Logo
image

পৃথিৱীৰ দিশে আহি আছে বিশাল গ্ৰহাণু

ঘণ্টাত গতিবেগ ১,২৪,০০০ কিলোমিটাৰ

আমাৰ অসম ২২ মাৰ্চঃ এটা বৃহৎ গ্ৰহাণু পৃথিৱীৰ দিশে দ্ৰুতগতিত নামি আহি আছে৷ প্ৰতি ঘণ্টাত ৭৭ হাজাৰ মাইল [এক লাখ চব্বিশ হাজাৰ কিলোমিটাৰ] গতিবেগত নামি অহা এই গ্ৰহাণুটো দেওবাৰে পৃথিৱীৰ পৰা ১৮ লাখ কিলোমিটাৰ ওচৰ চাপে৷ উল্লেখ্য, এই গ্ৰহাণুটোৰ নাম ‘২০০১ এফ ও ৩২’৷ ইয়াৰ  ব্যাসাৰ্ধ ৪৪০ মিটাৰৰ পৰা প্ৰায় ৬০০ মিটাৰ [১০০৩ ফুট দূৰত্বৰ পৰা ২২৩০ ফুট] বুলি বিজ্ঞানীসকলে অনুমান কৰিছে৷ ২০০১ চনত আৱিষ্কাৰ হোৱা এই গ্ৰহাণুটোৰ গতিপথ সম্পৰ্কে বহু পূৰ্বেই চিহ্নিত কৰিছিল বিজ্ঞানীসকলে৷ বৃহৎ আকৃতিৰ গ্ৰহাণুটো নাছাৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে৷