Logo
image

দুৰ্ঘটনাত পতিত কৰ্মচাৰীলৈ কোটি টকাৰ বীমা, আহতৰ বাবে ১০ লাখ টকা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ৫ ছেপ্টেম্বৰ : ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক বুধবাৰে বিয়লি ৫ বজাৰ পৰা লখিমপুৰৰ জিলা সন্মিলন কেন্দ্ৰত অনুষ্ঠিত হয়৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত  গ্ৰহণ কৰা হয়৷ আজিৰ কেবিনেটে অসমীয়া জাতি সুৰক্ষাৰ ক্ষেত্ৰত এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে৷ সেই অনুসৰি ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ   ৬৭টা দফাৰে ৫৭টা দফাত সন্নিৱিষ্ট পৰামৰ্শ ৰূপায়ণ কৰাৰ বাবে কেবিনেটে অনুমোদন জনায়৷ ২০২৫ চনৰ ১৫ এপ্ৰিলৰ ভিতৰত এই দফাসমূহ কাৰ্যকৰী কৰা হ’ব আৰু বাকী ১০টা দফা ভাৰত চৰকাৰৰ লগত আলোচনা মৰ্মে পৰৱৰ্তী সময়ত সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে কেবিনেটে অনুমোদন জনায়৷ জনজাতীয় ভাষা সংস্কৃতিত যাতে কোনো প্ৰভাৱ নপৰে সেই লক্ষ্যৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ লগত আলোচনাৰ জৰিয়তে এক মীমাংসা কৰা হ’ব বুলি কেবিনেটে সিদ্ধান্ত লয়৷ অৱশ্যে এইক্ষেত্ৰত ষষ্ঠ অনুসুচী আৰু বৰাক উপত্যাকাক বাদ দিয়া হ’ব৷  আনহাতে, কেবিনেটত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হোৱা ৰাজ্যচৰকাৰৰ কৰ্মচাৰীৰ পৰিয়ালে লাভ কৰিব ৰ কোটি টকাৰ বীমা ধন, আহতই পাব দহ লাখ টকাৰ বীমা ধন৷ পংগু হ’লে ৮০ লাখ আৰু আংশিক পংগু হ’লে ৫০ লাখ টকাৰ বীমা ধন লাভ কৰিব৷ বেমাৰত মৃত্যু হ’লে ১০ লাখ অতিৰিক্তভাৱে লাভ কৰিব৷ এই সন্দৰ্ভত চৰকাৰে ভাৰতীয় ষ্টেট বেংককে ধৰি অন্যান্য বেংকৰ লগত চুক্তি কৰিছে৷ আজিৰ কেবিনেটত ৩৯খন সম জিলাক অনুমোদন জনোৱা হয়৷ ২ অক্টোবৰ পৰা এই সম জিলাসমূহত কাম আৰম্ভ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত ঘোষণা কৰে৷ সেই জিলাসমূহ হৈছে–  ধুবুৰীৰ বিলাসীপাৰা, গোলোকগঞ্জ, বঙাইগাঁৱৰ অভয়াপুৰী, লখিমপুৰৰ ঢকুৱাখনা, ধেমাজিৰ জোনাই, তিনিচুকীয়াৰ মাৰ্ঘেৰিটা, শদিয়া, ডুমডুমা, শিৱসাগৰৰ নাজিৰা, ডিমৌকে ধৰি ৩৯খন সম জিলাৰ অনুমোদন জনায়৷ ২০ লাখ লোকক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবেও আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷


১৫ ছেপ্টেম্বৰৰ ভিতৰত এই অতিৰিক্ত ৰেচন কাৰ্ডসমূহ হিতাধিকাৰীসকলে লাভ কৰিব৷ আজিৰ কেবিনেটত ১৯ নৱেম্বৰৰ দিনটো বীৰ ৰাঘৱ মৰাণ দিৱস হিচাপে পালন কৰাৰ লগতে সেই দিনটো সীমিত বন্ধৰূপে কেবিনেটে স্বীকৃতি প্ৰদান কৰে৷ কেবিনেটত ঔদ্যোগিক সম্প্ৰসাৰণৰ লক্ষ্যৰে জাগীৰোডৰ ছেমিকণ্ডাক্টৰ ইণ্ড্ৰাষ্টীৰ কাষত এখন তাজ হোটেল নিৰ্মাণৰ অনুমোদন জনায়৷ কেবিনেটত অসম চাহ নিগমৰ অধীনস্থ চাহ বাগিচাসমূহত পূজাৰ বোনাছ ২০ শতাংশকৈ এক কিস্তিত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ কেবিনেটত লখিমপুৰ জিলাৰ বাবে কেইবাটাও প্ৰকল্পক অনুমোদন জনায়৷ সেই অনুসৰি ৰঙানদী সমষ্টিত দিৰ্জু-কিমিন ৰোড নিৰ্মাণৰ বাবে ২৭ কোটি টকা, ডিক্ৰং নৈৰ ওপৰত পথ আৰু মথাউৰি নিৰ্মাণৰ বাবে ২৫ কোটি টকাৰ অনুমোদন জনায়৷ জিলাখনৰ লালুক কলেজত এটা বিজ্ঞান শাখা স্থাপনত অনুমোদন জনোৱাৰ লগতে খাৰকাটি দলঙৰ পৰা এলেঙী সত্ৰলৈ ৩০ কিলোমিটাৰ দৈৰ্ঘৰ পথত ৪৪ কোটি টকাৰ অনুমোদন জনায়৷ এছেৰাকটা-বালিভেটা খহনীয়া সুৰক্ষাৰ বাবে ২৪.৯৮ কোটি টকা অনুমোদন জনায়৷ বগীনদীত ১৫ কোটিটকীয়া গেষ্ট হাউচ নিৰ্মাণতো কেবিনেটে অনুমোদন জনায়৷ গোমনদীৰ পৰা ২৩ কিলোমিটাৰ দৈৰ্ঘৰ পথত ১৯ কোটি টকা পথ নিৰ্মাণত অনুমোদন জনোৱাৰ লগতে ঢকুৱাখনাত ৩০খন বিছনাযুক্ত চিকিৎসালয়ৰ পৰিৱৰ্তে ২০০খন বিছনাযুক্ত জিলা চিকিৎসালয়লৈ উন্নীত কৰাৰ সিদ্ধান্তত অনুমোদন জনোৱা হয়৷ ঢকুৱাখনাৰ ঐতিহাসিক ফাটবিহু থলীত এটা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ বাবে ২০ কোটি টকা অনুমোদন জনোৱা হয়৷ মাধৱদেৱৰ দুয়োখন থান আৰু পথ উন্নয়নৰ বাবে ৩০ কোটি টকা অনুমোদন জনোৱা হয়৷ সেইদৰে ধলপুৰৰ অনিৰুদ্ধদেৱ থান উন্নয়নৰ বাবে ১৫ কোটি টকা অনুমোদন জনোৱা হয়৷ বিহালীৰ বেদেতিত ডিগ্ৰী কলেজ স্থাপনৰ বাবেও অনুমোদন জনায় আজিৰ কেবিনেটে৷