Logo
image

অনলাইন ট্ৰেডিং অপৰাধ নহয়, সমস্যা প্ৰলোভনেৰে ধন সংগ্ৰহহে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৬ ছেপ্টেম্বৰ : খাই কাৰ্শলা ডালত উঠিল, কাঠিচেলেকাৰ মৰণ মিলিল৷ অসমত ব্যাপক হাৰত ‘ট্ৰেডিং’ কেলেংকাৰি সংঘটিত হোৱাৰ সময়ত এতিয়া ৰাজ্যৰ বিভিন্ন মহলত পৰিস্থিতি এয়াই৷ ঠিক একে সময়তে ট্ৰেডিং নামৰ শব্দটো ৰাজ্যৰ গৰিষ্ঠসংখ্যক জনতাৰ বাবেই এটা নেতিবাচক ব্যৱসায় হিচাপে পৰিচিত হৈ পৰিছে৷ প্ৰকৃততে বিত্তীয় ব্যৱসায়ৰ   প্ৰতি অজ্ঞতা অথবা সীমিত জ্ঞানৰ বাবেই এই সময়ত অসমত ট্ৰেডিং নামৰ ব্যৱসায়বিধ একেকোবে ‘ভিলেইন’ত পৰিগণিত হৈছে৷ প্ৰকৃততে ট্ৰেডিং কোনো অবৈধ বিত্তীয় ব্যৱসায় নহয়, কিম্বা ট্ৰেডিং কৰা অপৰাধো নহয়৷ অসমত সংঘটিত হোৱা এই বিত্তীয় কেলেংকাৰি প্ৰকৃততে ট্ৰেডিং নহয়৷ বৰং ট্ৰেডিঙত বিনিয়োগ কৰিব বুলি প্ৰলোভনেৰে ধন সৰকাই আনি আত্মসাৎ কৰা এক বিত্তীয় অপৰাধহে৷ ট্ৰেডিঙৰ প্ৰথম চৰ্তই হৈছে, নিজে কৰা বিত্তীয় ব্যৱসায়, ট্ৰেডিং আনৰ দ্বাৰা কৰা নহয়৷ আনৰ দ্বাৰা কৰাটো হৈছে ইনভেষ্টমেণ্ট বা বিনিয়োগ৷ যিদৰে নিজৰ ঘৰৰ টকা জমা ৰখা আলমাৰীৰ চাবিটো আন কাৰো হাতত তুলি দিয়া নহয়, সেইদৰে ট্ৰেডিঙৰ ব্যৱসায়ো আনৰ দ্বাৰা পৰিচালনা কৰা সম্ভৱ নহয়৷ বিশ্বাসী হ’লে পিতৃয়ে সন্তানৰ হাতত টকা ৰখা আলমাৰীৰ চাবি তুলি দিয়াৰ দৰে ঘৰৰ কোনো এজন সদস্যই পৰিয়ালৰ একাধিক সদস্যৰ হৈ ট্ৰেডিং কৰাটো অৱশ্যে অস্বাভাৱিক নহয়৷ অসমত সম্প্ৰতি উদঘাটন হোৱা ট্ৰেডিং কেলেংকাৰি চূড়ান্ত প্ৰহসন আৰু নিজে একো নাজানি হাতৰ ধন ভুৱা প্ৰলোভন আৰু প্ৰতিশ্ৰুতি দিয়া একোজনৰ হাতত অবিশ্বাস্য লাভৰ আশাত তুলি দিয়া এক প্ৰক্ৰিয়াহে৷ এয়া কোনো কাৰণতে, অৰ্থনীতিৰ কোনো চৰ্ত, তত্ত্বতে ট্ৰেডিং নহয়৷ ট্ৰেডিং হৈছে এবিধ বিত্তীয় ব্যৱসায়, য’ত আৰ্থিক বা বিত্তীয় সামগ্ৰী লাভৰ বাবে ক্ৰয় আৰু বিক্ৰয় কৰা হয়৷ এনে সামগ্ৰীৰ বিত্তীয় মূল্য থাকে আৰু কম মূল্যত ক্ৰয় কৰি অধিক মূল্যত বিক্ৰী কৰা হয়৷ বিত্তীয় বজাৰত সহস্ৰবিধ এনে সামগ্ৰী থাকে আৰু অগণন বিত্তীয় কোম্পানী থাকে৷ ট্ৰেডিং কৰাৰ বাবে প্ৰথমে গ্ৰাহকে তেনে কোম্পানীত এটা একাউণ্ট খুলিব লাগে৷ কিন্তু সেই কোম্পানীটো দেশৰ বিত্তীয় নিয়ামক সংস্থাৰ পঞ্জীভূক্ত হ’ব লাগিব৷ ভাৰতৰ বিত্তীয় বজাৰ নিয়ন্ত্ৰণ কৰে ছেবিয়ে৷ ছেবি হৈছে ‘ছিকিউৰিটিছ এণ্ড এক্সচেঞ্জ বৰ্ড অব ইণ্ডিয়া’, যি ভাৰতীয় বিত্তীয় বজাৰৰ নিয়ামক সংস্থা৷ যিদৰে ভাৰতৰ সকলো বেংকৰ নিয়ামক সংস্থা ৰিজাৰ্ভ বেংক, যিদৰে ভাৰতৰ সকলো




বীমা কোম্পানীৰ নিয়ামক সংস্থা ‘আই আৰ ডি এ আই’; সেইদৰে সকলো বিত্তীয় ব্যৱসায়ৰ নিয়ামক সংস্থা ছেবি৷ অৰ্থাৎ ছেবিৰ অধীনষ্ঠ নোহোৱা ভাৰতৰ সকলো বিত্তীয় বজাৰ অৰ্থাৎ ট্ৰেডিং অবৈধ৷ ভাৰতত ট্ৰেডিং বুলি ক’লে বহুকেইবিধ বিত্তীয় সামগ্ৰী ক্ৰয়-বিক্ৰয় কৰিব পাৰি৷ সেয়া হৈছে–১) শ্বেয়াৰ, ২) ফৰেক্স, ৩) ক’ম’ডিটিছ, ৪) বণ্ডছ, ৫) ইনডাইচেছ, ৬) ইণ্টাৰেষ্ট ৰেটছ আৰু ৭) ইটিএফ৷ ইয়াৰ ভিতৰত সৰ্বাধিক পৰিচিত আৰু জনপ্ৰিয় হৈছে শ্বেয়াৰ৷ ভাৰতৰ শ্বেয়াৰ বজাৰ দুখন৷ সেয়া হৈছে–১) বিএছএ অৰ্থাৎ ব’ম্বে ষ্টক এক্সচেঞ্জ আৰু ২) এন এছ এ অৰ্থাৎ নেচনেল ষ্টক একচেঞ্জ৷ এই দুয়োটা ষ্টক এক্সচেঞ্জত দেশৰ যিমান কোম্পানীৰ নাম থাকে, অৰ্থাৎ লিষ্টিং থাকে, গ্ৰাহকে তাৰ শ্বেয়াৰ বা অংশীদাৰিত্ব ক্ৰয় আৰু বিক্ৰয় কৰিব পাৰে৷ তেনে প্ৰত্যেক গ্ৰাহকৰ নিজৰ নামত এটা শ্বেয়াৰ ক্ৰয়-বিক্ৰয় কৰিব পৰা একাউণ্ট [ডি-মেট একাউণ্ট] থাকিব লাগিব৷ গ্ৰাহকে অনলাইনৰ জৰিয়তে শ্বেয়াৰত ক্ৰয়-বিক্ৰয় কৰিব পাৰিব৷ একাউণ্ট বাধ্যতামূলক হোৱাৰ ফলত এতিয়া এয়া নি(য় সকলোৰে বাবে বুজাত পৰিষ্কাৰ হৈছে, যে একাউণ্ট থকাজনেহে নিজৰ বাবে ট্ৰেডিং কৰিব পাৰে৷ আনৰ হৈ কোনেও ট্ৰেডিং কৰা সম্ভৱ নহয়৷ এনেকৈ শ্বেয়াৰ ক্ৰয়-বিক্ৰয় কৰা কাৰ্যক ডেইলি ট্ৰেডিং বুলি কোৱা হয়৷ কিয়নো এনে ক্ৰয়-বিক্ৰয় কেইচেকেণ্ডমানতো সম্পন্ন হ’ব পাৰে বা কেইবাদিন আৰু কেইবামাহ তথা কেইবাবছৰলৈ থাকিব পাৰে৷ কম মূল্যত শ্বেয়াৰ ক্ৰয় কৰা গ্ৰাহকে বা ট্ৰেডাৰে হঠাতে শ্বেয়াৰ মূল্য বাঢ়িলে কেইচেকেণ্ডৰ ভিতৰতো শ্বেয়াৰ বিক্ৰী কৰি লাভ কৰিব পাৰে৷ অৱশ্যে শ্বেয়াৰ বজাৰৰ মূল্যৰ অভাৱনীয় উত্থান-পতন ঘটে৷আনহাতে ইনভেষ্টমেণ্ট বা বিনিয়োগ হৈছে দীঘলীয়া প্ৰক্ৰিয়া৷ এনে ক্ষেত্ৰত কেইবা বছৰৰ বাবে মিউচুৱেল ফাণ্ডত গ্ৰাহকে বিনিয়োগ কৰে, যাক এছ আই পি বা ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন বুলি কোৱা হয়৷ এনে বিনিয়োগ গ্ৰাহকে অনুজ্ঞাপত্ৰ থকা কমিছন এজেণ্টৰ জৰিয়তে কৰিবলৈ বাধ্য, য’ত গ্ৰাহকক কোনো একাউণ্টৰ প্ৰয়োজন নহয়৷অসমত সংঘটিত ট্ৰেডিং কেলেংকাৰিত গ্ৰাহকক ভুৱা প্ৰলোভন দি ধন সৰকোৱা হৈছে৷ য’ত গ্ৰাহকৰ হাতত ধন আছে, কিন্তু ট্ৰেডিং আৰু ইনভেষ্টমেণ্ট সন্দৰ্ভত তেনে গ্ৰাহকৰ জ্ঞান শূন্য৷ তেওঁলোক ইমানেই জ্ঞান শূন্য ধনাঢ্য যে, এজন ২২ বছৰীয়া যুৱকে তেনে গ্ৰাহকৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰিব পাৰিছে৷ তেনে গ্ৰাহকৰ পৰা এগৰাকী নৃত্য পটিয়সী অভিনেত্ৰীয়ে কোটি কোটি টকা উঠাই আনিব পাৰিছে৷ দীপাংকৰ বৰ্মন নামৰ ডি বি ষ্টক ব্ৰকিং নামৰ অবৈধ কোম্পানীটোৰ গৰাকীয়ে অসম তথা প্ৰতিবেশী ৰাজ্যৰ গ্ৰাহকৰ পৰা কেইবাহাজাৰ কোটি টকা আনিলেও তেওঁ সামান্য পৰিমাণৰ ধনহে ষ্টক বজাৰত বিনিয়োগ কৰিছে, তাকো নিজৰ নামত৷ কিয়নো তেওঁৰ কোম্পানীটো পঞ্জীয়নভূক্ত নহয়৷ দীপাংকৰ বৰ্মনে কিমান টকা ভাৰতীয় শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিছিল, তাৰ সম্পূৰ্ণ তথ্য আমাৰ হাতত পৰিছে৷ পৰৱৰ্তী প্ৰতিবেদনত সেয়া প্ৰকাশ পাব৷