Logo
image

কেজৰিৱালৰ জামিনৰ ৰায় স্থগিত

নতুন দিল্লী, ৬ ছেপ্টেম্বৰ : আবকাৰী বিধি উলংঘাৰ গোচৰত কাৰাবন্দী হৈ থকা দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ জামিন আৱেদনৰ ৰায় উচ্ছতম ন্যায়ালয়ে স্থগিত ৰাখিছে৷ উল্লেখ্য যে উক্ত গোচৰটোত কেজৰিৱালে ইতিমধ্যে ইডিৰ পৰা জামিন লাভ কৰিলেও চিবিআইৰ গোচৰত কাৰাবন্দী হৈ থাকিবলগীয়া হৈছে৷ ফলত শেহতীয়াকৈ চিবিআইৰ গ্ৰেপ্তাৰক প্ৰত্যাহ৩ান জনাই কেজৰিৱালে উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ বৃহস্পতিবাৰে কেজৰিৱালৰ জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰি শীৰ্ষ আদালতখনৰ ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ন্যায়াধীশ সূৰ্যকান্তৰ বিচাৰপীঠে গোচৰটোৰ ৰায়দান অহা মঙলবাৰলৈ স্থগিত ৰাখে৷ আজি কেজৰিৱালৰ হৈ তেওঁৰ অধিবক্তা অভিষেক মনু সিংভিয়ে আদালতত কয় যে– ‘ইডিয়ে ২০২২ চনৰ আগষ্ট মাহত গোচৰটো নথিভুক্ত কৰাৰ দুবছৰলৈকে চিবিআইয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰা নাছিল৷


যোৱা ২৫ জুনত যেতিয়া তেওঁক চিবিআয়ে গ্ৰেপ্তাৰ কৰে সেই সময়ত তেওঁ ইডিৰ জিম্মাত আছিল৷ পৰৱৰ্তী সময়ত ন্যায়ালয়ে ইডিৰ গোচৰটোত তেওঁক জামিন দিয়ে৷ অধিবক্তা সিংভিয়ে লগতে আদালতক এই বুলিও কয় যে অৰবিন্দ কেজৰিৱাল মুখ্যমন্ত্ৰীৰ দৰে এটা গুৰুত্বপূৰ্ণ পদবীত আছে৷ গতিকে তেওঁ জামিনত মুক্তি লাভ কৰিলেও বিদেশলৈ পলাই যোৱাৰ কোনো আশংকা নাই৷ তদুপৰি কেজৰিৱালক চিবিআয়ে কৰা গ্ৰেপ্তাৰক অধিবক্তাজনে ‘ইঞ্চুৰেন্স এৰেষ্ট’ বুলি আখ্যা দিয়ে৷ ইয়াৰ বিপৰীতে চিবিআইৰ অধিবক্তাই কেজৰিৱালৰ জামিন আৱেদনৰ বিৰোধিতা কৰি আদালতত যুক্তি আগবঢ়োৱাত অৱশেষত বিচাৰপীঠখনে গোচৰটোৰ ৰায়দান স্থগিত ৰখা বুলি ঘোষণা কৰে৷