Logo
image

খানাপাৰাত 'এফপিঅ এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট' সন্দৰ্ভত প্ৰশিক্ষণ

ডিজিটেল সংবাদ, খানাপাৰাঃ অসম চৰকাৰৰ কৃষি সঞ্চালকালয়ৰ অন্তৰ্গত ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠান (SAMETI)ৰ উদ্যোগত 'এফ পি অ' এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট' বিষয় সন্দৰ্ভত  ৩ দিনীয়াকৈ আয়োজিত হোৱা প্ৰশিক্ষণ কাৰ্যসূচীৰ শনিবাৰে সফলতাৰে অন্ত পৰে ৷ 



এই প্ৰশিক্ষণ কাৰ্যসূচীত ৰাজ্যৰ ৬ খন জিলাৰ নিৰ্বাচিত অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে ৷ এই ৩ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক এফপিচি বা কৃষক উৎপাদক কোম্পানী গঠন, কৃষক উৎপাদক কোম্পানীৰ পঞ্জীয়ন ব্যৱস্থা তথা নীতি-নিৰ্দেশাৱলীৰ লগতে ইয়াৰ সাংগঠনিক ব্যৱস্থাপনা কেনেকৈ শক্তিশালী কৰিব পাৰি ইত্যাদি বিভিন্ন বিষয় সন্দৰ্ভত বিভাগীয় আৰু নিমন্ত্ৰিত সমলব্যক্তিসকলে প্ৰশিক্ষণ আগবঢ়ায়৷ ইয়াৰ উপৰি কৃষি বিভাগৰ বিভিন্ন আঁচনি সন্দৰ্ভতো অংশগ্ৰহণকাৰীসকলক বিশদ বিৱৰণ আগবঢ়োৱা হয় ৷

লগতে এই ৩ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ অংশ হিচাপে অংশগ্ৰহণকাৰীসকলক 'নিউ চন্দ্ৰপুৰ এফপিচি'লৈ ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে লৈ যোৱা হয় ৷ উল্লেখ্য যে যোৱা ৫ ছেপ্তেম্বৰ ২০২৪ তাৰিখে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।