অনুগ্ৰহ কৰি খবৰ ল’বলৈ আৰু নাহিব ! দৰ্শনাৰ্থীক অনুৰোধ অসুস্থ অখিল গগৈৰ
‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ৬ ছেপ্টেম্বৰ : অনুগ্ৰহ কৰি মোৰ খবৰ ল’বলৈ ঘৰলৈ নাহিব৷ এই কঠোৰ আহ৩ান শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ৷ সামাজিক মাধ্যম ছচিয়েল মিডিয়া ফেচবুকত দৰ্শনাৰ্থীক এই অনুৰোধ জনাইছে অসুস্থ অখিল গগৈয়ে৷ উল্লেখ্য যে, যোৱা ২৮ আগষ্টত আকস্মিক অসুস্থতাৰ বাবে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল৷ বিগত আঠ দিনৰ চিকিৎসাৰ অন্তত জি এম চি এইচৰ চিকিৎসকে অখিল গগৈক যোৱা কালি ঘৰলৈ যাবলৈ দিছিল আৰু ঘৰত সম্পূৰ্ণ ৰেষ্ট ল’বলৈ চিকিৎসকে পৰামৰ্শ আগবঢ়াইছিল৷ অখিল গগৈ ঘৰত উপস্থিত হোৱাৰ লগে লগে অসংখ্য অনুৰাগী তেওঁৰ খবৰ লবলৈ ঘৰত ভিৰ কৰা পৰিলক্ষিত হয়৷ ফলত অখিল গগৈ ভীষণ সমস্যাৰ সম্মুখীন হব লগা হৈছে৷ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ অখিল গগৈয়ে হতযোৰ কৰি তেওঁৰ অনুৰাগীক খবৰ ল’বলৈ ঘৰলৈ নাহিবলৈ আহ৩ান জনাইছে৷ উল্লেখ্য যে জি এম চি এইচত চিকিৎসাধীন হৈ থকা বিধায়ক অখিল গগৈৰ স্বাস্থ্য সন্দৰ্ভত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক অলক নাথে সদৰী কৰা মতে ২৭ আগষ্টৰ নিশা প্ৰায় ১২.৩০ বজাত অখিল গগৈ হঠাৎ এক জটিল ৰোগত আক্ৰান্ত হৈ পৰিছিল৷
পিচদিনা পুৱা জি এম চি এইচলৈ আহি অখিল গগৈয়ে প্ৰাথমিক চিকিৎসা কৰোৱাইছিল৷ বিশেষজ্ঞ চিকিৎসকসকলে বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত অখিল গগৈ বিভিন্ন কথাত তেওঁ মানসিক চাপ লোৱাৰ বাবে এই ৰোগত আক্ৰান্ত হোৱা বুলি সদৰী কৰিছিল৷ এইটো এটা চিজাৰ এটেক্ট জাতীয় ৰোগ বুলি চিকিৎসকে জনাইছিল৷ মূলতঃ নিদ্ৰাহীনতা, ভালদৰে খোৱা-বোৱা নকৰা, অনিয়মীয়া জীৱনশৈলী আৰু অত্যধিক মানসিক চাপ লোৱা আদি কাৰণত এই ৰোগে দেখা দিয়ে৷ যোৱা দেওবাৰে কেইবাদিনো ধৰি চিকিৎসাধীন হৈ থকা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ স্বাস্থ্যৰ বুজ লোৱাৰ উদ্দেশ্যৰে জি এম চি এইচত উপস্থিত হয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ অখিল গগৈ চিকিৎসাধীন হৈ থকা কেবিনত যথেষ্ট সময় ধৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অতিবাহিত কৰি স্বাস্থ্য বুজ লয়৷ ইপিনে বিধায়কগৰাকীৰ স্বাস্থ্য বুজ লৈ ওলাই আহি সংবাদমাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে, বেলেগ একো কথা নাই৷ অখিল গগৈৰ স্বাস্থ্যৰ বুজ লবৰ বাবে আহিছিলো৷ চিকিৎসকে ভালকৈ চিকিৎসা চলাই আছে৷ আগন্তুক দুই তিনিদিনৰ ভিতৰত তেওঁক ৰিলিজ দিয়া হ’ব৷ বৰ্তমান বাহিৰত গৈ চিকিৎসা কৰিবলগীয়া তেনেকুৱা একো হোৱা নাই৷