Logo
image

‘বিশ্বশান্তি’ৰ বাবে খানাপাৰাত শংকৰাচাৰ্যৰ বিৰাট যজ্ঞ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ ছেপ্টেম্বৰ : বিশ্ব শান্তিৰ উদ্দেশ্যেৰে জগতগুৰু শংকৰাচাৰ্য স্বামী শ্ৰী অধোক্ষজানন্দ জী মহাৰাজৰ উদ্যোগত ৯ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীৰ খানাপাৰা খেলপথাৰত অনুষ্ঠিত হ’ব ৰুদ্ৰ মহাযজ্ঞ আৰু কামেশ্বৰী মহা আৰাধনা৷ ৯ ছেপ্টেম্বৰৰ পুৱা খানাপাৰাৰ পৰা বশিষ্ঠ নদীপৰ্যন্ত জলযাত্ৰা কাৰ্যসূচীৰে আৰম্ভ হ’ব মহাযজ্ঞ৷ এই ধৰ্মীয় শোভাযাত্ৰাত প্ৰায় ১৫০০ লোক অংশ লোৱাৰ কথা৷ শোভাযাত্ৰাত প্ৰায় ৪০ খন গাড়ী আৰু ৬টা হাতীও থাকিব৷ প্ৰতিখন গাড়ীত ধৰ্মীয় অনুষ্ঠান পৰিৱেশন কৰা হয়৷ ইয়াৰে ভিতৰত ঢুলীয়া, খোল, নাগৰা, তাল, দিহানাম, শংখ বাদন আদি অন্যতম৷ এক ব্যতিক্ৰম ৰূপত এই ‘জলযাত্ৰা’ কাৰ্যসূচীৰ আয়োজন কৰা বুলি প্ৰকাশ কৰিছে মহাযজ্ঞ আয়োজক সমিতিৰ হৈ ৰাতুল শৰ্মাই৷

তেওঁ লগতে প্ৰকাশ কৰা অনুসৰি ধৰ্মীয় শোভাযাত্ৰাত অংশ ল’বলগীয়া প্ৰতিজন লোকে গেৰুৱা বসন পৰিধান কৰিব৷ ৯ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰলৈ প্ৰতিদিনে মহাযজ্ঞ অনুষ্ঠিত হ’ব আৰু ইয়াৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ শতাধিক পুৰোহিত আহি গুৱাহাটীত উপস্থিত হ’ব৷ প্ৰতিদিনে সন্ধিয়া পাঁচ বজাৰ পৰা সাত বজালৈ ধৰ্ম সন্মিলন অনুষ্ঠিত হ’ব য’ত শংকৰাচাৰ্য উপস্থিত থাকি ধৰ্মীয় বাণী প্ৰদান কৰিব৷ উল্লেখ্য যে, এই মহাযজ্ঞৰ বাবে খানাপাৰা খেলপথাৰত দিনে-নিশাই যুদ্ধকালীন ক্ষীপ্ৰতাৰে অব্যাহত আছে প্ৰস্তুতি৷ শংকৰাচাৰ্যই নিজেই তদাৰক কৰিছে সকলো প্ৰস্তুতি৷ প্ৰায় তিনি কোটি টকা বাজেটৰ এই বিশাল আয়োজনৰ সৈতে জড়িত হৈ আছে শাসকীয় দলৰ একাধিক মন্ত্ৰী-বিধায়ক আৰু নেতা৷ আনকি মুখ্যমন্ত্ৰীসহ এই মন্ত্ৰী-বিধায়ক আৰু দলীয় নেতা নিয়মীয়াভাৱে উপস্থিত থাকিব যজ্ঞস্থলীত৷ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু ভি ভি আই পি এই যজ্ঞত উপস্থিত থাকি বুলি আয়োজক সকলে দাবী কৰিছে৷