Logo
image

ক’লা বেজ পৰিধানেৰে শিক্ষক দিৱস বৰ্জন কলেজ শিক্ষকৰ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৩ ছেপ্টেম্বৰ : শিক্ষক দিৱস বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম কলেজ শিক্ষক সংস্থাই৷ সিদিনাই কংগ্ৰেছ শিক্ষকসকলে ক’লা বেজ পৰিধান কৰি ক্ষোভৰ বৰ্হিঃপ্ৰকাশ ঘটাব৷ অসমৰ কলেজ শিক্ষকসকলৰ বহুদিনীয়া সমস্যাসমূহ যেনে, প্ৰাপ্য তাৰিখৰ পৰা পদোন্নতি নোপোৱা, পদোন্নতিৰ প্ৰক্ৰিয়াটোক অযথা লেহেমীয়া কৰা, বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশাৱলীত থকা বেছিভাগ কথাই চৰকাৰে সময়মতে গ্ৰহণ নকৰা,  ইউ জি চিৰ নিৰ্দেশনা অৱজ্ঞা কৰি আসোঁৱাহপূৰ্ণ ‘কাৰ্যালয় স্মাৰক’ প্ৰকাশ কৰি শিক্ষকসকলৰ ভৱিষ্যত জটিলতাৰ মাজলৈ ঠেলি দি অৱসৰী জীৱনক লৈ হেতালি খেলা, ইত্যাদি দীৰ্ঘদিনীয়া অমীমাংসিত দাবীসমূহ আজিকোপতি সমাধান নকৰাৰ বাবে ক্ষোভত ফাটি পৰিছে অসমৰ কলেজ শিক্ষকসকল৷ আজি অসম কলেজ শিক্ষক সংস্থাৰ পল্টনবজাৰৰ চোলাপাৰাত থকা মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন প্ৰেছ মেলত এই কথা সদৰি কৰে সংস্থাৰ কেন্দ্ৰীয় নেতৃত্বই৷ তেওঁলোকে কয় যে এসময়ত কলেজ শিক্ষকসকলক ইউ জি চি ৰ নিৰ্দেশনা গ্ৰহণ কৰি চৰকাৰে পদোন্নতি প্ৰদান কৰাত ৰাজ্যখনৰ উচ্ছ শিক্ষাৰ সামগ্ৰিক বাতাৱৰণলৈ এটা অভূতপূৰ্ব্ব বৈপ্লৱিক পৰিৱৰ্তন হোৱাটো পৰিলক্ষিত হৈছিল৷ বহুতো তীক্ষ্ণ বুদ্ধিসম্পন্ন তথা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানত অধ্যয়ন আৰু গৱেষণা কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীয়ে অসমৰ কলেজসমূহত শিক্ষকতা কৰিবলৈ আগবাঢ়ি আহিছিল৷ আজিৰ দিনত পযাৰ্প্ত আন্তঃগাঠনিৰ অভাৱত ভোগা দুই এখন মহাবিদ্যালয়ৰ বাহিৰে বেছিভাগ মহাবিদ্যালয়তে পুৱাৰ পৰা সন্ধিয়ালৈ শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাৰ উপৰি নানান ধৰণৰ শৈক্ষিক আৰু সামাজিক কামত কৰ্মৰত হৈ থকাটো দেখা যায়৷ কিন্তু বৰ্তমান চৰকাৰে ‘ইউ জি চি’ ৰ নীতি-নিৰ্দেশনা অৱমাননা কৰি কলেজ শিক্ষকসকলৰ পদোন্নতিৰ বিষয়টোত বহুতো জটিলতা আনি দিছে যোৱা ২৯ জানুৱাৰীত প্ৰকাশিত পদোন্নতিৰ তালিকা আৰু ৮ নৱেম্বৰ/২০২৩ত প্ৰকাশিত ‘কাৰ্যালয় স্মাৰক’খনৰ জৰিয়তে৷ সংস্থাৰ কেন্দ্ৰীয় নেতৃত্বই পুনৰ কয় যে দৈনন্দিন কলেজ সমূহত কৰিবলগীয়া শিক্ষাকেন্দ্ৰিক কাম-কাজৰ বাহিৰেও বৰ্তমান কলেজ শিক্ষকসকলে নিৰ্বাচনৰ পৰা গুণোৎসৱলৈকে বিভিন্ন চৰকাৰী দায়িত্ব নিষ্ঠাৰে পালন কৰি সমাজ তথা দেশলৈ অৱদান আগবঢ়াই আহিছে৷ আজিৰ কলেজ শিক্ষকে কোনো কোনো দিনত ১০/১২  ঘন্টা পৰ্যন্ত কাম কৰে কেৱল শিক্ষাখণ্ড তথা সমাজৰ উন্নতিৰ হকে৷




তেনেস্থলত প্ৰয়োজনীয় সকলোখিনি গুণ আৰু অৰ্হতা থকাৰ পিছতো যদি শিক্ষকসকলে সময় অনুসৰি প্ৰাপ্য পদোন্নতি তথা আন সুবিধাসমূহ পাবলৈ সক্ষম নহয় সেয়া শিক্ষকৰ প্ৰতি কৰা চূড়ান্ত অন্যায় বুলি সংস্থাই অভিমত প্ৰকাশ কৰে৷ সংস্থাৰ কেন্দ্ৰীয় নেতৃত্বই পুনৰ জনাই যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সফল  কাৰ্যকৰীকৰণ, ভাৰতীয় জ্ঞান ব্যৱস্থা আদিৰ সঠিক অধ্যয়ন আদিৰ বাবেও কলেজ শিক্ষক সংস্থাই বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে৷ কেৱল শিক্ষাখণ্ডৰ মাজতে সীমাৱদ্ধ হৈ নাথাকি সংস্থাই ইতিমধ্যে অসমৰ স্বাস্থ্যখণ্ডৰ প্ৰতি ভয়াৱহ ভাবুকিৰ সৃষ্টি কৰা কেন্সাৰ ৰোগত ভোগা ৰোগীসকলৰ সহায়ৰ বাবেও পৰিকল্পনা হাতত লৈ অসমত কেন্সাৰ ৰোগ নিৰাময় আৰু ৰোগীৰ সহায়ৰ কাৰণে কাম কৰি অহা ‘প্ৰতিশ্ৰুতি কেন্সাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্ট’ আৰু বি বৰুৱা কেন্সাৰ ইন্‌ষ্টিটিউটৰ বিশেষজ্ঞ চিকিৎসকসকলৰ লগত এখন ‘বুজাবুজি চুক্তি’ স্বাক্ষৰ কৰাৰ বাবে আগবাঢ়িছে৷ এই সংক্ৰান্তত দুয়োটা অনুষ্ঠানৰ লগতে সংস্থাই দুখনকৈ সভা অনুষ্ঠিত কৰি ভৱিষ্যতৰ পৰিকল্পনা গ্ৰহণ কৰিছে৷ তদুপৰি দীপশিখা ফাউণ্ডেছনৰ অধ্যক্ষ দেৱাশীষ শৰ্মাৰ লগতে একেলগে কাম কৰাৰ পৰিকল্পনা লৈ সংস্থাই ইতিমধ্যে যোগাযোগ কৰিছে৷ এনেধৰণৰ কৰ্মপন্থাৰ উপৰি শ্ৰীমন্ত শংকৰদেৱৰ বহুমুখী প্ৰতিভা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস হিচাপে এখনি চুটি তথ্যচিত্ৰ নিৰ্মাণৰ পৰিকল্পনাও গ্ৰহণ কৰি  নৱেম্বৰ মাহত কাম আৰম্ভ কৰাৰ কথা সংস্থাই চিন্তা কৰিছে৷ সেয়েহে আজিৰ কলেজ শিক্ষকে বহুমাত্ৰিত দিশত সেৱা আগবঢ়াই ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়ণৰ বাবে আগবাঢ়িছে৷ কিন্তু চৰকাৰৰ তৰফৰ পৰা প্ৰাপ্যখিনি সময়মতে নিদিয়া বা পদোন্নতি আদিত জটিলতাৰ সৃষ্টি কৰি শিক্ষকসকলক মানসিকভাৱে অশান্তি দিয়া আদি ঘটনাই উচ্ছ শিক্ষাৰ প্ৰসাৰত ব্ৰত হৈ থকা শিক্ষাগুৰুসকলক ব্যথিত কৰাৰ লগতে ক্ষুব্ধও কৰিছে৷ যাৰ বাবে অহা শিক্ষক দিৱসত কোনো ধৰণৰ সন্মান গ্ৰহণ নকৰাকৈ থাকি দীৰ্ঘদিনীয়া ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাবলৈ সাজু হৈছে কলেজ শিক্ষকসকল৷ চৰকাৰৰ পৰা যোগাত্মক সঁহাৰি নেপালে শিক্ষক দিৱসৰ পাছতে ধৰ্ণা, শ্ৰেণী বৰ্জনকে ধৰি কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি কলেজ শিক্ষক সংস্থাই জানিবলৈ দিয়ে৷