Logo
image

একাউণ্টত কিমান টকা? স্বপ্ননীলৰ বিৰুদ্ধে দ্বিতীয়টো গোচৰ ৰুজু

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ৮ ছেপ্টেম্বৰ : অনলাইন ট্ৰেডিং কেলেংকাৰিৰ জৰিয়তে কোটি কোটি টকা আত্মসাৎ কৰি গ্ৰেপ্তাৰ হোৱা স্বপ্ননীল দাসৰ নতুন বিপদ৷ প্ৰবঞ্চক স্বপ্ননীল দাসৰ বিৰুদ্ধে হাতীগাওঁ থানাত দ্বিতীয়টো গোচৰ ৰুজু কৰিছে অশ্ৰাফুল হক নামৰ এজন লোকে৷ গোচৰ ৰুজু হোৱাৰ পাছতে স্বপ্ননীলৰ গুণ্ডা বাহিনীয়ে আশ্ৰাফুলক হত্যাৰ ভাবুকি দিছিল৷ ভাবুকি দিয়াৰ সন্দৰ্ভত আশ্ৰাফুলে হাতীগাঁও থানাত গোচৰ ৰুজু কৰিছে৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৱাচিম আলম আব্বাছ নামৰ এজন যুৱকে স্বপ্ননীলৰ বিৰুদ্ধে দিছপুৰ থানাত প্ৰথমটো এজাহাৰ দাখিল কৰিছিল৷ ৰহস্য জনক ভাৱে ৱাচিম আলম আব্বাছে গোচৰটো উঠাই লৈছিল৷ তাৰ পাছতে বিপাঙত পৰিছিল মহানগৰ আৰক্ষী৷ উল্লেখ্য যে, অনলাইন ট্ৰেডিং কেলেংকাৰীৰ জৰিয়তে কোটি কোটি টকা আত্মসাৎ কৰা স্বপ্ননীল দাসক কালি আদালতে পুনৰ তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল৷ ট্ৰেডিঙত দুগুণ লাভৰ প্ৰলোভন দি কোটি কোটি টকা লুণ্ঠন কৰা স্বপ্ননীল দাসৰ পূৰ্বৰ দুদিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলি যোৱাত কালি দিছপুৰ আৰক্ষীয়ে স্বপ্ননীল দাসক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়৷ আদালতে দুয়ো পক্ষৰ অধিবক্তাৰ যুক্তি তৰ্ক শুনি প্ৰৱঞ্চক স্বপ্ননীল দাসক পুনৰ তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷ লগতে আদালতে সোমবাৰে স্বপ্ননীল দাসৰ গোচৰৰ অভিযোগনামা দাখিল কৰিবলৈ দিছপুৰ আৰক্ষীক নিৰ্দেশ জাৰি কৰিছে৷ ইপিনে, দিছপুৰ আৰক্ষীয়ে স্বপ্ননীল দাসৰ অনলাইন ট্ৰেডিং কেলেংকাৰীৰ সন্দৰ্ভত তদন্ত কৰি নতুন নতুন তথ্য উদঘাটন কৰিবলৈ সক্ষম হৈছে৷ এটা দুটা নহয় স্বপ্ননীল দাসৰ ২০টা বেংক একাউণ্ট আছে বুলি ইতিমধ্যে দিছপুৰ আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে৷ স্বপ্ননীল দাসে ডুবাই, মালেলচিয়াকে ধৰি কেবাখনো ৰাষ্ট্ৰত ধন বিনিয়োগ কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ এতিয়াও স্বপ্ননীল দাসৰ বেংক একাউণ্টত ১৫০০ কোটি টকা আৰু মাতৃৰ বেংক একাউণ্টত সমপৰ্যায়ৰ টকা জমা থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ স্বপ্ননীল দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা ভুক্তভোগী আশ্ৰাফুল হকক একাংশ ভেৰুনীয়া গুণ্ডা বাহিনীয়ে গোচৰটো উঠাই লবলৈ হত্যাৰ ভাবুকি দিয়া বুলি সৰ্বত্ৰ অভিযোগ উত্থাপন হৈছে৷ ইপিনে, লুণ্ঠনৰ বলি হোৱা একাংশ লোকেও উদঙাই দিছে স্বপ্ননীল দাসৰ কু-কীৰ্তিৰ কেতবোৰ অকথিত কাহিনী৷ পূব গুৱাহাটী আৰক্ষী জিলাৰ উপ-আয়ুক্তৰ কাৰ্যালয়ত ইয়াৰ কেতবোৰ তথ্য-প্ৰমাণ দাখিল কৰা আশ্ৰাফুল হক নামৰ এজন যুৱকে অভিযোগ কৰা অনুসৰি ‘সপোনৰ সদাগৰ’ স্বপ্ননীল দাস আৰু তেওঁৰ দদায়েক মানৱেন্দ্ৰ দাসে নিজেই এহাজাৰ কোটি টকাৰ মালিক বুলি দম্ভালি মাৰি ফুৰিছিল৷ অৰ্থাৎ শ্বেয়াৰ মাৰ্কেটত অনলাইন ট্ৰেডিঙৰ নামত দুগুণ লাভৰ প্ৰলোভন দি স্বপ্ননীল দাসে গঢ়ি তুলিছিল এহাজাৰ কোটি টকাৰ সাম্ৰাজ্য৷ ভুক্তভোগী আশ্ৰাফুল হকে কয় যে আৰক্ষীয়ে তেওঁক মাতিছিল৷ মই মোৰ হাতত থকা সকলো তথ্য-প্ৰমাণ আৰক্ষীৰ হাতত জমা দিছোঁ৷


স্বপ্ননীল দাসে পূৰ্বপৰিকল্পনা অনুসৰি সকলো কাম কৰিছিল৷ ভাস্কৰ দত্ত নামৰ এজন ইউটিউবাৰৰ চেনেল ‘পূৰ্বাঞ্চল’ৰ জৰিয়তে অনলাইন ট্ৰেডিঙত বিনিয়োগৰ প্ৰম’ট কৰিছিল স্বপ্ননীল দাসে৷ তেওঁ ছেবিৰ পঞ্জীয়নভুক্ত নহয়৷ অথচ অনলাইন ট্ৰেডিঙৰ পাঠদানৰ সমান্তৰালভাৱে বিনিয়োগ কৰি গৈছিল৷ স্বপ্ননীল দাসৰ অন্যতম সহযোগী দেৱব্ৰত বৰগোহাঁই ওৰফে জুয়ে এহাজাৰটা টেলিগ্ৰাম চেনেল হেক কৰাৰ কথা প্ৰায়েই বিভিন্নজনৰ আগত কৈছিল বুলিও যুৱকজনে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ তেওঁ প্ৰকাশ কৰা মতে, গ্ৰেপ্তাৰৰ এক- দুই দিন পূৰ্বে স্বপ্ননীল দাসে হোৱাটছএপ গ্ৰnপৰ পৰা বিভিন্ন অডিঅ’ আৰু ইউটিউব চেনেলৰ ভিডিঅ’সমূহ ডিলিট কৰি দিয়ে৷ লগতে গ্ৰেপ্তাৰৰ দুই-তিনি দিন আগতে সামাজিক মাধ্যমযোগে স্বপ্ননীল দাসে ট্ৰেডিঙৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ প’ষ্ট দিছিল বুলিও মন্তব্য কৰে যুৱকজনে৷ উল্লেখ্য যে এইজন স্বপ্ননীল দাসে গুৱাহাটীৰ ছুপাৰ মাৰ্কেটত টি এফ এ এল নামৰ এটা প্ৰতিষ্ঠানৰ কাৰ্যালয় খুলি শ্বেয়াৰ মাৰ্কেটত অনলাইন ট্ৰেডিং-পাঠদানৰ নামত ব্যাপক হাৰত ধন সংগ্ৰহ কৰিছে৷ অকল গুৱাহাটীতে নহয়, শিৱসাগৰতো আন এটা কাৰ্যালয় খুলিছিল স্বপ্ননীল দাসে৷ ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে ছুপাৰ মাৰ্কেটৰ টিএফএএলৰ কাৰ্যালয় ছীল কৰিছে৷ অনুৰূপ ধৰণে ছীল কৰা হৈছে শিৱসাগৰৰ কাৰ্যালয়টো৷ লুণ্ঠনৰ ধনেৰে বৃহৎ সম্পত্তিৰ পাহাৰ গঢ়ি তোলা স্বপ্ননীল দাসে বহিঃৰাজ্যত বিলাসী বাসগৃহৰ উপৰি কেইবাখনো ব্যয়বহুল বাহন-বাইক ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছে৷ অতি কম দিনৰ ভিতৰতে শিৱসাগৰৰ যুৱক স্বপ্ননীল দাসে কোটিপতি হৈ নিজৰ লাইফ ষ্টাইল সলনি কৰি পেলাইছিল৷ ডুবাই, ছিংগাপুৰ, মালয়েছিয়া আদি ভ্ৰমণ তেওঁৰ বাবে আছিল সাধাৰণ কথা৷ আৰক্ষীয়ে স্বপ্ননীল দাসৰ লুণ্ঠনৰাজৰ তদন্ত অব্যাহত ৰাখিছে৷ ইয়াৰ মাজতে কালি নিশাৰ ভাগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপৰ পৰা আৰক্ষীয়ে জব্দ কৰে প্ৰৱঞ্চকজনৰ তৃতীয়খন বিলাসী বাহন৷ বগা ৰঙৰ মাৰ্চিডিজ বাহনখন ইতিমধ্যে আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে৷ তদুপৰি স্বপ্ননীল দাসৰ বহুকেইটা বেংক একাউণ্টো জব্দ কৰা হৈছে৷ ইয়াৰ ভিতৰত আছে দুটা বিশেষ বেংক একাউণ্ট৷ যি দুটা বেংক একাউণ্টৰ লেনদেন হয় কেৱল ডুবাইতহে৷ আন কেইটামান বেংক একাউণ্টৰ ক্ষেত্ৰত পাছৱৰ্ড থকাৰ৷ বাবে আৰক্ষীয়ে তথ্য আহৰণ কৰিব পৰা নাই৷