Logo
image

ইউৰিয়াযুক্ত মাছ খুৱাই কিডনী নষ্ট কৰিছে মিঞাই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ,২ ছেপ্টেম্বৰ : এইবাৰ মাছ জেহাদ৷ ইউ এছ টি এমৰ বিৰুদ্ধে ফ্লাড জেহাদ ঘোষণা কৰাৰ পাছত এইবাৰ মিঞাৰ বিৰুদ্ধে যেন মাছ জেহাদহে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ উল্লেখ্য যে ধিং কাণ্ডৰ পাছতে একাংশ দল-সংগঠনে উজনী অসম ত্যাগ কৰিবলৈ মিঞাক চৰম সীমা বান্ধি দিছিল৷ এই ভাবুকিৰ পাছতে নগাঁৱৰ একাংশ ব্যৱসায়ীয়ে উজনী অসমলৈ মাছ প্ৰেৰণ বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে৷ ইয়াৰ পাছতে মিঞা কেন্দ্ৰীক সংঘাট অধিক বৃদ্ধি পায়৷ উজনী অসমৰ একাংশ দল-সংগঠনে মিঞাৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাও মিঞাৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰে৷ আনকি বিধানসভাৰ মজিয়াতো মিঞাৰ বিৰুদ্ধে বহু স্পৰ্শকাতৰ অভিযোগ কৰি দীঘলীয়া ভাষণ দিয়ে মুখ্যমন্ত্ৰীয়ে৷ এনে পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই শনিবাৰে নিশা ফেচবুক লাইভ যোগে মিঞাই উৎপাদন কৰা মাছত অধিক পৰিমাণে ইউৰিয়া সাৰ ব্যৱহাৰ কৰা বুলি গুৰুতৰ অভিযোগ কৰি কয়– ধিঙৰ ধৰ্ষণ কাণ্ডক কেন্দ্ৰ কৰি উজনী অসম বা নগাঁৱত কিছু পৰিঘটনা আৰু ঘটনা প্ৰবাহৰ সৃষ্টি হৈছে৷ নগাঁৱৰ একাংশ ব্যৱসায়ীয়ে উজনীলৈ মাছ নপঠিওৱাৰ কথা ক’লে৷ আমি স্বাস্থ্য সন্মত মাছ খাব লাগে৷



অস্বাস্থ্য সন্মত মাছ খালে আমাৰ শৰীৰৰ ক্ষতি হয়৷ যথেষ্ট ইউৰিয়া ব্যৱহাৰ কৰি যিমাছ পুখুৰীত উৎপাদন কৰা হয় তাৰ ফলত আমাৰ সমাজত লাহে লাহে কিডনী ৰোগ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ আমি অসমত ইমান ডায়লেছিছ মেচিন আনিছো যদিও কিডনী ডায়লেছিছৰ বাবে ৰোগী অপেক্ষাৰ তালিকাত থাকে৷ ইয়াৰ এটা কাৰণ হ’ল ইউৰিয়াৰে সমৃদ্ধ কৰা মাছৰ ভক্ষণ৷ যদি নগাঁৱৰ পৰা মাছ নাযায়৷ উজনী অসমত যদি থলুৱাভাৱে মাছ উৎপাদন কৰিব পাৰে তেন্তে ৰাজনৈতিক আৰু অৰ্থনৈতিক কথা বাদ দিও স্বাস্থ্যৰ প্ৰতিও এক ধনাত্মক প্ৰভাব পেলাব৷ মুখ্যমন্ত্ৰীৰ এই ভাষ্যৰ পাছতে আজি দেওবাৰ স্বত্তেও পুখুৰীয়ে পুখুৰীয়ে অভিযানত নামি পৰে মীন বিভাগৰ বিষয়াসকলে৷ সততে অস্তিত্ব বিচাৰি নপোৱা মীন বিভাগে যেন মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভৰ পাছতে সাৰ পাই উঠে৷ মীন বিভাগৰ বিষয়াসকলে মূলত সংখ্যালঘু বসতি প্ৰধান অঞ্চলত থকা পুখুৰী বিলাকত অভিযান চলোৱা পৰিলক্ষিত হয়৷

জুৰীয়াত মীন বিভাগৰ অভিযান, পুখুৰীৰ পানীৰ নমুনা সংগ্ৰহ

‘আমাৰ অসম’ৰ জুৰীয়াৰ প্ৰতিবেদক : নগাঁও জিলাৰ জুৰীয়াৰ বিভিন্ন অঞ্চলত মীন বিভাগৰ অভিযান৷ পুখুৰীৰ পানীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰে মীন বিষয়াই৷ উজনি অসমৰ বিভিন্ন দল-সংগঠনে নগাঁও জিলাৰ মীন পালকসকলে পুখুৰীত ইউৰিয়া সাৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি আছিল৷  ৩১ আগষ্ট শনিবাৰে নগাঁও জিলা মীন বিভাগে জুৰীয়া, দগাঁও, গদাইমাৰী, মেলেকাধিঙৰ বিভিন্ন মাছৰ মহলত মাছৰ পৰীক্ষা কৰাৰ লগতে পুখুৰীবিলাকত অভিযান চলাই পুখুৰীৰ পানী নমুনা সংগ্ৰহ কৰে৷ অভিযানৰ অন্তত মীন বিষয়াই জানিবলৈ দিয়ে যে এই অঞ্চলৰ পুখুৰীৰ মালিকৰ বিৰুদ্ধে উজনি অসমত যি অভিযোগ উত্থাপিত হৈছিল সেয়া আজিৰ পৰা পৰীক্ষা আৰম্ভ কৰা হৈছে এই অঞ্চলসমূহত৷ মীন বিষয়াই জনোৱা মতে এতিয়ালৈকে এই অঞ্চলৰ ফিচাৰী সমূহত ইউৰিয়া সাৰৰ উপস্থিতি কতো পোৱা নাই৷ পুখুৰীত ব্যৱহাৰ কৰা বস্তাসমূহো পৰীক্ষা কৰি খলিহৈ আৰু চাউলৰ মল পোৱা গৈছে৷ লেতেৰা পানী থকা পুখুৰীৰ পৰা পানীৰ নমুনা সংগ্ৰহ কৰা হৈছে আৰু সেইবোৰ পৰীক্ষাগাৰত পৰীক্ষা কৰি দেখা হ’ব যে তাত সাৰৰ পৰিমাণ কিমান আছে তথা মাছবোৰ খোৱাৰ যোগ্য হয় নে নহয়৷