰ্মাহত হৈ পৰে নিতুুপৰ্ণ ৰাজবংশী৷ এই কাৰ্যৰ প্ৰতিবাদ জনাই নিতুপৰ্ণ ৰাজবংশীয়ে পুনৰ সামাজিক মাধ্যমত কয়–‘কাৰ্টুন নকল কৰাৰ পাছত এইবাৰ এইখন৷ আমি ইতিমধ্যে কষ্ট পোৱা বুলি, অপমানিত হোৱা বুলি উল্লেখ কৰাৰ পাছতো আৰু তেওঁলোকৰ প্ৰতিনিধিয়ে ভুল হোৱা বুলি স্বীকাৰ কৰাৰ পাছতো পুনৰ একেটা ভুলৰে পুনৰাবৃত্তি কৰি আমাৰ কাৰ্টুনৰ বিষয়বস্তু নকল কৰি অখিল গগৈৰ এই প্ৰতিবাদ৷ আচলতে অখিল গগৈৰ দৰে বিজ্ঞ ৰাজনীতিকৰ মানত আমাৰ দৰে কাৰ্টুনিষ্টৰ কোনো মূল্যই নাই৷ আমি পদে পদে অপমানিত হ’লেও, কষ্ট পালেও অখিল গগৈ বা আন কাৰোবাৰ কি আহে যায়৷ আমাৰ শিল্পকৰ্মক আজিৰ দিনটোৰ বাৰম্বাৰ কৰা এই অপমানৰ তীব্ৰ নিন্দা কৰিলোঁ৷ আৰু ধিক্কাৰ দিলোঁ৷’ কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে আনকি ফেচবুকৰ প্ৰফাইল ক’লা কৰি আজিৰে পৰা কাৰ্টুন অঁকা বন্ধ বুলি ঘোষণা কৰে৷ তেওঁ লগতে শিল্পী আৰু শিল্পক এইদৰে হত্যা কৰিব নালাগে বুলিও আক্ষেপ ব্যক্ত কৰি অসমত কাৰ্টুনিষ্ট মানে কাৰ্টু‘নীচ’ বুলিও নিজকে নিজেই ধিক্কাৰ দিয়ে৷ বিধায়ক অখিল গগৈয়ে কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীক অপমানিত কৰা কাৰ্যক শিল্পী মানস ৰবীনকে ধৰি বিভিন্নজনে গৰিহণা দিছে৷ অৱশ্যে নিজৰ অসুস্থতাৰ বাবে জি এম চি এইচত কোন কোন ৰাজনীতিকে স্বাস্থ্যৰ বুজ ল’বলৈ আহিছে তাৰ ঘনে ঘনে ফেচবুকত ফটো আপলোড কৰা বিধায়ক অখিল গগৈয়ে এবাৰলৈয়ো ৰাজহুৱাভাৱে শিল্পীজনক ক্ষমা নিবিচৰাত শিল্পীজনৰ অনুৰাগীসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷