Logo
image

বুৰ্জ খালিফাত চিনেমা নিৰ্মাণৰ চুক্তি কৰিছিল বিশাল-চুমিয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ ছেপ্টেম্বৰ :ছৌদি আৰবৰ ধন কুবেৰৰ দৰেই লাইফ ষ্টাইল আছিল বিশাল-চুমিৰ৷ নিজৰ চখ বা ইচ্ছা পূৰণৰ বাবে পানীৰ দৰে টকা খৰচ কৰিছিল দুয়োৱে৷ অসমৰ কোনো ধনৱন্ত উদ্যোগপতিৰ বাবে সম্ভৱ নোহোৱা কামো টিলিকতে সম্ভৱ হৈছিল বিশাল-চুমি বৰাৰ বাবে৷ অনলাইন মানী ট্ৰেডিঙৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰি প্ৰাচুৰ্য-ভোগ বিলাস, মদ মাস্বৎৰ্যৰ স্বপ্ন বিভোৰ মদিয়াৰত চুমি-বিশালে ডুব গৈছিল৷ প্ৰত্যেকটো দিনে তেওঁলোকৰ বাবে আছিল উৎসৱ ৰঙীণ৷ দেশ-বিদেশৰ নামি-দামী ফেশ্বন ডিজাইনাৰে প্ৰস্তুত কৰি দিয়া লাখ লাখ টকীয়া ৰংচঙীয়া কাপোৰ পৰিধান কৰি কেমেৰাৰ সন্মুখত পজ দিয়াটো চুমি বৰাৰ হবি আছিল৷ পাতি লোৱা ভাতৃ বিশাল ফুকনে চুমিৰ চখ পূৰণ কৰিবৰ বাবে পাইপৰ পানীৰ দৰে টকা বোৱাইছিল৷ কৰিঅ’গ্ৰাফাৰ চুমি বৰাক নায়িকা হিচাপে অভিনয় কৰাই এখন বিগ বাজেটৰ ছবি প্ৰযোজনা কৰিছিল বিশাল ফুকনে৷ হলীউডৰ আৰ্হিত নিৰ্মিত ‘দ্য ব্লেক আমব্লেলা’ নামৰ এই ছবিখন পৰিচালনা কৰিছিল মুম্বাইত বাস কৰা অসমৰ ফেশ্বন ডিজাইনাৰ আদিত্যম কাশ্যপ শইকীয়াই৷ জানিব পৰামতে ছবিখনত ব্ৰিটিছ অভিনেতা জেমছ শ্বাহকো চুক্তিবদ্ধ কৰোৱা হৈছিল৷ লক্ষণীয় যে এই চিনেমাৰ বাবে চুমি-বিশাল আৰু আদিত্যম শইকীয়াৰ মাজত চুক্তি স্বাক্ষৰ হৈছিল ডুবাইৰ বুৰ্জ খালিফাত৷ বুৰ্জ খালিফাৰ যি স্থানত তেওঁলোকে বাহৰ পাতিছিল তাৰ এটা কোঠাৰ দামেই এনিশাত ২০ লাখ টকা পৰ্যন্ত আছিল৷ ইয়াৰ পৰাই অনুমান কৰিব পাৰি চিনেমাখনৰ শ্বুটিঙৰ বাবে বিশালে কিমান টকা খৰচ কৰিছিল৷ জানিব পৰা চিনেমাখনৰ শ্বুটিঙৰ ৪০-৫০ শতাংশ কাম সম্পূৰ্ণ হৈছিল৷ আৰু ২৫-২৭ দিন মানৰহে কাম বাকী আছিল৷ বিশালৰে চিনেমাৰ বাবে চুক্তিবদ্ধ হোৱাৰ পাছতে আদিত্যম কাশ্যপ শইকীয়াৰ হাতলৈ আহিছিল বিপুল পৰিমাণৰ ধন৷ শেহতীয়াকৈ আদিত্যমে চিনেমা প্ৰযোজনা, মিউজিক ভিডিঅ’ প্ৰযোজনা কৰিছিল৷



চিনেমা প্ৰযোজক আদিত্যম কাশ্যপ শইকীয়া, চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাই এটা পেকেজত কাম কৰিছিল৷ বিশাল ফুকন আৰক্ষীৰ জালত পৰাৰ পাছতে বিপদ দেখি আদিত্যম শইকীয়াই বিবৃতি যোগে বিশাল-চুমিৰে সম্পৰ্ক ছেদ ঘোষণা কৰে৷ নিজৰ চাফাই গাই আদিত্যম শইকীয়াই কয়– ‘বিশাল ফুকনে মোৰ নতুন ছবিখনৰ প্ৰযোজনা কৰিছিল৷ বিশাল ফুকনক মই যোৱা বছৰ লগ পাইছিলো৷ যোৱা বছৰ শেষৰ ফালে তেখেতে মোৰ ওচৰত কাপোৰ বনাবলৈ আহিছিল৷ সেই সময়তে মোৰ ৰঙাটাপু ৰিলিজ হৈছিল৷ দৰ্শকে ভাল পাইছিল৷ তেখেতেও জনালে যে তেওঁ এখন ছবি কৰিব বিচাৰে৷ ময়ো যিহেতু নতুন এখন ছবিৰ পৰিকল্পনা কৰি আছিলো৷ মই মোৰ কাহিনীটো তেখেতৰ সন্মুখত ৰাখিলো৷ তেখেতে কৰিম বুলি ক’লে৷ মোৰো কাম ভাল লাগিলে, সেই সময়ত তেখেতৰ লগত কথা-বতৰা পাতি৷ তেনেদৰে ছবিখনৰ কাম আগবাঢ়িল৷ ছবিখনৰ শ্বুটিং আমি মাৰ্চ মাহৰ পৰা কৰিলিছো৷ বিশাল ফুকনৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ লগত মোৰ কোনো সম্পৰ্ক নাই৷ মোৰ ছবিখনৰ প্ৰযোজক হিচাপেহে তেখেতৰ লগত সম্পৰ্ক৷ ১৯ আগষ্টত বিশাল ফুকনে মোক মেছেজ কৰি জনালে যে ছবিখন আৰু আগবঢ়াব নোৱাৰিব৷ চুমি বৰাকো মই যোৱা বছৰৰ পৰাহে লগ পাইছিলো৷ বিয়াৰসময়ত মোৰ ওচৰত কাপোৰ বনাবলৈ আহিছিল৷ চুমি বৰাৰ স্বামী তাৰ্কিক মোৰ বন্ধু৷ সেই হিচাপে মই চুমি বৰাক চিনি পাও৷ ডুবাইত তেখেত সকলো ফুৰিবলৈ গৈছিল, মইয়ো ফুৰিবলৈ গৈছিলো৷ তাত এনেই ফুৰ্টিতহে ছবিখনৰ চুক্তিত স্বাক্ষৰ কৰা হৈছিল৷’ ইফালে বিশাল ফুকনৰ বেংক একাউণ্টত ১০০ কোটিৰ লেনদেনৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ ১০০ কোটিৰ লেনদেনত বহু প্ৰভাৱশালী ৰাজনৈতিক  নেতা আৰু জনপ্ৰিয় শিল্পী, চিকিৎসক, অভিযন্তা, প্ৰবক্তাৰ নাম সঙোৰ খাইছে৷