Logo
image

বুজাবুজিৰেই নামাজ-বিৰতি বিলুপ্ত ‘ভুৱা’ প্ৰতিবাদ সংখ্যালঘু বিধায়কৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ আগষ্ট : এতিয়াৰ পৰা অসম বিধানসভাত নাথাকিব ‘নামাজ বিৰতি’ৰ ব্যৱস্থা৷ ছৈয়দ ছাদুল্লাৰ সময়ৰ পৰা চলি অহা এই প্ৰথা সম্পূৰ্ণৰূপে বিলুপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিধানসভাৰ নিয়মাৱলী সমিতিয়ে৷ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি অন্তিম দিনা বিধায়কদ্বয় ভবেন্দ্ৰ নাথ ভৰালী আৰু আমিনুল ইছলামে [জ্যেষ্ঠ] ২৮ আগষ্টত সদনত দাখিল কৰা নিয়মাৱলী সমিতিৰ দ্বিতীয় প্ৰতিবেদন গ্ৰহণ সন্দৰ্ভত প্ৰস্তাৱ উত্থাপন কৰে৷ সদনত সৰ্বসন্মতিক্ৰমে এই প্ৰস্তাৱ গৃহীত হয়৷ লক্ষণীয়ভাৱে এই প্ৰস্তাৱ গৃহীত হোৱাৰ পাছতে শুকুৰবাৰৰ ‘নামাজ বিৰতি’ প্ৰথাৰো বিলুপ্তি ঘটে৷ অসম বিধানসভাৰ প্ৰতিষ্ঠা কালৰে পৰা প্ৰতি শুকুৰবাৰে ১১ বজাত নামাজ বিৰতিৰ প্ৰথা চলি আহিছে৷  ‘নামাজ বিৰতিৰ প্ৰথা’ বিলুপ্তি ঘটোৱা বিধানসভাৰ নিয়মাৱলী সমিতিৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী৷ সমিতিত মুঠ ১২জন সদস্য আছে৷ অধ্যক্ষ দৈমাৰীৰ উপৰিও মন্ত্ৰী ক্ৰমে চন্দ্ৰমোহন পাটোৱাৰী, কেশৱ মহন্ত, যোগেন মহন, বিধায়কসকল ক্ৰমে ৰূপজ্যোতি কুৰ্মী, ভবেন্দ্ৰ নাথ ভৰালী, মিছবাহুল ইছলাম লস্কৰ, ভৰত চন্দ্ৰ নৰহ, প্ৰদীপ সৰকাৰ, আমিনুল ইছলাম [জ্যেষ্ঠ], ছুজামউদ্দিন লস্কৰ আৰু চৰণ বড়ো এই কমিটীৰ সদস্য৷ কমিটীৰ বৈঠকত সৰ্বসন্মতিক্ৰমে ‘নামাজ বিৰতি’ প্ৰথা বিলুপ্তিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ৰহস্যজনকভাৱে এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে নিজে নিয়মাৱলী সমিতিৰ অন্যতম সদস্য৷ আজি সদনত তেওঁৱেই ‘নামাজ বিৰতি’ প্ৰথা বিলুপ্তিৰ প্ৰস্তাৱ উত্থাপন কৰে৷ সদনৰ ভিওঁৱেই ‘নামাজ বিৰতি’ প্ৰথা বিলুপ্তিৰ প্ৰস্তাৱ উত্থাপন কৰে৷ সদনৰ ভিতৰত ‘নামাজ বিৰতি’ প্ৰথাৰ বিলুপ্তিক মুকলিভাৱে সমৰ্থন কৰিলেও সদনৰ বাহিৰত এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে সংখ্যালঘু বিধায়কসকলে৷ এই কমিটীখনত এআইইউডিএফৰ অন্য এজন বিধায়ক সুজাম উদ্দিন লস্কৰ সদস্য হিচাপে আছে৷ আনহাতে কংগ্ৰেছ দলৰ প্ৰতিনিধি হিচাপে কমিটীত আছে বিধায়ক মিছবাহুল ইছলাম লস্কৰ৷ কংগ্ৰেছ দলৰ অন্য দুই বিধায়ক ভৰত চন্দ্ৰ নৰহ আৰু প্ৰদীপ সৰকাৰো নিয়মাৱলী সমিতিৰ সদস্য৷ ইয়াৰ পাছতো সদনৰ বাহিৰত কংগ্ৰেছ দলেও এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে৷



দুমুখীয়া স্থিতি গ্ৰহণ কৰি সদনৰ ভিতৰত আৰু নিয়মাৱলী কমিটীৰ বৈঠকত কংগ্ৰেছ আৰু এআইইউডিএফৰ সংখ্যালঘু বিধায়কসকলে বিধানসভাত ‘নামাজ বিৰতি’ প্ৰথা বিলুপ্তিৰ সিদ্ধান্তত সমৰ্থন জনোৱাৰ বিপৰীতে সদনৰ বাহিৰত ইয়াৰ প্ৰতিবাদ কৰে৷ নিজে বিধানসভাত এই প্ৰস্তাৱ উত্থাপন কৰাৰ পাছতো সদনৰ বাহিৰত মুকলি প্ৰতিবাদ কৰি বিধায়ক আমিনুল ইছলামে কয়– দুঘণ্টাৰ পৰিৱৰ্তে লাগিলে এঘণ্টাৰ বাবে নামাজ বিৰতি দিয়ক৷ একমাত্ৰ বিজেপিৰ একাংশ বিধায়কে নিজৰ অসহিষ্ণু মনোভাৱৰ কাৰণে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সংখ্যালঘু বিধায়কক কষ্ট দিব পাৰিলেই যেন এইসকল বিধায়কে আনন্দ পায়৷ কংগ্ৰেছৰ দুই বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু ৰেকিবুদ্দিন আহমেদে এই সিদ্ধান্তক দুখৰ বিষয় বুলি অভিহিত কৰে৷ আনহাতে বিধানসভাৰ এই সিদ্ধান্ত সংবাদ মাধ্যমত সদৰি কৰি বিজেপি বিধায়ক বিশ্বজিৎ ফুকনে কয়– বিধানসভাত এটা ঐতিহাসিক সিদ্ধান্ত হৈছে৷ ইতিমধ্যে বিধানসভাত এই সিদ্ধান্ত গৃহীত হৈছে৷ পূৰ্বতে বিধানসভাৰ সময়সূচী অনুসৰি প্ৰতি শুকুৰবাৰে নামাজ পঢ়িবৰ কাৰণে ১১ বজাৰ পৰা ২ বজালৈ বিধানসভা বন্ধ দিয়া হৈছিল৷ সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ বিধানসভা পুৱা ৯.৩০ বজাত আৰম্ভ হয় যদিও শুকুৰবাৰৰ পুৱা ৯ বজাৰ পৰা বিধানসভাৰ কাম-কাজ আৰম্ভ হয়৷ ৰুলছ অৱ প্ৰচিডিঅ’ৰ এণ্ড কণ্ডাক্ট অফ বিছনেছ ইন আসাম লেজিছলেটিভ এছেম্বলীৰ ১১ নম্বৰ ধাৰা সংশোধন কৰি এতিয়াৰে পৰা শুকুৰবাৰৰ দিনটোত নামাজ পঢ়াৰ বাবে যি দুঘণ্টা বন্ধ দিয়া হৈছিল সেই বন্ধ প্ৰত্যাহাৰ কৰা হয়৷ বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ ছৈয়দ ছাদুল্লাৰ দিনৰে পৰা এই প্ৰথা চলি আহিছে৷ কিন্তু ধৰ্মনিৰপেক্ষ দেশ হিচাপে এই সংশোধনী অনা হয়৷ আজি সদনত আমিনুল ইছলামে এই সিদ্ধান্তটো উত্থাপন কৰিছে৷ সদনত এই সন্দৰ্ভত প্ৰতিবেদনো দাখিল কৰিছে আৰু সকলোৰে সন্মতিসাপেক্ষে ইয়াক গৃহীত কৰা হয়৷