Logo
image

শিক্ষাৰ্থী গেৰুৱাকৰণৰ বাবে বিজেপিৰ অভিযান ঘোষণা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ ছেপ্টেম্বৰ : যি বিজেপিয়ে শিক্ষানুষ্ঠানক ৰাজনীতিৰ পৰা মুক্ত কৰি ৰখাৰ প্ৰতিশ্ৰুতি দিছিল, শিক্ষক-ছাত্ৰসমাজক ৰাজনীতিৰে জড়িত নহ’বলৈ  আহ৩ান জনাই আহিছে সেই বিজেপি শেহতীয়াভাৱে নামিছে শিক্ষানুষ্ঠানক গেৰুৱা কৰণত৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই মঙলবাৰে কাৰ্যতঃ শিক্ষাৰ্থী গেৰুৱাকৰণৰ বাবে অভিযান ঘোষণা কৰে৷ ইয়াৰ অংশৰূপে বিজেপিৰ নেতৃত্বত এইবাৰ কলেজে কলেজে যাবলৈ সাজু হৈছে৷ ছাত্ৰসমাজক ৰাজনীতিৰ সৈতে জড়িত কৰাৰ উদ্দেশ্য কলেজে কলেজে, বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয়ে যাব বিজেপি৷ ৰাজ্যিক বিজেপিৰ সূত্ৰমতে কাইলৈৰ পৰাই এই অভিযান আৰম্ভ হ’ব৷ এইদৰে ছাত্ৰ সমাজক ৰাজনীতিৰে জড়িত কৰাৰ বাবে বিশেষভাৱে দায়িত্ব অৰ্পণ কৰা হৈছে বিজেপিৰ যুৱ মৰ্চাক৷ অসমৰ কলেজ-বিশ্ববিদ্যালয়ত বিজেপিৰ সদস্যভৰ্তি অভিযানৰ তদাৰকৰৰ দায়িত্ব দিয়া হৈছে বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাসক৷ দলত ৫০ লাখ সদস্য ভৰ্তিৰ লক্ষ্যৰে কলেজ বিশ্ববিদ্যালয়ৰ লগতে ছাত্ৰ-ছাত্ৰীৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত লৈছে বিজেপিয়ে৷ উল্লেখ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে বিজেপিৰ ৰাজ্যিক সদৰত বিজেপিৰ সদস্যতা অভিযান মুকলি কৰে৷ এই কাৰ্যসূচী মুকলি কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়– ভাৰতীয় জনতা পাৰ্টীৰ বাবে সদস্যতা অভিযান আমাৰ এটা পৱিত্ৰ মহাযজ্ঞ৷ আমাৰ দল কাৰ্যকৰ্তাৰ ওপৰত নিৰ্ভৰশীল আৰু আমাৰ দলৰ কাৰ্যকৰ্তা হ’ল এক জীৱন্ত শক্তি৷ কাৰ্যকৰ্তাসকলৰ জীৱন্ত শক্তিয়ে আমাৰ দলটোক জীৱন্ত কৰি ৰাখে, আমাৰ দলটোক প্ৰাণোৱন্ত কৰি ৰাখে৷ ভাষণত তেওঁ কয় যে পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ পৰা আঁতৰত থাকি আমাৰ দলে ভাৰতীয় গণতন্ত্ৰৰ এক নতুন প্ৰমূল্য স্থাপন কৰিছে৷ আমি যদি চাবলৈ যাওঁ, ড॰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ পৰা অটলবিহাৰী বাজপেয়ীলৈ, লালকৃষ্ণ আদৱানিৰ পৰা অমিত শ্বাহ, জেপি নাড্ডালৈকে কোনো এটা পৰিয়ালৰ পৰা কোনো এগৰাকী সভাপতি দ্বিতীয়বাৰলৈ নিৰ্বাচিত হ’ব পৰা নাই৷



আজি আমি গৌৰৱ অনুভৱ কৰো কিয়নো এই দলটোত পিতৃ পৰিচয়ৰ কোনো প্ৰয়োজন নাই৷ এই দলটোত মাতৃ পৰিচয়ৰ প্ৰয়োজন নাই৷ এই দলটোত মাত্ৰ এটাই প্ৰয়োজন আছে যে মই ভাৰত মাতৃৰ বাবে সমৰ্পিত একো একোজন আত্মবিশ্বাসী কাৰ্যকৰ্তা৷ এই দলটোৰ এই বিশেষত্বই এই দলটোক আজি বিশ্বৰ সৰ্বোত্তম, সৰ্ববৃহৎ ৰাজনৈতিক শক্তিলৈ পৰিণত কৰিছে৷ চাইনীজ কমিউনিষ্ট পাৰ্টীক পিছ পেলাই আজি ভাৰতীয় জনতা পাৰ্টী বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক দল, আটাইতকৈ শক্তিশালী ৰাজনৈতিক দলত পৰিণত হৈছে৷ বিজেপিয়ে পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ পৰা আঁতৰত থাকি ভাৰতীয় গণতন্ত্ৰত এক নতুন প্ৰমূল্য স্থাপন কৰিছে৷ কংগ্ৰেছ বুলি ক’লেই যেনেকৈ এটা পৰিয়ালৰ চিত্ৰ আমাৰ মনলৈ আহে, তেনেকৈ ভাৰতীয় জনতা পাৰ্টি বুলি ক’লে কোনো পৰিয়ালৰ চিত্ৰ আমাৰ সন্মুখলৈ নাহে, তাৰ পৰিৱৰ্তে বুথ পৰ্যায়ৰ পৰা কাম কৰি প্ৰধানমন্ত্ৰী পদবীলৈকে যাব পৰা তথা নিজকে ৰাষ্ট্ৰৰ হকে উৰ্চগা কৰা ব্যক্তিৰ চিত্ৰ আমাৰ সন্মুখলৈ আহে৷ বিজেপিৰ প্ৰত্যেকজন ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সভাপতিয়ে তৃণমূল পৰ্যায়ৰ পৰা ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল আৰু সমৰ্পণ মনোভাৱেৰে দেশমাতৃৰ হকে কাম কৰি বহুজনে ৰাষ্ট্ৰৰ সৰ্বোচ্ছ পদলৈ আগবাঢ়ি যাবলৈ সক্ষম হৈছে৷ কালি যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী  ভাৰতী জনতা পাৰ্টীৰ সদস্য পদ নৱীকৰণ কৰিছিল, তেতেয়া তেওঁ আহ৩ান জনাইছিল যে ১৮ বছৰৰ পৰা ২৫ বছৰলৈ এই নতুন প্ৰজন্মক ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে আমাৰ দললৈ আদৰণি জনাব লাগে৷ কোনো এজন লোকে যেতিয়াই ভোটাধিকাৰৰ বয়স লাভ কৰে তেতিয়াই তেওঁ ৰাজনৈতিক দলৰ সদস্য পদ গ্ৰহণ কৰিব পাৰে৷ আনহাতে ৰাজ্যিক সভাপতি ভবেশ কলিতাই কয় যে দলৰ সংবিধান অনুসৰি প্ৰতি ৬ বছৰ মূৰে মূৰে সদস্যতা ভৰ্তি অভিযান অনুষ্ঠিত হৈ আহিছে৷ সেই অনুসৰি এইবাৰো সমগ্ৰ ৰাষ্ট্ৰৰ লগতে ৰাজ্যিক পৰ্যায়ত এই অভিযান আৰম্ভ হৈছে৷ অহা ২৫ ছেপ্টেম্বৰৰ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকীলৈকে সমগ্ৰ দেশজুৰি ১০ কোটি সদস্য অন্তৰ্ভুক্তিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ উল্লেখ্য যে আজিৰে পৰা সমগ্ৰ অসমৰ প্ৰতিটো মণ্ডলতে সদস্যতা ভৰ্তি অভিযান কাৰ্যসূচী আৰম্ভ হয়৷ ৰাজ্যিকৰ পৰা প্ৰেৰণ কৰা প্ৰতিনিধসকল উক্ত কাৰ্যক্ৰমত উপস্থিত থাকে৷

উল্লেখ্য যে বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিয়ে সমগ্ৰ দেশজুৰি সদস্যতা ভৰ্তি অভিযান আৰম্ভ কৰিছে৷ ২ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমজন কাৰ্যকৰ্তা হিচাপে সদস্য পদ গ্ৰহণ কৰাৰ পিছত আজি বিজেপি শাসিত প্ৰতিখন ৰাজ্যতে মুখ্যমন্ত্ৰীসকলে দলৰ সদস্য পদ গ্ৰহণ কৰে৷ সেই অনুসৰি আজি সাধাৰণ সম্পাদক তথা সদস্যতা ভৰ্তি অভিযানৰ আহ৩ায়ক পল্লৱ লোচন দাসৰ তত্ত্বাৱধানত ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱন’ত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই, দলৰ সভাপতি ভৱেশ কলিতাৰ পৰা সদস্য পদ গ্ৰহণ কৰে৷ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, দলৰ জ্যেষ্ঠ নেতা নাৰায়ণ বৰকটকী, বিজয়া চক্ৰৱৰ্তী, মনোজ ৰাম ফুকন, শৈল কুমাৰী সিনহা, মহাবীৰ স্বামী, কুইন ওজাৰ লগতে প্ৰায় পাঁচ শতাধিক কাৰ্যকৰ্তা অনুষ্ঠানত উপস্থিত থাকি এই বিশেষ মুহূৰ্তৰ সাক্ষী হৈ ৰয়৷ উল্লেখ্য, বিজেপিৰ ন-পুৰণিৰ সংঘাত মৰিষন কৰাৰ লক্ষ্য লৈ দেশজুৰি পহিলা ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰা হৈছে নতুন সদস্যতা ভৰ্তি অভিযান৷ ৩১ আগষ্টত বিজেপিৰ প্ৰতিজন কৰ্মকৰ্তাৰ সদস্যপদ খাৰিজ কৰা হৈছে৷ ২ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ ৰাষ্ট˜ীয় সভাপতি জে পি নাড্ডাৰ পৰা গ্ৰহণ কৰে সদস্য পদ৷ তাৰ পাছত পৰ্যায়ক্ৰমে দেশজুৰি আৰম্ভ হৈছে সদস্যভৰ্তি অভিযান৷ এইবেলি সদস্যৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে বিজেপিয়ে শিক্ষানুষ্ঠানত গেৰুৱাকৰণ অভিযান আৰম্ভ কৰিছে সেই কথা স্পষ্ট৷ বিজেপিৰ এনে ভূমিকাক লৈ চিন্তিত ৰাজ্যৰ বিদ্বৎ সমাজ৷

ধুবুৰীতো বিজেপিৰ সদস্য ভৰ্তি অভিযান

‘আমাৰ অসম’ৰ ধুবুৰীৰ প্ৰতিবেদক : আজি ভাৰতীয় জনতা পাৰ্টী অসম ৰাজ্যিক সমিতিৰ অন্তৰ্গত বিভিন্ন জিলা সমিতিৰ লগতে ধুবুৰী জিলা সমিতিয়েও দলীয় সদস্যতা অভিযানৰ শুভাৰম্ভ কৰে৷ শুভাৰম্ভ কাৰ্যসূচী অনুষ্ঠানৰ লগত সংগতি ৰাখি এটি সংবাদ মেলৰ আয়োজন কৰে৷ সংবাদ মেলত বিজেপিৰ ধুবুৰী জিলাৰ সভাপতি প্ৰসেনজিৎ দত্তৰ লগতে জিলাৰ সদস্যতা অভিযানৰ আহ৩ায়ক তথা জিলাৰ উপ-সভাপতি ৰঞ্জিত ৰায়ে সংবাদ মেলখন সম্বৰ্ধিত কৰে৷ ধুবুৰী জিলা বিজেপিৰ সভাপতি প্ৰসেনজিৎ দত্তই উল্লেখ কৰি কয় যে, এইবাৰ ধুবুৰী জিলা সমিতিৰ অন্তৰ্গত গোলকগঞ্জ, গৌৰীপুৰ আৰু ধুবুৰী সমষ্টিৰপৰা অতি ক’মেও মুঠ ডেৰ লাখ দলীয় সদস্য ভৰ্তিকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ ইয়াৰ ব্যৱস্থাপনাৰ বাবে ইতিমধ্যেই জিলা সমিতিৰ তৰফৰপৰা তত্ত্বাৱধান কৰিবলৈ পাঁচজনীয়াকৈ ট্ৰলী গঠন কৰা হৈছে, তদুপৰি, প্ৰতিখন মণ্ডলত তিনিজনীয়াকৈ ট্ৰলী গঠন কৰি আহ৩ায়ক, সহ-আহ৩ায়ক আৰু ভাৰপ্ৰাপ্ত প্ৰতিবেদকৰ নিযুক্তি প্ৰদান কৰা হৈছে৷ জিলা সমিতিৰ অন্তৰ্গত মুঠ এঘাৰখন মণ্ডলৰ তত্ত্বাৱধান কৰিবলৈ ৰাজ্যিক সমিতিৰ তৰফৰপৰাও প্ৰতিখন মণ্ডলত এজনকৈ দলীয় জ্যেষ্ঠ কাৰ্যকৰ্তা ক্ৰমে- হালাকুৰা মণ্ডলত, আগমণি মণ্ডলত আইভি লতা ৰায়’ক, গোলকগঞ্জ মণ্ডলত সাবিত্ৰী ৰায়’ক, ৰূপসী মণ্ডলত, আলোকঝাৰী মণ্ডলত, গৌৰীপুৰ মণ্ডলত, মাটিয়াবাগ মণ্ডলত, মহামায়া মণ্ডলত, ধুবুৰী মণ্ডলত, ঝগৰাৰপাৰ মণ্ডলত আৰু ধৰ্মশালা মণ্ডলত দায়িত্ব প্ৰদান কৰি অতি নিয়াৰিকৈ সু-শৃংখলভাৱে সদস্যতা অভিযান আগৱঢ়াই ল’বলৈ এক পৰিকল্পনা যুগুত কৰিছে৷ ইয়াৰ বাবে প্ৰয়োজন ৮৮০০০০২০২৪ নম্বৰত এটিকৈ মিছ কল কৰি ভাৰতীয় জনতা পাৰ্টীৰ দলীয় সদস্য পদ গ্ৰহণ কৰি ‘এক শক্তিশালী বিজেপি-শক্তিশালী ভাৰত’ গঢ়িবলৈ আগুৱাই আহি ৰাষ্ট্ৰ নিৰ্মাণত ব্ৰতী হ’বলৈ ৰাইজলৈ আহ৩ান জনায়৷ সংবাদ মেলত প্ৰাক্তন সভাপতি ডাঃ দেৱময় স্যান্যাল, সম্পাদক শৈলেন্দ্ৰ কিশোৰ ৰায়, সম্পাদক নবীন সৰকাৰ, কোষাধ্যক্ষ তাৰকেশ্বৰ পাল উপস্থিত থাকে৷ আৰম্ভণিতে সংবাদ মেলৰ আঁত ধৰে ধুবুৰী জিলা বিজেপিৰ মিডিয়া বিভাগৰ আহ৩ায়ক দেৱপ্ৰসাদ সিংহই৷