Logo
image

অনলাইন ট্ৰেডিঙৰ ক্ষেত্ৰত ৰাইজ সতৰ্ক হওক

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ৪ ছেপ্টেম্বৰ : ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত সক্ৰিয় হৈ আছে চাইবাৰ অপৰাধী চক্ৰ৷ চাইবাৰ অপৰাধীয়ে বিভিন্ন কৌশল অৱলম্বন কৰি সৰ্ব সাধাৰণ লোকৰ ধন লুটি  আছে৷ এইদৰে কয় গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই৷ গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত আজি আয়োজন কৰা এক সংবাদ মেলত ভাগ লৈ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয় যে দুষ্ট চক্ৰটোৱে এ পি ডি চি এলৰ আঁচনিৰ নামত ধন সংগ্ৰহ কৰি আছে৷  এটা মেচেজ আহে প্ৰি পেড মিটাৰত পইছা নাই বুলি ফোন কৰি ধন সংগ্ৰহ কৰি আহিছে৷  এটা ফোন আহে আপোনাৰ পুত্ৰ বা বোৱাৰীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি কৈ তেওঁলোকক মুকলাই দিয়াৰ বিনিময়ত ধন সংগ্ৰহ কৰি আহিছে৷ তদুপৰি আপোনাৰ নামত এটা পাৰচেল আহিছে তাত ড্ৰাগছ আছে বুলি কৈ ধন সংগ্ৰহ কৰি আহিছে৷ Loan ahpৰ জৰিয়তে বহুতে লোন লোৱাৰ নামত ৰেজিষ্টাৰ কৰিও ধন হেৰুৱাব লগা হৈছে৷ হোটেল বুকিং বা বেলেগ বুকিঙৰ নামত বহুতো লোকে অপৰাধ কৰি আছে৷ এইবোৰ অপৰাধীৰ জালত পৰি কোটিৰ লৈকে মানুহে পইছা হেৰুৱাব লগা হৈছে৷ অন লাইনৰ কোনো এপত যাতে ৰাইজে পইছা নিদিয়ে তাৰ প্ৰতি ৰাইজ সজাক আৰু সচেতন হৈ থাকিব লাগিব৷ এখন ই-মেইল আহে, যত চাইবাৰ অপৰাধীয়ে porn videos চোৱাৰ ৰিপ্লাই কৰে আৰু বিভিন্ন প্ৰকাৰে ভয় খুৱাই শেষত পইছা দিবলৈ বাধ্য কৰায়৷ ৱাটচএপ কলত এটা ভিডিঅ কল কৰি তাত উলংগ ভিডিঅ দেখাই হঠাৎ স্ক্ৰিনচট বা ৰেকৰ্ডিং কৰি তেওঁ পঠাই দিয়ে সেই ব্যক্তিজনলৈ তাৰ বিনিময়ত ধন দাবী কৰে আৰু ধন লুটি নিয়ে৷


ফেক ফেচবুক profile খুলি বিভিন্ন ব্যক্তিলৈ মেচেজ দিয়ে তাৰ দ্বাৰাও বহুতে পইছা হেৰুৱাব লগা হৈছে৷ এ এল ব্যৱহাৰ কৰি এজন ব্যক্তিৰ মাত প্ৰস্তুত কৰিব পাৰে সেই মাতত পইছাও দাবী কৰি আহিছে দুষ্ট চক্ৰটোৱে৷ এইদৰে কয় আৰক্ষী আয়ুক্ত দিগন্ত বৰাই৷ ইপিনে, মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ চাইবাৰ থানাৰ আৰক্ষীয়ে অভিযান চলাই আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধী চক্ৰৰে জড়িত থকাৰ অভিয়োগত চাৰিটা চাইবাৰ অপৰাধী চক্ৰক গ্ৰেপ্তাৰ কৰে৷ ধৃত প্ৰৱঞ্চক চাৰিটা ক্ৰমে উজানবজাৰৰ বাবলু দাস, দিছপুৰ ছুপাৰ মাৰ্কেটৰ অনভেশ চন্দ্ৰ, হাতীগাঁৱৰ ভেটাপাৰাৰ চিনময় চক্ৰৱৰ্তী আৰু উজান বজাৰৰ অবিনাশ মহাতো৷ মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ তদন্তত পোহৰলৈ আহিছে চাইবাৰ অপৰাধী চক্ৰৰ বহু বিস্ফোৰক তথ্য৷ ধৃত চাইবাৰ অপৰাধীয়ে আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধী চক্ৰক ভাড়াত দিছিল গুৱাহাটীৰ বিভিন্ন বেংকৰ বহু বেংক একাউণ্ট৷ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই জনোৱা মতে, উজান বজাৰৰ ইছলামপত্তিৰ বাসিন্দা ৰহিমুদ্দিন আলী নামৰ লোক জনৰ বিভিন্ন নথি ব্যবহাৰ কৰি বাবলু দাস নামৰ বন্ধু জনে খ্ৰীষ্টানবস্তিৰ ফিডাৰেল বেংকত কৌশলেৰে এটা বেংক একাউণ্ট খোলে৷ ৰহিমুদ্দিন আলীৰ নামত বেংক একাউণ্ট খুলি বাবলু দাসে অবৈধ ভাবে ব্যৱহাৰ কৰি আছিল৷ এই বিষয়ে জানিব পাৰি ৰহিমুদ্দিন আলীয়ে ঘটনা সন্দৰ্ভত লতাশিল থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰি ব্যাপক বিসংগতি ধৰা পেলায়৷ মহানগৰ আৰক্ষীৰ এক শীৰ্ষ সূত্ৰই সদৰী কৰা তথ্য অনুসৰি এই অপৰাধী চক্ৰটোৱে ৰিস্কাৱালা, ঠেলাৱালা, মুৰ্গী ব্যবসায়ীকে ধৰি একাংশ দৰিদ্ৰ লোকৰ বেংক একাউণ্টৰ তথ্য সংগ্ৰহ কৰিছিল৷ যিসকল লোকৰ বেংক একাউণ্ট নাই তেওঁলোকৰ পৰা আধাৰকাৰ্ড, পানকাৰ্ড আৰু অন্যান্য নথিপত্ৰ লৈ বিভিন্ন বেংকত একাউণ্ট খুলি দিছিল৷ প্ৰতিটো একাউণ্টৰ বিনিময়ত মাহে পাঁচ হাজাৰকৈ টকা বেংক একাউণ্টৰ গৰাকীক ভাড়া আদায় দিছিল৷ এই বেংক একাউণ্টৰ সবিশেষ তথ্য প্ৰবঞ্চক চক্ৰটোৱে আন্ত: ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধী চক্ৰক যোগান ধৰিছিল৷ ইয়াৰ বিনিময়ত প্ৰতিমাহে প্ৰতিটো বেংক একাউণ্টৰ বিপৰীতে ৩০১ পৰা ৪০ হাজাৰ টকাকৈ চাইবাৰ অপৰাধী চক্ৰৰ পৰা আদায় লৈছিল অপৰাধী চক্ৰটোৱে৷ আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধী চক্ৰই বিভিন্ন লোকৰ পৰা লুট কৰা ধন এই একাউণ্ট সমূহত জমা কৰি লেন-দেন কৰিছিল৷ চাইবাৰ অপৰাধী চক্ৰৰে জড়িত হৈ প্ৰতিমাহে ৩ হাজাৰ একাউণ্টৰ বিপৰীতে কোটি কোটি সংগ্ৰহ কৰিছিল অপৰাধী চক্ৰটোৱে৷ এই প্ৰবঞ্চক চক্ৰটোৰ সৈতে আৰু বহু লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ বৰিছে আৰক্ষীয়ে৷ সম্প্ৰতি চাৰি প্ৰবঞ্চকৰ মহানগণ আৰক্ষীৰ উচ্ছপদস্থ বিষয়াই জেৰা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে প্ৰায় এমাহ পূৰ্বে হাতীগাঁও আৰক্ষীয়ে চাইবাৰ অপৰাধী চক্ৰৰ লগত জড়িত তিনি প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰিছিল৷