Logo
image

চুমিৰ গাড়ী জব্দ, স্বামীসহ অভিনেত্ৰীৰ সন্ধান নাই

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ৬ ছেপ্টেম্বৰ :  ডিব্ৰুগড়ৰ প্ৰৱঞ্চক বিশাল ফুকনৰ প্ৰৱঞ্চনাৰ বিশাল সাম্ৰাজ্যৰ ঘনিষ্ঠ সহযোগী চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাক বিচাৰি মহানগৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ অনলাইন ট্ৰেডিংযোগে জালিয়তি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিশাল ফুকন নামৰ যুৱকজনৰ লগত নাম সাঙোৰ খাই পৰা চুমি বৰা আৰু তাৰ্কিক বৰাই মহানগৰীৰ বশিষ্ঠ আৰক্ষী থানা, পল্টন বজাৰ আৰক্ষী থানা আৰু নুনমাটি আৰক্ষী থানাত আত্মসমৰ্পণ কৰিব বুলি আৰক্ষীয়ে উজাগৰে নিশা বোন্দাপৰ দি থাকিবলগীয়া হয়৷ আনকি সাংবাদিকৰ দলো চুমি বৰা আৰু তাৰ্কিক বৰাৰ আত্মসমৰ্পণৰ বাতৰি সংগ্ৰহ কৰিবলৈ বিভিন্ন সংবাদ মাধ্যমৰ   সাংবাদিকেও উজাগৰে নিশা বোন্দাপৰ দি থাকিব লগীয়া হয়৷ পুৱা ৫ বজালৈকে চুমি বৰা আৰু তাৰ্কিক বৰাই আত্মসমৰ্পণ নকৰাত আৰক্ষী আৰু সাংবাদিকৰ দল নিৰাশ হৈ পৰে৷ ইয়াৰ মাজতে নুনমাটি আৰক্ষীয়ে সম্পূৰ্ণ গোপনে চুমি বৰা আৰু তাৰ্কিক বৰাক বিচাৰ পুৱতি নিশা বিভিন্ন ঠাইত অভিযান চলাই যদিও তেওঁলোকক বিছাৰি উলিওৱাত ব্যৰ্থ হয়৷ অৱশ্যে নুনমাটি আৰক্ষীয়ে আজি চুমি বৰাৰ বিলাসী গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয়৷ নুনমাটি থানাৰ আৰক্ষীয়ে আজি পুৱাৰ ভাগত চুমি বৰা আৰু তেওঁৰ স্বামীক বিচাৰি মহানগৰীৰ পাথৰকুৱেৰীৰ আইডিয়েল ভিউ এপাৰ্টমেণ্টত অভিযান চলায়৷ সমগ্ৰ এপাৰ্টমেণ্টৰ প্ৰতিটো ফ্লেটত অভিযান চলাই যদিও আৰক্ষীয়ে চুমি বৰা আৰু তেওঁৰ স্বামীৰ সন্ধান উলিয়াব নোৱাৰিলে৷ অৱশ্য আৰক্ষী দলটোৱে চুমি বৰাৰ ব্যৱহাৰ কৰা AS০১FW ০০০৬ নম্বৰ বিলাসী গাড়ীখন পাৰ্কিং প্লেচত পৰি থকা প্ৰত্যক্ষ কৰে৷ লগে লগে আৰক্ষীয়ে গাড়ীখন জব্দ কৰি এপাৰ্টমেণ্টৰ নিৰাপত্তা ৰক্ষীক গতাই দিয়ে৷ উল্লেখ যে পাথৰকোৱাৰী আইডিয়েল ভিউ এপাৰ্টমেণ্টৰ A১২A নম্বৰৰ ফ্লেটত চুমি বৰা আৰু তেওঁৰ স্বামী আত্মগোপন কৰি থকা বুলি আৰক্ষীয়ে তথ্য লাভ কৰে৷ এই তথ্যৰ ভিত্তিত নুনমাটি থানাৰ আৰক্ষীযে ফ্লেটত অভিযান চলাই যদিও আৰক্ষী অহাৰ উমান পাই চুমি বৰা আৰু তেওঁৰ স্বামী পলায়ন কৰে৷ পলাতম চুমি বৰা আৰু স্বামীযে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা বাবে গুৱাহাটীৰ বাহিৰলৈ ওলাই যাব পৰা নাই বুলি আৰক্ষীয়ে দাবী কৰিছে৷


অভিযুক্ত চুমি বৰা আৰু তেওঁৰ স্বামীয়ে গুৱাহাটীৰ কোনো অজ্ঞাত স্থানত আত্মগোপন কৰি থকা বুলি আৰক্ষীয়ে দাবী কৰিছে৷ অভিযুক্ত চুমিয়ে গুৱাহাটী উচ্ছ ন্যায়ালয়ত অগ্ৰিম জামিনৰ বাবে আবেদন কৰিব পাৰে বুলি একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে৷ তদুপৰি চুমিয়ে আৰক্ষীৰ ওচৰত অচিৰেই আত্মসমৰ্পণ কৰাৰো সম্ভাৱনা আছে বুলি ঘৰুৱা এটা সূত্ৰই সদৰি কৰিছে৷ ইপিনে বেংক একাউণ্ট সমূহ ফ্ৰীজ কৰাৰ বাবে প্ৰবঞ্চক বিশাল ফুকনৰ ব্যৱসায়ৰ লগত জড়িত ব্যক্তিগত সকলো পান কাৰ্ডৰ তথ্য ৰিজাৰ্ভ বেংকলৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীৰ এটা সূত্ৰই সদৰি কৰে৷ উল্লেখ্য যে, বিশালৰ প্ৰবঞ্চনাৰ সাম্ৰাজ্যখনৰ অন্যতম কাণ্ডাৰী কৰিঅ’গ্ৰাফাৰ-অভিনেত্ৰী চুমি বৰাই যোৱা সোমবাৰৰ দিনৰ প্ৰায় এক বজাৰ পৰা নিশা ১০-৩০ বজালৈ কটাইছিল কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ নুনমাটিস্থিত বাসগৃহত৷ এই কথা নিশ্চিত কৰিছে খোদ কণ্ঠশিল্পী দীক্ষু শৰ্মা আৰু তেওঁৰ পত্নী বিজেতা শৰ্মাই৷ উল্লেখ্য যে শ্বেয়াৰ মাৰ্কেটত অনলাইন ট্ৰেডিঙৰ নামত দুগুণ লাভৰ প্ৰলোভন দি কোটি কোটি টকা লুণ্ঠন কৰা ডিব্ৰুগড়ৰ ২২ বছৰীয়া যুৱক বিশাল ফুকন আৰক্ষীৰ জালত পৰাৰ পাছতেই আত্মগোপন কৰে চুমি বৰাই৷ সম্বন্ধত বিশাল ফুকনৰ পাতি লোৱা বায়েক চুমি বৰাই ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰাৰ সৈতে আত্মগোপন কৰাৰ পাছতেই লুণ্ঠনৰাজত জড়িত হৈ থকাটো নিশ্চিত হৈ পৰে৷ ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে নামি পৰে চুমি বৰাৰ সন্ধানত৷ পিছে বৰ্তমানপৰ্যন্ত চুমি বৰা বা তেওঁৰ স্বামী তাৰ্কিক বৰাৰ সন্ধান উলিয়াব পৰা নাই৷ ইয়াৰ মাজতে চুমি বৰাই স্বামীৰ সৈতে কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ বাসগৃহত সোমবাৰৰ দিনৰ ভাগৰ পৰা নিশাপৰ্যন্ত কটোৱাৰ খবৰ চৰ্চালৈ আহে৷ এই বিষয়ে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পাছতে সমগ্ৰ বিষয়টোক লৈ নিজৰ স্থিতি স্পষ্ট কৰে কণ্ঠশিল্পী দীক্ষু শৰ্মা আৰু তেওঁৰ পত্নীয়ে৷ সংবাদ মাধ্যমৰ আগত কণ্ঠশিল্পী দীক্ষু শৰ্মাই চুমি বৰা আৰু তাৰ্কিক বৰাই তেওঁৰ অনুপস্থিতিত নুনমাটিৰ ঘৰত সোমবাৰে উপস্থিত হোৱাৰ কথা নিশ্চিত কৰিছিল৷  লক্ষণীয়ভাৱে ৰাজস্থানৰ উদয়পুৰত চুমি বৰা-তাৰ্কিক বৰাৰ কেইবাকোটি টকীয়া ডেষ্টিনেচন ৰেডিঙত উপস্থিত আছিল কণ্ঠশিল্পী দীক্ষু শৰ্মা আৰু তেওঁৰ পত্নী৷ বিলাসবহুল বিজ’ৰ্টত সম্পন্ন হোৱা এই বিয়াখনৰ বিষয়ে সাংবাদিকে সোধাত কণ্ঠশিল্পী দীক্ষু শৰ্মাই কয় যে বিয়াখনত গৈ খুবেই ভাল লাগিছিল৷ বিবাহ সম্পন্ন হৈছিল ৰাফেল উদয়পুৰ নামৰ এখন ৰিজ’ৰ্টত৷ তাৰেই এজন লোকে ইভেণ্ট মেনেজমেণ্ট কৰিছিল৷  বিয়াত চুমি বৰা আৰু তাৰ্কিক বৰাৰ পৰিয়ালৰ মানুহৰ উপৰি কেইবাজনো ভকত আৰু গুৱাহাটীৰ নিৰ্দিষ্ট কিছুসংখ্যক আমন্ত্ৰিত ব্যক্তি উপস্থিত আছিল৷

কণ্ঠশিল্পী দীক্ষু শৰ্মাই সদৰী কৰা অনুসৰি চুমি বৰাৰ সৈতে কেতিয়াবা কেতিয়াবা বিশাল ফুকনো আহিছিল তেওঁৰ ঘৰলৈ৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ ঘৰৰ পৰা সোমবাৰে নিশা প্ৰায় ১০.৩০ বজাত চুমি বৰা- তাৰ্কিক বৰাক আন এগৰাকী কণ্ঠশিল্পী গীতালী দেবীয়ে এখন বাহনেৰে লৈ যোৱা বুলি ব্যাপক চৰ্চা হৈছে৷ অৱশ্যে এই কথা কণ্ঠশিল্পী গীতালী দেবীয়ে নস্যাৎ কৰিছে৷ সামাজিক মাধ্যমযোগে কালি তেওঁ কয় যে মই তালৈ নিজৰ কামত গৈছিলোঁ৷ তাত এজন ভাইটী থাকে৷ কোৱা হৈছে যে মই কাৰোবাক গাড়ী চলাই লৈ আহিছোঁ৷ কিন্তু মই আজিলৈকে গাড়ীৰ ষ্টিয়াৰিঙতেই ধৰি পোৱা নাই৷ এনেধৰণৰ মানুহৰ লগত কোনো সম্পৰ্ক নাই৷ অবশ্যে দীক্ষু শৰ্মা আৰু বিজেতাৰ লগত সম্পৰ্ক আছে৷ পিছে চুমি বৰাৰ লগত সম্পৰ্ক নাই৷ ক’ত আছে সেয়া মই নাজানো৷ মই কাকো ৰক্ষণাবেক্ষণ দিয়া নাই৷ ইফালে উত্থাপিত গুৰুতৰ অভিযোগ অনুসৰি মহাপ্ৰৱঞ্চক বিশাল ফুকনে পাতি লোৱা বায়েক হোৱাৰ সূত্ৰেই চুমি বৰাই অনলাইন ট্ৰেডিঙৰ জালত বিভিন্নজনক পেলাই বৃহৎ পৰিমাণৰ ধন লুণ্ঠন কৰিবলৈ সক্ষম হৈছিল৷ এই ধনেৰেই এজন সাধাৰণ সুলভ মূল্যৰ দোকানীৰ কন্যা হৈও চুমি বৰাই কটাইছিল ৰাজকীয় জীৱন৷ অকল চুমি বৰাই নহয়, স্বামী ফটোগ্ৰাফাৰ তাৰ্কিক বৰাৰো খুব কম দিনৰ ভিতৰতে লাইফষ্টাইল সলনি হৈ পৰিছিল৷ গুৱাহাটী মহানগৰীৰ ঘোঁৰামাৰা আৰু নাৰেংগীত দুটা বিলাসবহুল ফ্লেট থকাৰ উপৰি তাৰ্কিক বৰাই শেহতীয়াকৈ ক্ৰয় কৰিছিল এখন ফৰচুনাৰ বাহন৷ তদুপৰি উজনি অসমত এইজন তাৰ্কিক বৰাই তিনিখন চাহ বাগিচা কিনা বুলিও চৰ্চালৈ আহিছে৷ মুঠৰ ওপৰত লুণ্ঠনৰ ধনেৰে বৃহৎ সম্পত্তিৰ পাহাৰ গঢ়িছিল চুমি বৰা আৰু তাৰ্কিক বৰাই৷ জানিব পৰা মতে, সম্প্ৰতি তাৰ্কিক বৰাৰ সন্ধানতো নামি পৰিছে মহানগৰ আৰক্ষী৷ তাৰ্কিক বৰাক আৰক্ষীয়ে হাজিব হ’বলৈ নিৰ্দেশ দিছে৷ দুগুণ লাভৰ প্ৰলোভনেৰে নিশাটোৰ ভিতৰতে ধনী হৈ বিলাসবহুল জীবন কটোৱা এই প্ৰবঞ্চক দম্পতীক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে কেনেধৰণৰ বেহু ৰচনা কৰে, সেয়া লক্ষণীয় হ’ব৷ জামিন লোৱাৰ পূৰ্বে আৰক্ষী দম্পতী হালক গ্ৰেপ্তাৰ কৰিব পাৰে নে নাই তাকে আৰক্ষীৰ কাৰ্য পন্থাৰ ওপৰত ৰাইজে তীক্ষ্ণ দৃষ্টি ৰাখিব৷