Logo
image

বিশালৰ গুপ্তধনৰ তালিকা দেখি স্তম্ভিত তদন্তকাৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু ডিব্ৰুগড়ৰ প্ৰতিবেদক, ৬ ছেপ্টেম্বৰ : মানি ট্ৰেডিঙৰ নামত ধন সংগ্ৰহ কৰি বিশাল সম্পত্তিৰ পাহাৰ গঢ়িছিল ধনকুবেৰ বিশাল ফুকনে৷ বিশালৰ গুপ্তধনৰ তালিকা দেখি স্তম্ভিত তদন্তকাৰী৷ পাতি লোৱা বায়েক চুমিক উপহাৰেৰে উপচাই দিছিল বিশালে৷ ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীৰ জিন্মাত থকা বিশাল ফুকনৰ সম্পত্তিৰ তালিকা প্ৰস্তুত কৰিছে৷ পাতি লোৱা বায়েক চুমি আৰু আত্মীয়ৰ নামত বিলাসী সামগ্ৰী ক্ৰয় আৰু বিলাস ভ্ৰমণৰ নামত বিশালে খৰচ কৰিছিল বুজন পৰিমাণৰ ধন৷ উদয়পুৰত অনুষ্ঠিত হৈ যোৱা ছুমিৰ ৱেডিং ডেষ্টিনেশ্যনৰ নামত  ৩ কোটি টকা ব্যয় কৰাৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে ধনকুবেৰ বিশালে৷ বিয়াৰ অভ্যাগতৰ বাবে বিমান ভাড়াৰ নামত বিশালে খৰচ কৰিছিল ৩৩ লাখ টকা৷ কম বয়সতে বিশাল সম্পত্তিৰ গৰাকী হৈছিল ২২ বছৰীয়া বিশাল৷ ডিব্ৰুগড়ৰ বৈৰাগীমঠত ২ হাজাৰ বৰ্গফুটৰ কাৰ্যালয় নিৰ্মাণ কৰিছে৷ য’ত ৮৫ লাখ টকাৰে ইণ্টেৰিয়ৰ ডিজাইন কৰা হৈছে কাৰ্যালয়টোত৷ ইতিমধ্যে ইণ্টেৰিয়ৰ ডিজাইনৰ বাবে খৰচ হ’বলগীয়া ৮৫ লাখ টকাৰ ভিতৰত ৫০ শতাংশ ধন পৰিশোধ কৰিছে৷ এই ইণ্টেৰিয়ৰ ডিজাইনাৰ কাম কৰিছিল কৰিশ্মা কাকতিয়ে৷ তদুপৰি ডিব্ৰুগড় চহৰৰ গান্ধীনগৰত অৱস্থিত প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ ফ্লেটটো বিশালে ক্ৰয় কৰিছিল ৬৩.২৫ লাখ টকাত৷ তাৰ ভিতৰত ৪৪ লাখ টকা নগদ ধন বিল্ডাৰক দিয়া হৈছে৷ আনহাতে গুৱাহাটীৰ নাৰেংগীত আইডিয়েল ভিউ এপাৰ্টমেণ্টত বিশালে ক্ৰয় কৰিছে ১.৫ কোটিটকীয়া ফ্লেট৷ সেইদৰে গুৱাহাটীৰ তৰুণ নগৰৰ প্ৰতীক তৰুণ এপাৰ্টমেণ্টত ৭ কোটিটকীয়া ডুপ্লে’ ফ্লেট ক্ৰয় কৰিছে ধনকুবেৰ বিশাল ফুকনে৷ ইফালে ডিব্ৰুগড়ত পাতি লোৱা বায়েঅ চুমি বৰাৰ বাবে খুলি দিছিল ডান্স একাডেমী৷ ডান্স একাডেমীৰ ডিজাইনিঙত বিশালে খৰচ কৰিছিল ৩৩ লাখ টকা৷


ডান্স একাডেমী নিৰ্মাণৰ বাবে ছিগমা টাইলছক দিছিল ১০ লাখ টকা৷ ডান্স একাডেমীৰ চাউণ্ড প্ৰnফৰ নামত খৰচ কৰিছিল ১৫ লাখ টকা৷ বিশালে চুমি বৰাক ৭৬ লাখ টকাৰ হীৰাৰ আঙঠি উপহাৰ হিচাপে দিছিল৷ ৮ আগষ্টত চুমিৰ জন্মদিনত বিশালে দিছিল ২ লাখটকীয়া টেডী বিয়েৰ৷ চুমি বৰাৰ ব্যক্তিগত জিম ট্ৰেইনাৰ তন্দ্ৰামণিক মাহে ৫০ হাজাৰ টকা দিছিল৷ চুমিৰ বিয়াৰ পিছতে বিশালে উপহাৰ হিচাপে দিছিল ডুবাই ট্ৰিপ৷ ট্ৰিপটোত গৈছিল বিশাল, চুমি আৰু ছবি নিৰ্মাতা আদিত্যম শইকীয়া৷ ছেভেন ষ্টাৰ হোটেল বুৰ্জ খলিফাত ৩ দিন কটাইছিল তেওঁলোকে৷ বুৰ্জ খলিফাত প্ৰতি নিশাৰ খৰচ আছিল ১৯ লাখ টকা, মুঠ ৫৭ লাখ টকা হোটেল আটলাণ্টিকত খৰচ হৈছিল৷ প্ৰতি নিশা ৰ লাখকৈ টকাৰে কটাইছিল তিনিজনে৷ ৫ দিন ডুবাইৰ মলত ডেৰ কোটি টকাৰ বজাৰ কৰিছিল তেওঁলোকে৷ একেদৰে বিশালে মাতৃক উপহাৰ হিচাপে দিয়া বিলাসী বাহনখনৰ দাম শুনিলে আপোনাৰ চকু কপালত উঠিব৷ বিশাল ফুকনে মাতৃক উপহাৰ দিছিল ৩৩ লাখটকীয়া এম এজি হেক্টৰ বিলাসী বাহন৷ যিখন বাহন ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে জব্দ কৰিছে৷ চুমিৰ স্বামী তাৰ্কিক বৰাক ৪৫ লাখটকীয়া বিলাসী ফৰ্চুনাৰ বাহন উপহাৰ হিচাপে দিছিল বিশালে৷ অভিযোগ অনুসৰি চুমিৰ স্বামী তাৰ্কিক বৰাই শিৱসাগৰত দুখন চাহ বাগিচা ক্ৰয় কৰিছে৷ তদুপৰি উজনিৰ কেইবাখনো জিলাত তাৰ্কিক বৰাৰ নামত আছে চাহ বাগিচা৷ বিদেশতো আছে বিশালৰ বেংক একাউণ্ট৷ থাইলেণ্ডৰ ৰাজধানী বেংককত থকাত একাউণ্টত ৭০০ কোটি টকাৰ বেংক লেনদেনৰ তথ্য লাভ আৰক্ষীয়ে৷ ইতিমধ্যে এই সকলোবোৰ সা-সম্পত্তিক তদন্ত চলাইছে তদন্তকাৰী আৰক্ষী বিষয়াই৷

অভিযুক্ত বিশাল ফুকনৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাৰ গোচৰ ৩৫২/২৪ ৰুজু কৰা হৈছে৷ ভাৰতীয় ন্যায় সংহিতাৰ ৩১৬/৩১৮ সংলগ্ন ধাৰা ২১/২৩ Burning of unregulated deposited scheme actৰ অধীনত পঞ্জীয়ন কৰা হৈছে৷ উল্লেখযোগ্য যে, বিশাল ফুকনৰ পিতৃ নামৰূপৰ থাৰ্মেলত কৰ্মৰত আছিল৷ প্ৰথম বিদ্যালয় জীৱন আৰম্ভণি কৰিছিল নামৰূপ মডেল হাইস্কুলত৷ তাৰ পাছত ডিব্ৰুগড়ৰ চŒI×ব্ৰুকত কমাৰ্চ শাখাত পৰৱৰ্তী শিক্ষা গ্ৰহণ কৰে৷ কিন্তু আনুষ্ঠানিক শিক্ষা কিমানলৈকে গ্ৰহণ কৰিলে সেই সম্পৰ্কত এতিয়াও স্পষ্ট হোৱা নাই৷ নামৰূপতে বিশালে প্ৰথমে লকডাউনৰ সময়ত এই পান্তাৰ নামৰ এপৰ যোগেদি প্ৰথমে ধন সংগ্ৰহ আৰম্ভ কৰিছিল৷ তেনেকৈয়ে নাহৰকটীয়াৰ পৰা কেইবাশ কোটি টকা সংগ্ৰহ কৰি তাৰ পৰা আঁতৰি গৈছিল৷ পৰৱৰ্তী পৰ্যায়ত ডিব্ৰুগড়লৈ আহি কিছুদিন পূৰ্বে প্ৰাবাঞ্জলী এপাৰ্টমেণ্টতত থাকি বিশাল ষ্টক নামৰ অনলাইন ট্ৰেডিঙৰ জৰিয়তে বিশালে লুণ্ঠনৰ বজাৰ মেলি বিশাল সম্পত্তিৰ গৰাকী হৈছিল৷ অভিযোগ মতে ডিব্ৰুগড়ৰ লগতে অসমৰ বহু চিকিৎসক, মেডিকেল ৰিপ্ৰেজেনটেটিভ, ফাৰ্মাচী প্ৰতিষ্ঠান, শিক্ষক, ব্যৱসায়ী, বিশিষ্ট উদ্যোগপতিয়ে ইতিমধ্যে বিশালক কোটি কোটি টকা বিনিয়োগ কৰাৰ বাবে অভিনেত্ৰী চুমি বৰাৰ জৰিয়তে বিশালৰ কাষলৈ আনিছিল৷ সুন্দৰী অভিনেত্ৰীৰ মায়াজালত ভৰি দি এতিয়া সকলোৱেই মুৰে-কপালে হাত দিবলগীয়া পৰিস্থিতি হৈছে৷ আনকি গুৰুতৰ অভিযোগ মতে বিশালে এমাহত ৰ লাখ টকাক দুই লাখ কৰাৰ প্ৰতিশ্ৰুতিৰে প্ৰলোভিত কৰি বিনিয়োগকাৰীৰ পৰা টকা আদায় কৰিছিল৷ ইফালে ইণ্টেৰিয়ৰ ডিজাইনাৰ কৰিশ্মা কাকতিয়ে ডিব্ৰুগড়ৰৰ বৈৰাগীমঠৰ বিশালৰ কাৰ্যালয় ইণ্টেৰিয়ৰ ডিজাইন কৰাৰ বাবে ৮৫ লাখ টকা লোৱাৰ কথা নুই কৰিছে৷ তেওঁ জনোৱা মতে ই কামৰ বাবে বিশালৰ পৰা দ্বিতীয় ইনষ্টলমেণ্ট ১,৬৮,০০০ টকা পাবলৈ আছে৷ চিনেমাৰ শ্বুটিঙৰ কামত ব্যস্ত থকা বুলি বিশালে ইনষ্টলমেণ্টৰ ধন আদায় দিয়া নাছিল বুলিও কৰিশ্মা কাকতিয়ে দাবী কৰে৷ একেদৰে চুমি বৰাৰ ব্যক্তিগত জিম ট্ৰেইনাৰ তন্দ্ৰামণিয়েও মাহে ৫০ হাজাৰ টকাৰ মাননী লোৱাৰ কথা নুই কৰি এনেদৰে কয়–‘৫০ হাজাৰ টকা বেছি কৈছে৷ মই ইমান চাৰ্জ নলওঁ, এতিয়া মোৰ ওচৰলৈ জিম শিকিবলৈ অহাসকলে ভয় খাইছে৷ মই ইমান টকা লওঁ বুলি৷’