Logo
image

হাছিনাক মুখ বন্ধ ৰখাৰ হুমকি ইউনুছৰ, মাৰ্কিন লবীৰ সমৰ্থন

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৬ ছেপ্টেম্বৰ : ভাৰতত আশ্ৰয় লৈ থকা বাংলাদেশৰ বিতাড়িত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মুখ বন্ধ কৰি থাকিবলৈ আহ্বান জনাইছে দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী ড॰ মহম্মদ ইউনুছে৷ যথেষ্ট কঠোৰ ভাষাৰে জনোৱা এই আহ৩ানত তেওঁ কৈছে যে ভাৰতত আশ্ৰয় লৈ থকা অৱস্থাত শ্বেখ হাছিনাই কোনো বিবৃতি, ন্যায় বিচাৰি আহ৩ান জনোৱা অথবা দেশৰ আন্দোলনকাৰীৰ শাস্তি বিচৰা ইত্যাদি সন্দৰ্ভত মুখ নোখোলাই শ্ৰেয়৷ অন্ততঃ বাংলাদেশে তেওঁৰ প্ৰত্যৰ্পণ নিবিচৰালৈকে প্ৰাক্তন প্ৰধানমন্ত্ৰী চুপ হৈ থকা উচিত৷ ভাৰতৰ সংবাদ সংস্থা পিটিআইৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত ইউনুছে দেশৰ তদাৰকী চৰকাৰৰ ভাৰতত আশ্ৰিত প্ৰাক্তন প্ৰধানমন্ত্ৰী সন্দৰ্ভত এই কঠোৰ মনোভাৱ ব্যক্ত কৰে৷ তেওঁ একপ্ৰকাৰ সকীয়নি দি শ্বেখ হাছিনাৰ উদ্দেশ্যে কয়, হাছিনাৰ বক্তব্যই উভয় দেশৰ কূটনৈতিক সম্পৰ্ক বিঘ্নিত কৰিব৷ হাছিনাৰ কোনো অনভিপ্ৰেত মন্তব্যই দুয়োখন দেশকে অস্বস্তিকৰ অৱস্থাত পেলাব৷ তেওঁ কয়–‘বাংলাদেশ চৰকাৰে হাছিনাক ভাৰতৰ পৰা প্ৰত্যৰ্পণ নিবিচৰালৈকে তেওঁ মুখ বন্ধ ৰখা উচিত৷ তাৰ পৰা তেওঁ কৰা মন্তব্যই উভয় দেশৰ সম্পৰ্ক ক্ষুণ্ণ কৰিব৷ তেওঁ ভাৰতত আশ্ৰয় লৈ থকাত দেশৰ কোনো সন্তুষ্ট নহয়৷ বিচাৰৰ বাবে তেওঁক বাংলাদেশলৈ অনা হ’ব৷



কিন্তু তাৰ পূৰ্বেই যদি তেওঁ কোনো অনভিপ্ৰেত মন্তব্য কৰে তেন্তে সেয়া সমস্যা হিচাপে থিয় হ’ব৷ তেওঁ মুখ বন্ধ ৰাখিলে আমি তেওঁৰ কথা পাহৰিব পাৰিম, জনগণৰো ক্ষোভ প্ৰশমিত হ’ব৷ কিন্তু তেওঁ ভাৰতত আশ্ৰয় লৈ থাকি তাৰ পৰা নিৰ্দেশ জাৰি কৰিব, সেয়া ইয়াৰ কোনেও ভাল নাপায়৷’উল্লেখ্য, যোৱা ৫ আগষ্টত গণ অভ্যুত্থানৰ ফলত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি ৪৫ মিনিটৰ ভিতৰত দেশ এৰি ভাৰতলৈ পলাই আহিছিল৷ স্বাভাৱিক পৰিস্থিতিত কূটনৈতিক পাছপৰ্ট লৈ অহা বাংলাদেশী নাগৰিকে ভাৰতত পূৰ্বে ভিছাৰ আবেদন নকৰাকৈ ৪৫ দিন থাকিব পাৰে৷ অৱশ্যে ভাৰত আৰু বাংলাদেশৰ মাজত বন্দী প্ৰত্যৰ্পণ চুক্তি আছে৷ কিন্তু ২০১৮ চনত শ্বেখ হাছিনা আৰু নৰেন্দ্ৰ মোদী চৰকাৰে এই প্ৰত্যৰ্পণ চুক্তি সংশোধন কৰিছিল৷ সংশোধিত চুক্তি অনুসৰি, যদিহে বন্দী প্ৰত্যৰ্পণৰ আৱেদন ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত হয়, তেন্তে তেনে আবেদন প্ৰত্যাখ্যান কৰিব পাৰে৷ হাছিনাই ভাৰতত আশ্ৰয় লোৱা আজি ৩২ দিন হৈছে৷ অৰ্থাৎ আৰু ১৩ দিন তেওঁ নিৰ্বিঘ্নে ভাৰতত থাকিব পাৰে৷ ধাৰণা কৰা হৈছে, ১৩ দিন উকলিলে বাংলাদেশৰ তদাৰকী চৰকাৰে হাছিনাৰ প্ৰত্যৰ্পণ বিচাৰিব৷ কিন্তু তাৰ পূৰ্বে তেওঁ মধ্য প্ৰাচ্যৰ কোনো দেশত, সম্ভৱতঃ কাতাৰত আশ্ৰয় ল’ব পাৰে৷ এই পৰ্যন্ত তেওঁৰ বিৰুদ্ধে দেশত ১১৯ টা হত্যাৰ গোচৰ ৰুজু হৈছে৷ তাৰ বিচাৰৰ বাবে তেওঁৰ প্ৰত্যৰ্পণ বিচৰাতো প্ৰায় অৱশ্যম্ভাবী৷ সেই মুহূৰ্তত নতুন দিল্লীয়ে কি সিদ্ধান্ত লয় সেয়া লক্ষণীয় হ’ব৷ হাছিনাক প্ৰত্যৰ্পণ নকৰিলে বাংলাদেশৰ নতুন চৰকাৰৰ সৈতে ভাৰতৰ কূটনৈতিক সম্পৰ্ক বিঘ্নিত হ’ব৷ইপিনে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক ওবামাসহ মুঠ ৯২ জন নোবেল বিজয়ীয়ে মহম্মদ ইউনুছৰ তদাৰকী চৰকাৰৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিছে৷ এই মাৰ্কিন লবীৰ সমৰ্থনে ইউনুছৰ চৰকাৰক শক্তিশালী কৰি তুলিব৷ আনহাতে বৃহস্পতিবাৰে দেশৰ নিৰ্বাচন আয়োগে পদত্যাগ কৰিছে৷