Logo
image

কষ্টৰ ধন নষ্ট নকৰিব, এই পৰ্যন্ত ৩৮ ট্ৰেডাৰ গ্ৰেপ্তাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ,৫ ছেপ্টেম্বৰ : ইজনৰ পাছত যিজন অনলাইন ট্ৰেডাৰ আৰক্ষীৰ জালত পৰাৰ পাছত ট্ৰেডিং সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ অনলাইন আৰু মেনুৱেল সকলো ধৰণৰ ট্ৰেডিঙৰ পৰা ৰাজ্যবাসীক সাৱধানে থকাৰ আহ৩ান জনাই  বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– ট্ৰেডিং সম্পূৰ্ণ অবৈধ৷ ট্ৰেডিঙৰ সৈতে জড়িত ৩৮ জনক গ্ৰেপ্তাৰ কৰা হৈছে৷ অসমৰ ৰাইজক মই কৈছোঁ ট্ৰেডিং সম্পূৰ্ণ বেআইনী৷ কোনো মানুহৰ হাততে এনে যাদু নাই যে ৩০-২৫ শতাংশ পৰ্যন্ত সূদ দিব পাৰে৷ ৰাজ্যত এপৰ জৰিয়তে আৰু মেনুৱেলী হৈ আছে ট্ৰেডিং৷ দুয়োটা অবৈধ ব্যৱসায়ৰ ষড়যন্ত্ৰত নপৰিবলৈ মই অসমৰ ৰাইজক আহ৩ান জনাইছোঁ৷ জমা টকা এনেকৈ কোনোবাই লৈ যাব এয়া কেতিয়াও গ্ৰহণযোগ্য নহয়৷ এইক্ষেত্ৰত ৰাইজ সাৱধান হোৱা উচিত৷ আৰক্ষীয়ে আৰক্ষীৰ কাম কৰি গৈ থকিব৷ অসমত ট্ৰেডিঙেই নহয়, লটাৰী, তীৰ সকলো নিষিদ্ধ৷ 


মূল্য সমস্যা সমাধন নকৰি বিভ্ৰান্তি সৃষ্টি কৰাত গুৰুত্ব দিছে মুখ্যমন্ত্ৰীয়ে : গৌৰৱ

‘আমাৰ অসম’ৰ শিৱসাগৰৰ প্ৰতিনিধি : অসমৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ আজি শিৱসাগৰত উদ্বিগ্নতা প্ৰকাশ কৰিলে সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ দলপতি গৌৰৱ গগৈয়ে৷ চাইবাৰ ক্ৰাইম ৰোধ কৰিবলৈ যিদৰে সজাগতাৰ পৰা আৰম্ভ কৰি বিভিন্ন পদক্ষেপ ল’ব লাগিছিল অসম চৰকাৰে তেনে কৰা নাই বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ গৌৰৱ গগৈয়ে সাংবাদিকৰ আগত কয়–‘বৰ্তমান সময়ত ট্ৰেডিঙৰ নামত লুণ্ঠন হৈছে৷ হত্যা, লুণ্ঠন, ডকাইতৰ কাৰ্যকলাপ বৃদ্ধি পাইছে৷ ঘৰুৱা হিংসা বৃদ্ধি পাইছে৷ মহিলা নিৰ্যাতন, শিশু নিৰ্যাতন, যৌন নিৰ্যাতন বৃদ্ধি পাইছে৷ বৃদ্ধি পাইছে৷ চাইবাৰ ক্ৰাইম বৃদ্ধি পাইছে৷ চোৰৰ প্ৰকোপ বৃদ্ধি পাইছে৷ গাড়ী চোৰ বৃদ্ধি পাইছে৷ এইবোৰ বন্ধ কৰিবলৈ হ’লে সামাজিক ভাৱে দায়িত্ব ল’ব লাগিব৷ অভিভাৱকসকলে দায়িত্ব ল’ব লাগিব৷ চৰকাৰে দায়িত্ব ল’ব লাগিব৷ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব৷ বৰ্তমানৰ চৰকাৰে ৰাইজৰ মূল সমস্যা সমাধান নকৰি বিভ্ৰান্তি সৃষ্টি কৰাত গুৰুত্ব দিছে৷ মুখ্যমন্ত্ৰীয়ে ৰাইজৰ সমস্যা সমাধানত গুৰুত্ব নিদি নিজৰ বিফলতা লুকুৱাবলৈ ৰাজনীতি কৰি আছে৷  মুখ্যমন্ত্ৰীয়ে ৰাইজৰ বিবেকক আৰু অপমানিত নকৰিব, যোৱা লোকসভা নিৰ্বাচনৰ পৰা যি শিক্ষা ল’ব লাগিছিল সেই শিক্ষা লওক বুলিও কটাক্ষ কৰে গৌৰৱ গগেয়ে

নগাঁৱতো অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা 

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ : অনলাইন ট্ৰেডিং আৰু ষ্টক মাৰ্কেটৰ নামত ব্যাপক হাৰত ধন সংগ্ৰহ কৰা কেইবাজনো লোক ইতিমধ্যে অসম আৰক্ষীৰ জালত পৰিছে৷  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে প্ৰৱঞ্চনাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়াৰ পাছত ৰাজ্যৰ বিভিন্ন স্থানত এটাৰ পাছত আন এটা প্ৰৱঞ্চকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ কালি নগাঁও জিলাৰ ৰূপহীহাট থানাৰ আৰক্ষীয়ে অনলাইন ট্ৰেডিঙৰ লগত জড়িত থকাৰ অভিযোগত পাঁচজন যুৱকক গ্ৰেপ্তাৰ কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ আজিও নগাঁও সদৰ থানাৰ আৰক্ষীয়ে অভিযান চলাই চহৰখনৰ ডিমৰুগুৰিৰপৰা বিশাল তামুলী নামৰ এজন যুৱকক আটক কৰে৷ আৰক্ষীয়ে ধৃত তামুলীক আদালতত হাজিৰ কৰোৱাৰ পাছত তিনিদিনৰ আৰক্ষীৰ জিম্মাত লৈছে৷ তেওঁৰ লগত আৰু কোন কোন জড়িত আছে তেওঁলোকক বিচাৰি আজি নিশাৰ ভিতৰত অভিযান চলোৱাৰ সম্ভাৱনা আছে৷ জানিবপৰা মতে, বিশাল তামুলী হ’ল অগপৰ ছাত্ৰ সংগঠনৰ এজন ৰাজ্যিকপৰ্যায়ৰ নেতা৷ তেওঁৰ লগত সেই ৰাজনৈতিক দলটোৰ ছাত্ৰ আৰু যুৱ সংগঠনৰ আন কেইবাজনো নেতা জড়িত থকাৰ তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে৷ গ্ৰেপ্তাৰৰ ভয়ত বৰ্তমান তেওঁলোক পলাতক হৈ আছে৷ উল্লেখ্য, বিশাল তামুলীয়ে এই ৰাজনৈতিক দলটোৰ যুৱ সংগঠনৰ কেইবাজনো নেতাৰ সৈতে মিলি নগাঁও চহৰৰ ইটাচালি আৰক্ষী থানাৰ অন্তৰ্গত পানীগাঁও চাৰিআলিৰ সমীপৰ এটা বিল্ডিং ভাৰাত লৈ ‘বুলছ আইজ’ নামৰ এক প্ৰতিষ্ঠান খুলি অনলাইন ট্ৰেডিঙৰ নামত বহুলোকৰ লক্ষ লক্ষ টকা সংগ্ৰহ কৰিছিল৷ প্ৰতি মাহত সৰ্বাধিক ১২শতাংশ হাৰত লাভ দিয়াৰ মিছা প্ৰলোভন দেখুৱাই এই চক্ৰটোৱে ব্যাপক হাৰত ধন সংগ্ৰহ কৰিছিল৷ প্ৰথম কেইবামাহ ধন দিয়াৰ পাছত বহুজনক পাছত ধন নিদিয়াৰো অভিযোগ আছে৷ জানিবপৰা মতে, ই-ষ্টাম্প পেপাৰত এটা নিৰ্দিষ্ট চুক্তি-পত্ৰত ‘বুুুলছ আইজ’ নামৰ ভুৱা প্ৰতিষ্ঠানটোৰ নামত ধনৰাশিসমূহ সংগ্ৰহ কৰিছিল৷ এইদৰে অধিক লাভাাংশ দিয়াৰ সপোন দেখুওৱা এই প্ৰৱঞ্চনাত ভৰি থৈছিল

জিলাখনৰ বিভিন্ন প্ৰান্তৰ বহুলোকে৷ অকল নগাঁও চহৰতেই নহয় জিলাখনৰ জুৰীয়া, ৰূপহী, চামগুৰি, ধিঙকে ধৰি বিভিন্ন স্থানত এনেধৰণে বহু সৰ্বসাধাৰণ লোকৰপৰাও অনলাইন ট্ৰেডিং অথবা ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত ধন সংগ্ৰহ কৰাৰ ন ন তথ্য পোহৰলৈ আহিছে৷ তাৎপৰ্যপূৰ্ণ যে কিছুদিনৰ পূৰ্বে নগাঁও আৰক্ষীয়ে অনলাইন ট্ৰেডিঙৰ নামত সাধাৰণ লোকক প্ৰৱঞ্চনা কৰা এটা বৈদু্যতিন সংবাদ মাধ্যমৰ এজন সাংবাদিকক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছিল৷ ইমানৰ পাছতো কিন্তু নগাঁৱৰ একাংশ লোক, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, ছাত্ৰ-যুৱ সংগঠনৰ নেতাই সহজলভ্য ধন ঘটাৰ লোভত ‘বুুুলছ আইজ’ৰ দৰে অনলাইন ট্ৰেডিং কৰা প্ৰতিষ্ঠানৰ প্ৰলোভনৰ জালত ভৰি দিছিল৷ জানিবপৰা মতে, এনেধৰণৰ স্বীকৃতি নথকা অনলাইন ট্ৰেডিং প্ৰতিষ্ঠানৰ লগত জড়িত থকা একাংশ লোকৰ এক দীঘলীয়া তালিকাও নগাঁও আৰক্ষীয়ে ইতিমধ্যে প্ৰস্তুত কৰা বুলি এক বিশেষ সূত্ৰে জানিবপৰা গৈছে৷ দুই, এদিনৰ ভিতৰত এই তালিকাত থকা আন কেইবাজনো আৰক্ষীৰ জালতপৰাৰ সম্ভাৱনা আছে৷ এটা সূত্ৰৰপৰা জানিবপৰা মতে, আৰক্ষীৰ জালতপৰাৰ ভয়ত এনেধৰণৰ প্ৰৱঞ্চনাৰ লগত জড়িত থকা ৰাজনৈতিক দলৰ এটা যুৱ সংগঠনৰ কেইজনমান নেতাই চৰকাৰৰ অংশীদাৰ ৰাজনৈতিক দলকেইটাৰ প্ৰভাৱশালী নেতাৰ শৰণাপন্ন হ’ব বিচাৰিছে৷ কিন্তু লক্ষণীয় কথা যে যিসময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনলাইন ট্ৰেডিঙৰ নামত চলা এই দালাল চক্ৰক উৎখাৎ কৰাৰ বাবে আৰক্ষীক নিৰ্দেশ জাৰি কৰিছে তেনেসময়ত এই চক্ৰটোক তেওঁলোক শৰণাপন্ন হোৱা ৰাজনৈতিক নেতাসকলে ৰক্ষণা-ৱেক্ষণ দিব নে নিদিয়ে সেয়া লক্ষণীয় হ’ব৷ ইপিনে হোজাইতো ৱাই বি আই ট্ৰেডিং এপ চলোৱা এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ জানিবপৰা মতে, হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক [সদৰ] ৰূপম বৰদলৈৰ নেতৃত্বত নতুন বজাৰ অঞ্চলত চলোৱা এক অভিযানত দুটাদিন পূৰ্বে ট্ৰেডিং এপ চলোৱা যুৱক মণিচন্দ্ৰ সিংহক নতুন বজাৰ অঞ্চলৰপৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত মণচন্দ্ৰ সিংহৰ মোবাইলত ইতিমধ্যে আৰক্ষীয়ে ট্ৰেডিং এপৰ নথি উদ্ধাৰ কৰিছে৷

ধুবুৰীত আৰক্ষীৰ জালত প্ৰৱঞ্চক

‘আমাৰ অসম’ৰ ধুবুৰীৰ প্ৰতিবেদক : ভুৱা ট্ৰেডিঙৰ বিৰুদ্ধে তৎপৰ ধুবুৰী আৰক্ষী৷ পুনৰ আৰক্ষীৰ জালত পৰিল এজন প্ৰৱঞ্চক৷ ন মাহে টকা দুগুণ কৰি দিয়াৰ লোভ দেখুৱাই লুটি নিলে লাখ লাখ টকা৷ আৰ এছ জি নামৰ বহিঃৰাজ্যৰ সেই কোম্পানীটোৱে ৰাইজৰপৰা লাখ লাখ টকা আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপিত হৈছে৷ ধুবুৰী জিলাৰ গৌৰীপুৰৰ ফুলকুমাৰী গাঁৱৰ আল হাছ হুছেইন নামৰ প্ৰৱঞ্চকজনে জ্ঝ মাহে পইচা দুগুণ কৰি দিয়াৰ প্ৰলোভন দি ৰাইজৰ পৰা লুটিলে লাখে লাখে টকা৷ গৌৰীপুৰ থানাৰ আৰক্ষীয়ে যোৱা নিশা এক অভিযান চলাই নয়াহাটৰপৰা আটক কৰে প্ৰৱঞ্চক আলহাছ হুছেইন নামৰ প্ৰৱঞ্চকজনক৷ বৰ্তমানে প্ৰবঞ্চক আলহাছ হুছেইনক থানাতে ৰাখি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিবপৰা গৈছে৷