Logo
image

শীৰ্ষস্থান পাবলৈ ৭০৫ মাৰ্কছ, সংৰক্ষিতৰ নামভৰ্তি ১৪৩ নম্বৰৰেই

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩ ছেপ্টেম্বৰ : চিকিৎসকক ভগৱান জ্ঞান কৰা হয় ! চিকিৎসাৰ জৰিয়তে মুমূর্ষু ৰোগীক সুস্থ কৰি তোলাৰ বাবেই ৰোগীৰ বাবে চিকিৎসক দ্বিতীয়জন ভগৱানকৈ কোনো গুণে কম নহয়৷ অৱশ্যে বহু সময়ত একাংশ চিকিৎসকে ঔষধ কোম্পানীৰ পৰা কমিছন লৈ ৰোগীক গিনিপিগ সজোৱাৰ অভিযোগ আছে যদিও আজিও মানৱ সেৱাক ব্ৰত হিচাপে লোৱাজনেহে চিকিৎসা বৃত্তি গ্ৰহণ কৰে বুলি বিশ্বাস কৰে৷ লক্ষণীয়ভাৱে এইবাৰ সৰ্বভাৰতীয় স্নাতক শ্ৰেণীৰ মেডিকেল প্ৰৱেশ পৰীক্ষা নীট-ইউজিত ব্যাপক মাত্ৰাত অনিয়ম সংঘটিত হৈছিল যদিও অৱশেষত উচ্ছতম ন্যায়ালয়ৰ হস্তক্ষেপত পলমকৈ হ’লেও এমবিবিএছ আৰু বিডিএছ পাঠ্যক্ৰমত নামভৰ্তি আৰম্ভ হৈছে৷ ইতিমধ্যে অসম চৰকাৰৰ চিকিৎসা শিক্ষা সঞ্চালকালয়ে এম বি বি এছৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰথমখন নামভৰ্তিৰ তালিকা প্ৰকাশ কৰিছে৷ কিন্তু এই তালিকাত মেডিকেল শিক্ষাৰ নামভৰ্তিৰ বাবে সংৰক্ষিত আসনত বাছনি লাভ কৰা প্ৰাৰ্থীৰ প্ৰাপ্ত নম্বৰৰ তথ্য দেখি সকলোৰে চকু কপালত উঠিছে৷ ইতিমধ্যে চিকিৎসা শিক্ষা সঞ্চালকালয়ে নামভৰ্তিৰ বাবে বাছনি কৰা প্ৰায় ৭৫০ জন শিক্ষাৰ্থীৰ ভিতৰত ৰাজ্যিক কোটাত শীৰ্ষ স্থানত আছে নীটত ৭০৫ নম্বৰ লাভ কৰা তৃষিতা কাকতি নামৰ মেধাৱী শিক্ষাৰ্থীগৰাকী৷ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত নামভৰ্তিৰ বাবে অসংৰক্ষিত আসনত বাছনি লাভ কৰা তৃষিতা কাকতিৰ সৰ্বভাৰতীয় ৰেংক হৈছে ৭২৪৷ তৃষিতাই সৰ্বমুঠ ৭২৪ নম্বৰৰ ভিতৰত ৭০৫ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু অসমৰ মেডিকেল কলেজত এম বি বি এছৰ সংৰক্ষিত আসনত নীটত মুঠ ৭২০ নম্বৰৰ ভিতৰত নূ্যনতম ১৪৩ নম্বৰ লাভ কৰা প্ৰাৰ্থীয়ো নামভৰ্তিৰ বাবে বাছনি লাভ কৰিছে৷


মুক্তিযুঁজাৰুৰ সতি-সন্ততিৰ বাবে থকা সংৰক্ষিত আসনৰ বিপৰীতে এইগৰাকী শিক্ষাৰ্থীয়ে লখিমপুৰ মেডিকেল কলেজ হাস্পতালত নামভৰ্তিৰ সুযোগ লাভ কৰিছে৷ একেদৰে নামভৰ্তিৰ বাবে বাছনি কৰা তলৰ ফালৰ পৰা দ্বিতীয় স্থানত নীটত ১৪৬ নম্বৰ লাভ কৰা এগৰাকী প্ৰাৰ্থীয়েও বিশেষভাৱে সক্ষম শিক্ষাৰ্থীৰ বাবে সংৰক্ষিত আসনৰ বিপৰীতে গুৱাহাটীৰ আঞ্চলিক দন্ত মহাবিদ্যালয়ত নামভৰ্তিৰ সুযোগ লাভ কৰিছে৷ আনহাতে, শেষৰ ফালৰ পৰা তৃতীয় স্থানত থকা নীটত ১৫০ নম্বৰ লাভ আন এগৰাকী শিক্ষাৰ্থীয়ো সংৰক্ষিত আসনত কোকৰাঝাৰ মেডিকেল কলেজ হাস্পতালত নামভৰ্তিৰ বাবে বাছনি লাভ কৰে৷ অসমৰ মুঠ মেডিকেল আসনৰ সংখ্যা প্ৰায় ১৬৫০ যদিও ইয়াৰ ৫০ শতাংশতকৈ অধিক আসন সংৰক্ষিত৷ স্বাভাৱিকতেই অসমত মেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে শীৰ্ষত থকা শিক্ষাৰ্থীগৰাকীয়ে নীট পৰীক্ষাত ৭০৫ নম্বৰ লাভ কৰাৰ বিপৰীতে সংৰক্ষিত কোটাত নূ্যনতম ১৪৩ নম্বৰ লাভ কৰা শিক্ষাৰ্থীয়েও চিকিৎসা শিক্ষা অধ্যয়নৰ সুযোগ লাভ কৰাত সকলোৰে চকু কপালত উঠিছে৷ চিকিৎসা বৃত্তি এনে এটা সেৱা য’ত এজন চিকিৎসকৰ সামান্য ভুলৰ বাবে ৰোগীৰ মৃত্যুপৰ্যন্ত হোৱাৰ আশংকা থাকে৷ তেনেক্ষেত্ৰত ৰোগীয়ে সদায় এই বৃত্তিত মেধাৱী শিক্ষাৰ্থীয়েহে অধ্যয়নৰ সুযোগ লাভ কৰাটো বিচাৰে৷ কিন্তু ভাৰতীয় সংবিধানৰ সংৰক্ষণবিধি মানি চৰকাৰে সংৰক্ষিত আসনত নীটত কম নম্বৰপ্ৰাপ্ত অৰ্থাৎ কম মেধাৱী শিক্ষাৰ্থীক নামভৰ্তিৰ বাবে বাছনি কৰিবলৈ বাধ্য হয়৷ বিভিন্ন শ্ৰেণীৰ বাবে আসন সংৰক্ষিত কৰাত উচ্ছ মেধাৱী শিক্ষাৰ্থীসকলে নামভৰ্তিৰ পৰা বঞ্চিত হ’বলগীয়া হয়৷ যাৰ পৰিপ্ৰেক্ষিতত সমাজে এক মূল্যবান মানৱ সম্পদ হেৰুৱাবলগীয়া হয়৷ বিপৰীতে সংৰক্ষিত আসনত মেডিকেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰি সেৱা আগবঢ়োৱা চিকিৎসকৰ ওচৰতে চিকিৎসা কৰিবলৈ বাধ্য হয় সৰ্বসাধাৰণ ৰোগীয়ে৷ অৱশ্যে বিগত বৰ্ষত প্ৰৱাসী ভাৰতীয়ৰ [এনআৰআই] বাবে আসন সংৰক্ষণ কৰি ধনৰ বিনিময়ত সেই আসন বিক্ৰী কৰিছিল যদিও এইবাৰ এন আৰ আই কোটা উঠাই দিছে৷ ইয়াৰ মাজতে চিকিৎসা শিক্ষা বিভাগে নামভৰ্তিৰ বাবে বাছনি কৰা যাদৱ উপাধিৰ এজন শিক্ষাৰ্থীয়ে বৰাকৰ চাহ জনগোষ্ঠীৰ বাবে সংৰক্ষিত আসনত বাছনি লাভ কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ লক্ষণীয় বিষয়টো হৈছে বিগত বৰ্ষত এন আৰ আই কোটাত নীটত ১৬৭ নম্বৰ প্ৰাপ্ত শিক্ষাৰ্থীক ডলাৰৰ বিনিময়ত নামভৰ্তিৰ সুযোগ দিয়া হৈছিল যদিও এইবাৰ অন্যান্য সংৰক্ষিত আসনতে নীটত মুঠ ৭২০ নম্বৰৰ ভিতৰত নূ্যনতম ১৪৩ নম্বৰ পোৱা প্ৰাৰ্থীকো নামভৰ্তিৰ বাবে বাছনি কৰা হ’ল৷