Logo
image

চিনেমা, প’ৰ্টেল, বিবাহত লাখ লাখ টকা হেলাৰঙে বিনিয়োগ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ ছেপ্টেম্বৰ : ৰাজস্থানৰ উদয়পুৰত মহা ধুম ধামেৰে অনুষ্ঠিত কৰা ডেষ্টিনেশ্বন ৱেডিঙেই কাল হ’ল কৰিঅ’গ্ৰাফাৰ-অভিনেত্ৰী চুমি বৰা আৰু তেওঁৰ পাতি লোৱা ভাতৃ বিশাল ফুকনৰ৷ অসমৰ কোনো উদ্যোগপতি পৰিয়ালৰ বাবেও অসম্ভৱক সম্ভৱ কৰি অভিনেত্ৰী-কৰিঅ’গ্ৰাফাৰ চুমি বৰাই ৰাজস্থানৰ জয়পুৰত ৰাজকীয় কায়দাৰে অনুষ্ঠিত কৰিছিল নিজৰ বিবাহ অনুষ্ঠান৷ ফটোগ্ৰাফাৰ  তাৰ্কিক বৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা চুমি বৰাই সপোনপুৰী উদয়পুৰৰ বিবাহনুষ্ঠানলৈ ডিব্ৰুগড় আৰু গুৱাহাটীৰ পৰা দুখন চাৰ্টাড ফ্লাইট ভাড়া কৰি  লৈ গৈছিল পৰিয়াল আৰু আত্মীয়সকলক৷ নৱ দম্পত্তিৰ বিবাহনুষ্ঠানলৈ চাৰ্টাড ফ্লাইটত অসমৰ সাংস্কৃতিক জগতৰ বহু চেলিব্ৰিটী অভিনেতা-অভিনেত্ৰীয়ো অতিথি হৈছিল৷ বিবাহত চুমি বৰাই বলীউডৰ বিখ্যাত ফেশ্বন ডিজাইনাৰ মনীষ মাহহোত্ৰাই ডিজাইন কৰা ১৮ লাখ টকীয়া পোছাক পিন্ধিছিল৷ স্বাভাৱিকতেই এই ৰাজকীয় বিবাহৰ ফটো-ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই সকলোৰে মনত সন্দেহ হৈছিল৷ অভিনেত্ৰী-কৰিঅ’গ্ৰাফাৰ চুমি বৰাই বিলাসবহুল বিয়াৰ বাবে ইমান ধন ক’ত পাইছে? চুমি বৰাৰ হাতত এনে কি আলাদ্দিনৰ চাকি আছে, যি এখন বিবাহত লাখৰ পৰা কোটিৰ ঘৰত টকা ব্যয় কৰিব পাৰে৷ বহুতৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰা চুমি বৰাৰ টকাৰ উৎসক লৈ ঘনিষ্ঠ মহলেই অনুসন্ধান আৰম্ভ কৰে৷ এই অনুসন্ধানত চুমি বৰাৰ আলাদ্দিনৰ চাকিটো আৱিষ্কাৰ কৰে কোনোৱে৷ কৰিঅ’গ্ৰাফাৰগৰাকীক বিবাহত ইমান লাস-বিলাসৰ বাবে টকা দিয়া ব্যক্তিজন তেওঁৰ পাতি লোৱা ভাতৃ ডিব্ৰুগড়ৰ বিশাল ফুকন বুলি নিশ্চিত হয়৷ বিশাল ফুকন আন কোনো নহয়, তেওঁ হৈছে এজন ২২ বছৰীয়া যুৱক৷ এই কম বয়সীয়া যুৱকজেনই  আজি কোটি কোটি টকাৰ মালিক৷ ৩-৪ খন বিলাসী বাহনৰ গৰাকী বিশাল ফুকনে ইচ্ছা কৰিলেই এখনৰ পাছত আন এখন বিদেশী ৰাষ্ট্ৰ ভ্ৰমণ কৰে৷ মাতৃকো জন্মদিনত উপহাৰ দিয়ে দামী গাড়ী৷ ২০২৪ চনত বিশালে ‘প্ৰিছেলিয়া’ নামৰ এটা ফাৰ্মাচিউটিকেল কোম্পানীও গঠন কৰিছে৷



এই কোম্পানীৰ সঞ্চালকমণ্ডলীৰ অন্যতম হিচাপে বিশাল ফুকনৰ উপৰি চুমি বৰাৰ ভাতৃ ৰাজীৱ বৰা আৰু ভাই বোৱাৰী জিংকী মিলিও আছে৷ কেৱল ঔষধ কোম্পানীতে যে বিশালে ধন বিনিযোগ কৰিছে তেনে নহয়, ইয়াৰোপৰি ৱেব ছিৰিজ, চিনেমা প্ৰডাকশ্বন আৰু পৰ্টেল- ইউটিউব চেনেলতো ধন বিনিযোগ কৰিছে৷ কিন্তু চুমি বৰাৰ লাস-বিলাসৰ ধনৰ উৎসৰ সন্ধান কৰোতে বিশাল ফুকনৰো ধনৰ উৎসৰ তথ্য ওলাল৷ কম বয়সীয়া যুৱকজনে কৰে ধনৰ ব্যৱসায়৷ অৰ্থাৎ নটাৰী এগ্ৰিমেণ্ট কৰি বিশালে ৬০ দিনৰ ভিতৰত ৩০ শতাংশ ৰিটাৰ্ন দিয়াৰ প্ৰতিশ্ৰুতি দি বিভিন্নজনৰ পৰা লয় ধন৷ বিভিন্নজনৰ পৰা নটাৰী এগ্ৰিমেণ্ট কৰি ধন লোৱাৰ কথা ইতিমধ্যে বিশালে ৰাজহুৱাকৈ স্বীকাৰ কৰাৰ লগতে ফৰেক্স ট্ৰেডিঙত বিনিয়োগ কৰি সকলোকে নিৰ্ধাৰিত সময়ত প্ৰাপ্য ঘূৰাই দিয়া বুলিও দাবী কৰিছে৷ কিন্তু ছিকিউৰিটী এণ্ড এক্সচেঞ্জ বোৰ্ড অৱ ইণ্ডিয়া অৰ্থাৎ ছেবিৰ গাইডলাইন অনুসৰি কোনো ব্যক্তি বিশেষে ধন বিনিয়োগৰ বিনিময়ত লাভ দিয়াৰ এনে চুক্তি কৰিব নোৱাৰে৷ কিন্তু মহাপ্ৰবঞ্চক বিশালৰ প্ৰতিশ্ৰুতিত ভুল গৈ বিভিন্নজনে ধন বিনিয়োগ কৰিবলৈ আৰম্ভ কৰে৷ পুঁজিপতি ব্যৱসায়ীৰ পৰা ৰাজনীতিলৈ, শিল্পীৰ পৰা আৰক্ষীলৈ বিভিন্নজনে বিনিয়োগ কৰা কোটি কোটি টকাৰে কাৰ্যতঃ ৰাজকীয় জীৱন  আৰম্ভ কৰে বিশালে৷ এই ধনৰ ভাগ দিয়ে পাতি লোৱা বায়েক চুমি বৰাকো৷ এই ধনেৰে চুমি বৰাই উদয়পুৰত নিজৰ ৰাজকীয় বিবাহো পাতে৷ নামৰূপৰ বিভিএফচিএলৰ নিবাসী বিশালে গুৱাহাটীৰ ডি বি ষ্টকৰ প্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ দৰে কোনোবা দিনা গ্ৰাহকক টকা ঘূৰাই দিব নোৱাৰি আত্মগোপন কৰাৰ আশংকাত সংবাদ মাধ্যমে আৰক্ষী-প্ৰশাসনক সতৰ্ক কৰি দি বাতৰি পৰিৱেশন কৰাৰ পাছতেই সক্ৰিয় হৈ পৰিল অসম আৰক্ষী৷ সেই সূত্ৰই ডিব্ৰুগড় আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰি সোমবাৰে নিশা ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলি এপাৰ্টমেণ্টৰ পৰা গ্ৰেপ্তাৰ কৰে বিশাল ফুকনক৷ বিশালৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে কৰিঅ’গ্ৰাফাৰ চুমি বৰাৰ ডিব্ৰুগড় আৰু গুৱাহাটীৰ ঘোঁৰামৰাৰ আনন্দ নগৰৰ ২১ নম্বৰৰ বাসগৃহত অভিযান চলাই যদিও অভিনেত্ৰীগৰাকীৰ কোনো সম্ভেদ লাভ নকৰিলে৷

চুমি বৰাই ইতিমধ্যে মোবাইল বন্ধ কৰি আত্মগোপন কৰিছে বুলি আৰক্ষীৰ সূত্ৰই সদৰি কৰিছে৷ চুমি বৰাৰ সৈতে কেনেকৈ পৰিচিত হৈছিল বিশাল সৰুৰ পৰা সংগীতৰ প্ৰতি ৰাপ আছিল বিশাল ফুকনৰ৷ বিদ্যালয় পৰ্যায়ৰ অনুষ্ঠানত গীত গোৱা বিশালে লাহে লাহে সান্নিধ্য লাভ কৰিছিল সাংস্কৃতিক জগতৰ একাংশ লোকৰ৷ বিশালৰ সংগীতৰ উপৰিও ৰাপ আছিল মডেলিঙত৷ ইয়াৰ মাজতে এটা অনুষ্ঠানত বিশালৰ পৰিচয় হয় চুমি বৰাৰ৷ বিলাসী গাডীত উঠি অহা ‘যুৱ উদ্যোগী’জনৰ প্ৰথম চিনাকীতে ঘনিষ্ঠ হয়৷ বিশালে চুমি বৰাক পাতি লয় জ্যেষ্ঠ ভগ্নী৷ পৰৱৰ্তী সময়ত দুয়োটা পৰিয়ালৰ মাজতে ঘনিষ্ঠতা বৃদ্ধি পায়৷ ইয়াৰ মাজতে চুমি বৰাই বিশালক চিনাকী কৰাই দিয়ে সাংস্কৃতিক জগতৰ নামী-দামী অভিনেতা-অভিনেত্ৰীসকলক৷ সেই চিনাকীৰ সূত্ৰেই পাতি লোৱা বায়েক চুমি বৰাক অভিনয়ৰ সুযোগ দিয়াৰ চৰ্তত এজন জনপ্ৰিয় অভিনেতাৰ পৰিচালিত আৰু অভিনীত এখন বিগ বাজেটৰ ছবিত প্ৰযোজনাও কৰে বিশালে৷ অৱশ্যে ছবিখনত প্ৰযোজক হিচাপে অভিনেতাজনৰ পত্নীৰহে নাম আছে৷ এই ছবিখনত চুমি বৰাই এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল৷ ইফালে উক্ত ছবিখনৰ পাছতেই অভিনেতাজনে বিশাল ফুকনৰ ফৰেষ্ট  ট্ৰেডিং ইনভেষ্টমেণ্ট কোম্পানী ‘পুনত্ৰি’ত প্ত লাখ টকা বিনিয়োগ কৰা বুলিও চৰ্চা চলিছে৷ এই অভিনেতানৰ উপৰি এজন জনপ্ৰিয় কণ্ঠ শিল্পীয়ে বিশালক ধন বিনিযোগ কৰাৰ তথ্যও পোহৰলৈ আহিছে৷ লক্ষণীয়ভাৱে কৰিঅ’গ্ৰাফাৰ চুমি বৰাই নায়িকা হিচাপে অভিনয় কৰা বিগ বাজেটৰ ছবি ‘দ্য ব্লেক আমব্লেলা’তো প্ৰযোজনা কৰিছে বিশাল ফুকনে৷ এই ছবিখন পৰিচালনা কৰিছে জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ আদিত্যমে৷ ছবিখনত ব্ৰিটিছ অভিনেতা জেমচ শ্বাহকো অভিনয়ৰ চুক্তিবন্ধ কৰা হৈছে৷ কিন্তু বিশালৰ প্ৰৱঞ্চনাৰ কথা ৰাজহুৱা হোৱাৰ পাছতেই ডেৰ কোটি টকাৰ বাজেটৰ ছবিখনৰ আধাতে শ্বুটিং বন্ধ কৰি দিছে  প্ৰযোজক বিশাল ফুকনে৷ এয়া কেৱল বিশাল ফুকনৰ প্ৰবঞ্চনাৰ কাহিনী যদিও প্ৰবঞ্চকৰূপী সপোনৰ সদাগৰৰ বিৰুদ্ধে  আৰক্ষীয়ে ধাৰাবাহিকভাৱে আৰম্ভ কৰিছে অিভযান৷ ৰাজ্যৰ বাহিৰৰ-ভিতৰৰ সহজ-সৰল লোকক অধিক লাভৰ সপোন দেখুৱাই এইসকল সপোনৰ সদাগৰে অনলাইন ট্ৰেডিঙৰ জৰিয়তে লুণ্ঠন চলাই আহিছে৷ ডি বি ষ্টকৰ মালিক দীপাংকৰ বৰ্মনে গ্ৰাহকৰ কোটি কোটি টকা লুণ্ঠন কৰি পলায়ন কৰাৰ পাছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অনলাইন ট্ৰেডিং ব্ৰ’কাৰৰ বিৰুদ্ধে আৰক্ষীয়ে পতিছে জাল৷ মঙলবাৰৰ দিনটোত আৰক্ষীয়ে বিশাল ফুকন, স্ব›Ÿনীল দাসসহ এক ডজন প্ৰবঞ্চকক  কৰায়ত্ত কৰিছে৷