Logo
image

মানসিক চাপ দূৰ কৰিবলৈ এইবোৰ সঘনাই নাখাব

আমাৰ অসম বিশেষঃ মন বেয়া লাগিলে বা মানসিক অৱসাদত ভুগিলে আমি কেতিয়াবা যিকোনো খাদ্য খাওঁ৷ তদুপৰি কেতিয়াবা চাপত পৰি প্ৰয়োজনতকৈ অধিক খাদ্য গ্ৰহণ কৰোঁ৷ কিন্তু এই অভ্যাস মাৰাত্মক৷ এনে অভ্যাসে শৰীৰত দীৰ্ঘম্যাদী প্ৰভাৱ পেলাব পাৰে৷ এনে অভ্যাসে আনকি এচিডিটী, গেছ বা অন্যান্য সমস্যাৰ সৃষ্টি কৰে৷ যাৰ ফল হ’ব পাৰে হিতে বিপৰীত৷

মানসিক চাপত থাকিলে এইবোৰ খাদ্য গ্ৰহণ নকৰিব–

[১] কেফেইনঃ সঘনাই কফি খোৱা অনুচিত৷ কফিত থকা অতিৰিক্ত কেফেইনে যকৃতৰ ক্ষতি কৰে৷ হজম শক্তি কমায়, ফলত ভোক নলগা হয়৷ সঘনাই কফি খোৱাৰ অভ্যাসে এচিডিটীৰ সৃষ্টি কৰে৷

[২] এলক’হলঃ এলক’হল বা সুৰা স্বাস্থ্যৰ বাবে অতি অপকাৰী৷ মানসিক চাপত পৰি কেতিয়াও সুৰা বা এলক’হল গ্ৰহণৰ অভ্যাস গঢ়ি নুতুলিব৷ এনে অভ্যাসে আপোনালৈ বিপদ চপাই আনিব৷

[৩] মিঠাই জাতীয় খাদ্যঃ মন বেয়া লাগিলে বহুতে মিঠাই জাতীয় খাদ্য খায়৷ এই অভ্যাস ভয়ংকৰ৷ ইয়াৰ ফলত তেজত অতিৰিক্ত শৰ্কৰাৰ প্ৰৱেশ ঘটে৷ বহুতে আকৌ শীতল পানীয় নাইবা পেকেজড্‌, ফলৰ ৰস খায়৷ ইয়াতো অতিৰিক্ত শৰ্কৰা থাকে৷ গতিকে এনে খাদ্য গ্ৰহণ নকৰাই উচিত৷

[৪] চকলেটঃ মানসিক চাপ আঁতৰাৰ ক্ষেত্ৰত চকলেট নিঃসন্দেহে উপকাৰী৷ কিন্তু অতিৰিক্ত চকলেটে স্বাস্থ্যৰ অপকাৰ কৰে৷ গতিকে প্ৰয়োজন অনুসৰিহে চকলেট খোৱা দৰকাৰ৷ তদুপৰি মিঠা চকলেটৰ সলনি ডাৰ্ক চকলেট খালে উপকাৰ পোৱা যায়৷

[৫] ফাষ্ট ফুডঃ বহুতে ফাষ্টফুড যেনে পিজ্জা, ৰোল, চাউমিন আদি খাই ভাল পায়৷ এনে খাদ্যই সোৱাদ ঠিকেই দিয়ে, কিন্তু ইয়াৰ অপকাৰ অনেক৷ ফাষ্ট ফুডে অতিৰিক্ত ওজনৰ সৃষ্টি কৰে৷