Logo
image

হাতৰ ধন শেষ হ’লেই চুমিয়ে আত্মসমৰ্পণ কৰিব/ মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ ছেপ্টেম্বৰ : ‘হাতত ১০ লাখ টকা লৈ ক’ৰবালৈ পলাই গৈছে৷ দুদিন পাছত হোটেলৰ বিল দিবলৈ পইচা নাথাকিব– নিজে নিজে আহি ছাৰেণ্ডাৰ কৰিব৷’– চুমি বৰাৰ পলায়ন সন্দৰ্ভত শনিবাৰে সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ দিছপুৰৰ লোকসেৱা ভৱনত এক সংবাদমেলত সাংবাদিকৰ প্ৰশ্ন উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়– ‘আপোনালোকে যিগৰাকী মহিলাৰ কথা কৈছে, তেখেত ক’তো বাহিৰলৈ ওলাই যাব নোৱাৰে৷ হাতত দুটা টকা আছে, খৰচ হ’লে নিজে নিজেই পুলিচৰ লগত যোগাযোগ কৰিব৷ অপৰাধীক ধৰাৰ বাবে   অসম আৰক্ষীৰ সক্ষমতা আছে৷ ট্ৰেডিং বিষয়টোত আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে গোটেই কেচখিনি চোৱাৰ বাবে আমি এটা এছআইটি গঠন কৰি দিম৷ ডাঙৰ কেচখিনি চিআইডিয়ে কৰিব৷ সৰু কেচখিনি ডিষ্টি˜ক পুলিচে কৰিব৷ ইডি, ইনকাম টেক্সৰো আমি সহায় ল’ম৷ ইতিমধ্যে আমি ইডিৰ সহায় লৈছোঁ৷ এটা সময়ত প্ৰয়োজন হ’লে কেচটো আমি চিবিআইকো দিম৷ অসম চৰকাৰে ইডি, ইনকাম টেক্সক বিশ্বাসত লৈছে৷’ ইফালে, সুনীল গগৈৰ অন্তৰ্ধান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়– সুনীল গগৈৰ কেচটো বেলেগ, বেছি জটিল৷ সুনীল গগৈয়ে কেচটো ডিজাইন কৰি লৈছিল৷ তেৱোঁ কিমান দিন লুকাই থাকিব, ধৰা পৰিব৷ এবছৰেই হোৱা নাই৷ কিমান দিননো হ’ল৷ কালি ধিঙৰ দুই অপৰাধীয়ে ধৰা দিলে৷’ উল্লেখ্য, অসম আৰক্ষীৰ একাংশ শীৰ্ষ বিষয়াৰ পৰামৰ্শ মতে চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰা মেঘালয়ৰ পৰা ডুবাইলৈ যোৱাৰ পৰিকল্পনা কৰা বুলি বাতৰি প্ৰকাশ পোৱাৰ পাছতে আজি মুখ্যমন্ত্ৰীয়ে চুমি বৰাৰ অন্তৰ্ধান সন্দৰ্ভত কৰা মন্তব্য গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷



তদন্তৰ দায়িত্ব চিআইডিক : ডিজিপি সিং

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক : অনলাইন ট্ৰেডিংযোগে জালিয়তি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ডিব্ৰুগড়ৰ বিশাল ফুকন নামৰ যুৱকজনৰ লগত নাম সাঙোৰ খাই পৰা চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাক আজি প্তটা দিন অতিক্ৰম কৰাৰ পাছতো আৰক্ষীয়ে শুং সূত্ৰ উলিয়াব পৰা নাই৷ চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাৰ গ্ৰেপ্তাৰৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ খোদ আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু চেলিব্ৰিটীয়ে ৰিলৰ অভিনেত্ৰী চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাক সুৰক্ষা দিয়া বুলি সৰ্বত্ৰ অভিযোগ উত্থাপন হৈছে৷ ৰাজ্যৰ সৰ্বত্ৰে চৰ্চিত চুমী বৰা সন্দৰ্ভত শনিবাৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয়— আইনগতভাৱে চুমি বৰাক এখন জাননী দিয়া হৈছে৷ জাননীৰ পিছতো যদি নাহে, চুমী বৰাৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰা হঅব৷ তেওঁৰ বিৰুদ্ধে প্ৰমাণ পালে এন লোৱা হ’ব৷  আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে লগতে কয়, নতুন আইন অনুসৰি তেওঁৰ বিৰুদ্ধে গোচৰ তৰিব পৰা যায় আৰু তেওঁক অভিযুক্ত কৰিব পাৰি৷  তেওঁ লগতে কয়, চুমি বৰা বুলি নহয় x, Y, z যিয়েই নহওক, তেওঁলোক আত্মসমৰ্পণ কৰিবই লাগিব আৰু তেওঁলোক আইনৰ আওতাত আহিবই লাগিব৷ এই গোচৰটো অসম আৰক্ষীয়ে নিজাববীয়াকৈ লৈছে৷ এইটো তদন্ত হৈছে এশ শতাংশ টেকনিকেল অনুসন্ধান৷ পইচা দিয়া মানুহ, কাৰ একাউণ্টত দিছে, কেনেকৈ দিছে, সেই একাউণ্টৰ পৰা পইচা কি হৈছে, সেইবোৰ Oral Statement ৰ ওপৰত নিৰ্ভৰ নকৰে৷ যাৰ বিৰুদ্ধে যি তথ্য পোৱা যায় তেনেকৈ ব্যৱস্থা লোৱা হ’ব৷ x, Y, z কোনোবা দুই-এজনৰ বাবে অনুসন্ধান বন্ধ হৈ নাযায়৷  এইদৰে কয় আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে৷ উল্লেখ্য যে, আৰক্ষীৰ প্ৰাথমিক তদন্তত অনলাইন ট্ৰেডিংযোগে জালিয়তি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিশাল ফুকন নামৰ যুৱকজনৰ লগত নাম সাঙোৰ খাই পৰা চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাই গুৱাহাটীৰ পৰা মেঘালয়ৰ সুৰক্ষিত স্থানত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিছে৷ মূলত: অসম এৰি মেঘালয় হৈ বিতৰ্কিত ৰিলৰ অভিনেত্ৰী চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাই পলাই যোৱাৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷ মেঘালয়ৰ পৰা ডুবাইলৈ যোৱাৰ সুৰুঙা বিচাৰি ফুৰিছে স্বামী স্ত্ৰী চুমি-তাৰ্কিকে৷ অসম আৰক্ষীৰ পৰা বাচিবলৈ বিতৰ্কিত ৰিলৰ অভিনেত্ৰী চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাই ডুবাইক সুৰক্ষিত স্থান হিচাপে বাচি লোৱা বুলি আৰক্ষীৰ এটা ভিতৰুৱা সূত্ৰ সদৰি কৰে৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত বিতৰ্কিত ৰিলৰ অভিনেত্ৰী চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পিছফালে আত্মীয়ৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰি আছিল৷ বৃহস্পতিবাৰে ৰিলৰ অভিনেত্ৰী চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাই মেঘালয় লৈ পলায়ন কৰা বুলি আৰক্ষীয়ে নিশ্চিত তথ্য লাভ কৰিছে৷ মূলত: অসম আৰক্ষীৰ একাংশ শীৰ্ষ আৰক্ষী বিষয়াৰ পৰামৰ্শত চুমি বৰা আৰু তেওঁৰ স্বামীয়ে মেঘালয়ত সুৰক্ষা স্থানত আশ্ৰায় গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন হৈছে৷

অগ্ৰিম জামিন লাভ কৰাৰ পিছতহে চুমি বৰা আৰু তেওঁৰ স্বামীক অসমলৈ আহিবলৈ শীৰ্ষ আৰক্ষী বিষয়াই পৰামৰ্শ দিছে বুলিও অভিযোগ উত্থাপন হৈছে৷ উল্লেখ্য যে, বুধবাৰে অনলাইন ট্ৰেডিংযোগে জালিয়তি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিশাল ফুকন নামৰ যুৱকজনৰ লগত নাম সাঙোৰ খাই পৰা চুমি বৰা আৰু তাৰ্কিক বৰাই মহানগৰীৰ বশিষ্ঠ আৰক্ষী থানা, পল্টন বজাৰ আৰক্ষী থানা আৰু নুনমাটি আৰক্ষী থানাত আত্মসমৰ্পণ কৰিব বুলি আৰক্ষীয়ে উজাগৰে নিশা বোন্দাপৰ দি থাকিব লগীয়া হৈছিল৷ আনকি সাংবাদিকৰ দলো চুমি বৰা আৰু তাৰ্কিক বৰাৰ আত্মসমৰ্পণৰ বাতৰি সংগ্ৰহ কৰিবলৈ বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিকেও উজাগৰে নিশা বোন্দাপৰ দি থাকিব লগীয়া হৈছিল৷ সেইদিনা পুৱা ৫ বজালৈকে চুমি বৰা আৰু তাৰ্কিক বৰাই আত্মসমৰ্পণ নকৰাত আৰক্ষী আৰু সাংবাদিকৰ দল নিৰাশ হৈ পৰিছিল৷ ইয়াৰ মাজতে নুনমাটি আৰক্ষীয়ে সম্পূৰ্ণ গোপনে চুমি বৰা আৰু তাৰ্কিক বৰাক বিচাৰ বৃহস্পতিবাৰে পুৱতি নিশা বিভিন্ন ঠাইত অভিযান চলাই যদিও তেওঁলোকক বিছাৰি উলিওৱাত ব্যৰ্থ হয়৷ অবশ্যে নুনমাটি আৰক্ষীয়ে বৃহস্পতিবাৰে চুমি বৰাৰ বিলাসী গাড়ীখন জব্দ কৰিবলৈ সক্ষম হৈছিল৷ নুনমাটি থানাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱাৰ ভাগত চুমি বৰা আৰু তেওঁৰ স্বামীক বিচাৰি মহানগৰীৰ পাথৰকুৱেৰীৰ আইডিয়েল ভিউ এপাৰ্টমেণ্টত অভিযান চলায়৷ সমগ্ৰ এপাৰ্টমেণ্টৰ প্ৰতিটো ফ্লেটত অভিযান চলাই যদিও আৰক্ষীয়ে চুমি বৰা আৰু তেওঁৰ স্বামীৰ সন্ধান উলিয়াব নোৱাৰিলে৷ অৱশ্য আৰক্ষী দলটোৱে চুমি বৰাৰ ব্যৱহাৰ কৰা AS০১FW ০০০৬ নম্বৰ বিলাসী গাড়ীখন পাৰ্কিং প্লেচত পৰি থকা প্ৰত্যক্ষ কৰিছিল৷ লগে লগে আৰক্ষীয়ে গাড়ীখন জব্দ কৰি এপাৰ্টমেণ্টৰ নিৰাপত্তা ৰক্ষীক গতাই দিছিল৷ উল্লেখ যে পাথৰকোৱাৰী আইডিয়েল ভিউ এপাৰ্টমেণ্টৰ ট্ট১২ট্ট নম্বৰৰ ফ্লেটত চুমি বৰা আৰু তেওঁৰ স্বামী আত্মগোপন কৰি থকা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছিল৷ এই তথ্যৰ ভিত্তিত নুনমাটি থানাৰ আৰক্ষীযে ফ্লেটত অভিযান চলাই যদিও আৰক্ষী অহাৰ উমান পাই চুমি বৰা আৰু তেওঁৰ স্বামী পলায়ন কৰে৷ ইপিনে অভিযুক্ত চুমিয়ে গুৱাহাটী উচ্ছ ন্যায়ালয়ত অগ্ৰিম জামিনৰ বাবে আবেদন কৰিব পাৰে বুলি একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে৷ তদুপৰি চুমিয়ে আৰক্ষীৰ ওচৰত অচিৰেই আত্মসমৰ্পণ কৰাৰো সম্ভাৱনা আছে বুলি ঘৰুৱা এটা সূত্ৰই সদৰি কৰিছে৷ ইপিনে বেংক একাউণ্ট সমূহ ফ্ৰীজ কৰাৰ বাবে প্ৰবঞ্চক বিশাল ফুকনৰ ব্যৱসায়ৰ লগত জড়িত ব্যক্তিগত সকলো পান কাৰ্ডৰ তথ্য ৰিজাৰ্ভ বেংকলৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীৰ এটা সূত্ৰই সদৰি কৰে৷ উল্লেখ্য যে, বিশালৰ প্ৰবঞ্চনাৰ সাম্ৰাজ্যখনৰ অন্যতম কাণ্ডাৰী কৰিঅগ্ৰাফাৰ- অভিনেত্ৰী চুমি বৰাই যোৱা সোমবাৰৰ দিনৰ প্ৰায় এক বজাৰ পৰা নিশা ১০-৩০ বজালৈ কটাইছিল কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ নুনমাটিস্থিত বাসগৃহত৷ এই কথা নিশ্চিত কৰিছে খোদ কণ্ঠশিল্পী দীক্ষু শৰ্মা আৰু তেওঁৰ পত্নী বিজেতা শৰ্মাই৷ উল্লেখ্য যে শ্বেয়াৰ মাৰ্কেটত অনলাইন ট্ৰেডিঙৰ নামত দুগুণ লাভৰ প্ৰলোভন দি কোটি কোটি টকা লুণ্ঠন কৰা ডিব্ৰুগড়ৰ ২২ বছৰীয়া যুৱক বিশাল ফুকন আৰক্ষীৰ জালত পৰাৰ পাছতেই আত্মগোপন কৰে চুমি বৰাই৷ সম্বন্ধত বিশাল ফুকনৰ পাতি লোৱা বায়েক চুমি বৰাই ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰাৰ সৈতে আত্মগোপন কৰাৰ পাছতেই লুণ্ঠনৰাজত জড়িত হৈ থকাটো নিশ্চিত হৈ পৰে৷ ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে নামি পবে চুমি বৰাৰ সন্ধানত৷ পিছে বৰ্তমানপৰ্যন্ত চুমি বৰা বা তেওঁৰ স্বামী তাৰ্কিক বৰাৰ সন্ধান উলিয়াব পৰা নাই৷ ইপিনে, ডিব্ৰুগড় থানাৰ ৩৫২/২৪ নম্বৰৰ গোচৰটো অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখালৈ স্থানান্তৰ কৰা হৈছে বুলি ডিজিপি জিপি সিঙে ঘোষণা কৰিছে৷

পলাতক ঘোষণা চুমি, তাৰ্কিক, ৰাজীৱ, জিংকি

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক : ধনকুবেৰ বিশাল ফুকনৰ পাতি লোৱা বায়েক চুমি বৰাৰ আজিও নাই সন্ধান৷ বিশালক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰৰ দিন ধৰি ৰহস্যজনকভাৱে আত্মগোপনকৰি থকা অভিনেত্ৰী চুমি বৰা আৰু স্বামী তাৰ্কিক বৰাক পলাতক ঘোষণা কৰিছে আৰক্ষীয়ে৷ ইফালে পলাতক চুমি বৰা, তাৰ্কিক বৰাক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ ইপিনে, পলাতক অভিযুক্ত চুমি বৰা সন্দৰ্ভত গুৱাহাটীত মন্তব্য কৰিছে আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে৷ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে কয়, ‘গ্ৰেপ্তাৰ নহ’লেও পলাতক চুমিৰ বিৰুদ্ধে দিয়া হ’ব চাৰ্জশ্বীট৷ পলাতক আন অভিযুক্তৰ বিৰুদ্ধেও দিয়া হ’ব চাৰ্জছীট৷’ নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া৷ ট্ৰেডিং কাণ্ডৰ অভিযুক্তৰ টেকনিকেল তথ্য পালেই ব্যৱস্থা লোৱা হ’ব বুলিও সদৰি কৰে আৰক্ষী সঞ্চালকপ্ৰধানজনে৷ ট্ৰেডিং কাণ্ডত জড়িত কোনো লোক সাৰি যাব নোৱাৰে বুলি সকীয়নি প্ৰদান কৰে জিপি সিঙে৷ কাৰো মুখৰ কথাত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰি বুলিও মন্তব্য কৰে ডিজিপিয়ে৷ ইফালে ডিব্ৰুগড় আৰক্ষীয়ে চুমিক বিচাৰি বাণীপুৰস্থিত পিতৃগৃহত দুবাৰকৈ বিচাৰি অভিযান চলাইছিল৷ আনকি চুমিক চমনো দিছিল ডিব্ৰুগড় আৰক্ষীয়ে৷ একেদৰে ডিব্ৰুগড় আৰক্ষীয়ে চুমিৰ ভাতৃ ৰাজীৱ বৰা আৰু বৌৱেক জিংকি মিলিকো ৱাণ্টেড ঘোষণা কৰিছে৷ ডিব্ৰুগড় আৰক্ষীয়ে চমন দিয়াৰ পাছতো থানাত হাজিৰ হোৱাৰ পৰিৱৰ্তে আত্মগোপন কৰি আছে চুমিৰ ভাতৃ আৰু বৌৱেক৷ বিশালে বিনিয়োগ কৰা পাৰ্চেলিয়া ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেড নামৰ ঔষধ প্ৰতিষ্ঠানটো পৰিচালনা কৰি আছে চুমিৰ ভাতৃ আৰু বৌৱেকে৷ চুমিৰ লগতে স্বামী তাৰ্কিক, ভাতৃ ৰাজীৱ আৰু বৌৱেক জিংকি গ্ৰেপ্তাৰ হ’লেই বিশালে সংঘটিত কৰা ট্ৰেডিং কেলেংকাৰিৰ ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷ আনহাতে, চুমিয়ে গুৱাহাটী উচ্ছ ন্যায়ালয়ত আগতীয়া জামিনৰ বাবে আবেদন কৰা বুলি জানিবপৰা গৈছে৷ বিগত ছটা দিন ধৰি চাৰিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱৰা বিষয়টোক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ একপ্ৰকাৰ স্মাৰ্ট অসম আৰক্ষীৰ ব্যৰ্থতা ওলাই পৰিছে চুমিৰ লগতে স্বামী, ভাতৃ আৰু বৌৱেকৰ আত্মগোপনে৷ মন কৰিবলগীয়া যে, ডিব্ৰুগড় আৰক্ষীয়ে বিতৰ্কিত চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাই আত্মগোপন কৰি থকা স্থানৰ ঠিকেই সন্ধান পাইছে৷ নুনমাটিত দুয়ো থকাৰ খবৰ এবাৰ নহয় দুবাৰকৈ মহানগৰ আৰক্ষীক দিছিল ডিব্ৰুগড় আৰক্ষীয়ে৷ মোবাইল বন্ধ কৰি ৰাখিলেও মোবাইল টাৱাৰৰ শেষ লোকেশ্বন উলিয়াই নুনমাটিত দুয়ো আত্মগোপন কৰি থাকিবপৰা সাম্ভাৱ্য স্থানত অভিযান চলোৱা হ’লে আটক কৰিবপৰা গ’ল হয় চুমি আৰু তেওঁৰ স্বামীক৷ ডিব্ৰুগড় আৰক্ষীৰপৰা এই খবৰ পোৱাৰ পাছতো মহানগৰ আৰক্ষীয়ে ৪৮ঘণ্টা ধৰি কোনো অভিযান নচলোৱাৰ অভিযোগ উঠিছে৷

কাৰাগাৰলৈ প্ৰেৰণ বিশাল ফুকনক

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক : ৬দিনৰ জেৰা আৰু ৩দিনৰ আৰক্ষীৰ জিন্মাৰ অন্তত ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰিলে ডিব্ৰুগড় আদালতে৷ ডিব্ৰুগড় ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাৰ পাছত ৰঙাঘৰলৈ প্ৰেৰণ কৰে প্ৰৱঞ্চনাৰে নিশাটোৰ ভিতৰতে ধন কুবেৰলৈ পৰিণত হোৱা বিশাল ফুকনক৷ আৰক্ষীয়ে বিশালক পুনৰ নিজৰ জিম্মাত নিবিচাৰৰ বাবে বিশাল ফুকনক আদালতৰপৰা পোনে পোনে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ আনহাতে, কোনো অনুশোচনাৰ পৰিৱৰ্তে সদৰ থানাৰপৰা আদালতলৈ লৈ যোৱা সময়চোৱাত বিশালৰ মুখত দেখা গৈছিল, মিচিকিয়া হাঁহি৷ স্বাভাৱিকতেই এই মিচিকিয়া হাঁহিত সকলো হতভম্ব৷ জানিবপৰা অনুসৰি বিগত ৬টা দিনৰ জেৰাত চুমি বৰাৰ বিষয়ে আৰক্ষীৰ আগত এষাৰ কথাও বিশাল ফুকনে নোকোৱাতো যথেষ্ট তাৎপৰ্যপূণ বুলিও বিবেচিত হৈছে৷ কেৱল চুমিৰ নামত হোৱা ধনৰ খৰচসমূহ জেৰাত সদিৰ কৰে৷ আৰক্ষীৰ সূত্ৰৰ মতে বিশালে আৰক্ষীৰ জেৰাত চুমি বৰাৰ বিষয়ে আন একোৱেই নক’লে বুলি দাবী কৰিছে৷ আনকি বিশালৰ মুখৰ পৰা চুমি সম্পৰ্কে কোনো কথাই উলিয়াব নোৱাৰিলে আৰক্ষীয়ে৷ ইফালে চুমি বৰাৰ প্ৰসংগত আৰক্ষীয়ে চুমিৰ পূৰ্বৰ এগৰাকী বিশেষ বন্ধু, এগৰাকী প্ৰায় লগে-ভাগে থকা বান্ধৱীক থানালৈ মাতি কেইবাবাৰো সোধা-পোছা কৰে৷ দুদিন পূৰ্বৰপৰা বিশেষ বন্ধুজনক কেইবাবাৰো সদৰ থানালৈ অহা দেখা গৈছিল৷ ইফালে বান্ধৱীগৰাকীক মাতি অনা হৈছিল কালি সন্ধ্যা৷ ইয়াৰ লগতে চুমিৰ লগত ঘনিষ্ঠ কেইবাজনো লোকক এই কালচোৱাত সোধা-পোছা কৰা বুলিও গম পোৱা গৈছে৷ অৱশ্যে এইক্ষেত্ৰত আৰক্ষীয়ে কোনোধৰণৰ তথ্য প্ৰকাশ কৰাৰপৰা বিৰত আছে৷ বিশালৰ প্ৰিয় (lucky number) সংখ্যা ৬বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছে, যিসমূহ আৰক্ষীয়ে জব্দ কৰা বিশালৰ বাহনত স্পষ্টৰূপত প্ৰকাশ পাইছে৷ বিশালৰ জব্দকৃত চাৰিখন গাড়ীৰ নম্বৰসমূহ এনেধৰণৰ ফ’ৰ্চুনাৰ এএছ ০৬ এজে ০০০৬, এমজি হেক্টৰ এএছ ০৬ একে ০০০৬, কিয়া ছেলটচ এএছ ০৬ এএল ০০০৬ আৰু এমজি এষ্টৰ এএছ ০৬ এএল ৬৭৩৪৷ সেয়ে বিশালৰ বাহনৰ পন্জীয়নত ৬সংখ্যাটোক প্ৰাধান্য দিয়া আছে৷ লগতে জীৱনৰ আন কেইবাটাও দিশত বিশালে ৬সংখ্যাটোক অধিক প্ৰাধান্য দিয়াৰ সম্ভাৱনা আছে৷

লক্ষণীয়ভাৱে বিশাল, আৰক্ষীৰ জিম্মাতো ৬দিনেই থাকিল৷ ইফালে আৰক্ষীয়ে বিশালৰ মাকক জেৰালৈ অনা নাই, এই ব্যৱসায়ত মাতৃ জড়িত থকাৰ কোনো তথ্য আৰক্ষীয়ে লাভ কৰা নাই৷ আনহাতে, মাতৃ বয়স্ক হোৱাৰ বাবেও আৰক্ষীয়ে অনাহকত হেঁচা প্ৰয়োগ কৰা নাই৷ প্ৰয়োজনত হয়তো সোধা-পোছা কৰাৰ সম্ভাবনা আছে৷ ইফালে ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে বহুতো তথ্য পাতি, নথি-পত্ৰ, গহনা, ছটা আই ফোন আদি জব্দ কৰা লগতে চাৰিখন বিলাসী বাহন জব্দ কৰি থানা লৈ আনে যদিও বি এম ডব্লিউ, অ’ডিকে ধৰি কেইবাখনো বাহন তদন্তৰ সময়ত পোহৰলৈ নাহিল৷ জানিবপৰা অনুসৰি ভাৰতীয় টকা বিদেশী মুদ্ৰালৈ ৰূপান্তৰিত কৰি, বিশালে কৌশলগতভাৱে ধনৰ পৰিমাণ কমাবলৈও চেষ্টা কৰিছিল, যদিও সফল হ’ব পাৰিলে নে নাই সেয়া জানিবপৰা হোৱা নাই৷ তদন্তৰ সময়ত ডিব্ৰুগড়ৰ আৰক্ষীয়ে ডিব্ৰুগড় মহানগৰৰ ৬খন জুৱেলাৰীত অনুসন্ধান চলাইছিল৷ য’ত বিশাল আৰু চুমিয়ে নিজে গৈ প্ৰায় ৭৮লাখ টকাৰ জুৱেলাৰী ক্ৰয় কৰিছিল৷ ইয়াৰ ভিতৰত ডিব্ৰুগড়ৰ টানিস্ক জুৱেলাৰী প্ৰতিষ্ঠান, ৰিলাইঞ্চ জুৱেলাৰীও আছে বুলিও জানিবপৰা গৈছে৷ বিনিয়োগকাৰীয়ে বিশালক জমা দিয়া টকাৰে বিশালে নিজৰ চাহিদা পুৰাবলৈ ক্ৰয় কৰা সামগ্ৰীৰ বাবে নিজ একাউণ্টৰপৰা ডাইৰেক্ট পে কৰিছিল বুলিও প্ৰকাশ৷ আন এক তথ্য অনুসৰি ঠিক লক্‌ডাউনৰ সময়ত বিশালে ‘চকুৰে টিপতে’ নামৰ গানটো কৰোঁতে ভিডিঅ’ৰ বাবে চুমিক প্ৰস্তাৱ দিছিল৷ যাৰ বাবে চুমিয়ে বিচৰা টকাতকৈ বিশালে বহু টকা বেছিকৈ দিয়াৰ অভিযোগ আছে৷ ইয়াৰ পাছতেই চতুৰ চুমিয়ে বিশালৰ প্ৰতি আকৰ্ষিত হৈ ঘনিষ্ঠতা বঢ়াবলৈ চেষ্টা কৰে৷ জানিবপৰা অনুসৰি বিশালৰ স্বভাৱ আছিল ১০টকা বিচাৰিলে ১৫টকা দি দিয়াৰ দৰে৷ সেই গানটো বনোৱাৰ সময়ত বিশালে কিছু নীতিসংগত অনলাইন ট্ৰেডিং কৰি বহু লাখ টকা বেংকত জমা ৰাখিছিল৷ যিবোৰ কথা পৰৱৰ্তী সময়ত চুমিয়ে জানিবপাৰি সেই টকাবোৰৰ গৰাকী হোৱাৰ দুৰ্বাৰ আশাৰে বিশালক প্ৰেমৰ মায়াজালত বন্দী কৰি সকলোবোৰ সৰকাইছিল৷ এনেদৰেই বিশালে চুমিৰ বাবে সৰ্বস্ব উজাৰি দিবলৈ ধৰে৷ তেনেকৈয়ে ট্ৰেডিঙৰ নাম লৈ কোটি কোটি টকা চুমিৰসহায়ত সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল৷ প্ৰকৃতাৰ্থত ক’বলৈ গ’লে একপ্ৰকাৰ চুমিয়ে বিশালৰ সমুদায় ধন নিজৰ হাতলৈ আনি বিলাসী জীৱন আৰম্ভ কৰে নিশাৰ ভিতৰতেই অসমৰ সকলো ক্ষেত্ৰতে জনপ্ৰিয় হৈ পৰিছিল৷ কিন্তু এতিয়া চুমি নাই/ নাই কাষত চুমিৰ ককায়েক ৰাজীৱ৷ লগতে নাই ৰাজীৱৰ পত্নী৷ সকলো যেন শূন্যত মিলি গ’ল৷