Logo
image

‘ইউক্ৰেইনৰ দৰে পৰিস্থিতি হ’ব পাৰে অসমৰ’

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৭ ছেপ্টেম্বৰ : অসমতো ইউক্ৰেইন বা হামাছৰ দৰে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে– এই ভাষ্য ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, প্ৰবীণ কংগ্ৰেছ নেতা কিৰিপ চলিহাৰ৷  ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত প্ৰবীণ কংগ্ৰেছ নেতা কিৰিপ চলিহাই কয়– অসম যিটো ভয়াৱহ সংকটৰ দিশে আগবাঢ়িছে তাৰ পৰিপ্ৰেক্ষিতত ইউক্ৰেইন বা হামাছৰ দৰে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷  চৰকাৰৰ অদূৰদৰ্শীতাৰ ফলস্বৰূপে ভৱিষ্যতে অসমৰ পৰিস্থিতি অধিক ভয়াৱহ হ’ব পাৰে৷ অসমৰ ৰাইজৰ ভৱিষ্যত অনি(য়তাৰ দিশে আগবাঢ়িছে আৰু এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ জনসাধাৰণক একত্ৰিত কৰাটো অতি প্ৰয়োজনীয়৷ জনসাধাৰণ হতাশ, মুদ্ৰাস্ফীতিৰ ফলত মধ্যবিত্ত শ্ৰেণী কোঙা হৈ পৰিছে৷ দৰিদ্ৰতা আৰু ক্ষুধাৰ সৃষ্টি হৈছে আৰু শাসকীয় নেতাসকলে দায়িত্ব পালনত ব্যৰ্থ হৈছে৷ হিন্দু-মুছলমান, অসমীয়া-অনা অসমীয়া, জনজাতীয়-অজনজাতিয় আদিৰ দৰে উত্তেজনাপূৰ্ণ পৰিস্থিতি আৰু সংঘাতৰ পৰা ওলাই আহিবলৈ আমি ঐক্যবদ্ধ প্ৰচেষ্টা চলাব লাগিব৷ তেওঁ কয় যে -দেশ বিভাজনৰ সময়ত অসমৰ হিন্দু-মুছলমানসকলে একত্ৰিত হৈ অসমক পাকিস্তানত অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা কৰিছিল৷ অসমৰ হিন্দু-মুছলমান আনকি কংগ্ৰেছৰ একাংশ নেতায়ো দলীয় ৰেখাৰ পৰা আঁতৰি আহি অসম ভাৰতৰ অংগ হৈ থাকিবলৈ ঐক্যবদ্ধ প্ৰচেষ্টা চলাইছিল৷  অসম আন্দোলনত হিন্দু-মুছলমানৰ কোনো সমস্যা নাছিল আৰু বাংলাদেশৰ অনুপ্ৰৱেশো হিন্দু-মুছলমানৰ নামত পৃথক কৰিব নোৱাৰি৷ আমি হিন্দু-মুছলমানৰ নামত অসমৰ সমস্যা সমাধান কৰিব নোৱাৰো৷ বাংলাদেশত চলি থকা ভাৰত বিৰোধী আন্দোলনে ভৱিষ্যতে ভাৰতৰ বাবে ‘এলাৰ্ম বেল’ হিচাপে প্ৰমাণিত হ’ব পাৰে৷ কেৱল এয়াই নহয়, বাংলাদেশৰ উন্নয়নে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত কি প্ৰভাৱ পেলাব পাৰে, সেই বিষয়ত এষাৰ ক’বলৈ কোনেও প্ৰস্তুত নহয়


 আনহাতে, মহম্মদ ইউনুছে কৈছে যে যদি বাংলাদেশক অস্থিৰ কৰাৰ প্ৰচেষ্টা চলোৱা হয় তেন্তে ভাৰতৰ উত্তৰ-পূবৰ সাতোখন ৰাজ্য শান্তিৰে থাকিব নোৱাৰিব৷ ভাৰতৰ আভ্যন্তৰীণ ৰাজনীতি আৰু বৈদেশিক নীতিত বিজেপি চৰকাৰক ব্যৰ্থ বুলি অভিহিত কৰি ৰাজ্যসভাৰ প্ৰাক্তন সাংসদগৰাকীয়ে কয় যে হিন্দুক প্ৰশংসা কৰা বিজেপিয়ে চুবুৰীয়া দেশৰ হিন্দুসকলক নিৰাপত্তা প্ৰদান কৰিব নোৱাৰিলে৷ প্ৰধানমন্ত্ৰী বিশ্বগুৰু বুলি প্ৰচাৰ চলাই বিজেপিয়ে৷ কিন্তু চুবুৰীয়া এখন দেশ বাংলাদেশত কি হৈ আছে সেয়াই গম নাপালে মোদী চৰকাৰে৷ হাছিনা চৰকাৰক যে এটা ৰাতিৰ ভিতৰতে গাদিচুত্য কৰি ভাৰত বিৰোধী শক্তিৰ উত্থান হব সেয়া খবৰেই নাপালে৷ ভাৰতৰ কূটনৈতিক নীতি সম্পূৰ্ণ বিফল হৈছে৷ এইখন চৰকাৰে উত্তৰ পূৰ্বাঞ্চল প্ৰতি কি সুৰক্ষা দিলে আমি একো নাজানো৷ এই কথা গ’দি মেডিয়াই লুকুৱাই ৰাখিলে৷ অসমত হিন্দু মুছলমানৰ মাজত এটা প্ৰভেদ সৃষ্টি কৰিছে৷ বাংলাদেশত জ্জ শতাধিক হিন্দু লোকক হত্যা কৰা হল, হিন্দু মহিলাক ধৰ্ষণ কৰা হ’ল৷ তথাপিও হিন্দুৰ ৰক্ষক বুলি কোৱা বিজেপি চৰকাৰে একো কৰিব নোৱাৰিলে৷ অসমত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সময়ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা গান্ধীৰ ‘ডাবল বডি’ বিষয়টোৰ কথা উল্লেখ কৰি তেওঁ কয় যে এতিয়া ড॰ শৰ্মাই এই বিষয়ে সমগ্ৰ সত্য জনসাধাৰণৰ আগত কোৱা উচিত৷ ‘বডি’ ডাবুল কোনে কৰে, যাৰ জীৱনৰ প্ৰতি ভাবুকি থাকে৷ ইয়াৰ আঁৰত গভীৰ ষড়যন্ত্ৰ থাকিব পাৰে৷ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু মল্লিকাজুৰ্ন খাৰ্গেক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পঞ্চম শাৰীত বহিবলৈ দি এইখন চৰকাৰে অপমান কৰিছে৷ মুখ্যমন্ত্ৰীয়ে ইউ এছ টি এম ৰ কথা কৈ বেয়া কৰিছে৷ সম্পৰ্কে তেওঁ মেঘালয় চৰকাৰৰ লগত কথা পাতিব লাগিছিল৷ কাৰণ ইউ এছ টি এম মেঘালয় চৰকাৰৰ অধীনত৷ মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁৰ পৰিয়ালৰ সম্পত্তি ৰাইজক দি যাব৷ যদি দিব আছে তেন্তে শিলসাঁকোৰ উচ্ছেদিত লোকক মাটি কিনি ঘৰ সাজি দিয়ক৷ আমাৰ এতিয়া সাৱধান হোৱাৰ সময় আহি পৰিছে৷ অসমবাসীৰ জীৱন, অস্তিত্বকলৈ সংকট নামি আহিছে৷ এই সময়ত অসমৰ ৰাইজক সংগঠিত কৰিব লাগিব৷ আমাক এইবোৰৰ পৰা পৰিত্ৰাণ দিবলৈ নতুন মানুহ উলিয়াই আনিব লাগিব৷’