Logo
image

মন্ত্ৰীক ধমকি দি স্মাৰ্ট মিটাৰ খুলি নিবলৈ ক’লে বিধায়ক সিদ্ধাৰ্থই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ ছেপ্টেম্বৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰৰ পক্ষত সদনৰ বাহিৰে ভিতৰে যুক্তি প্ৰদৰ্শন কৰি অহাৰ সময়ত স্মাৰ্ট মিটাৰ সংস্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছে বিজেপি দলৰে এজন জ্যেষ্ঠ বিধায়কে৷ প্ৰাক্তন মন্ত্ৰী তথা পূব গুৱাহাটী সমষ্টিৰ বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই স্মাৰ্ট মিটাৰ সংস্থাপন কৰা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে৷ স্মাৰ্ট মিটাৰক লৈ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়ত গুৱাহাটীত স্মাৰ্ট মিটাৰৰ অৰাজকতাৰ বলি হোৱা বুলি খোদ শাসকীয় দলৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৰাজহুৱাভাৱে মত প্ৰকাশ কৰিছে৷ স্মাৰ্ট মিটাৰৰ অৰাজকতাৰ বলি হোৱা বুলি নিজেই অভিযোগ কৰাৰ লগতে বিভাগীয় মন্ত্ৰীক ধমক দি স্মাৰ্ট মিটাৰ খুলি নিবালও ক’লে বিজেপিৰ জ্যেষ্ঠ বিধায়কজনে৷ কোনো ধৰণৰ জাননী প্ৰেৰণ নকৰাকৈ স্মাৰ্ট মিটাৰ বহুৱাই বিদ্যুৎ কৰ্তন কৰাত ক্ষুব্ধ হৈ পৰে বিধায়কজনে৷ তেওঁ শনিবাৰে স্মাৰ্ট মিটাৰ লগাবলৈ অহা বিষয়া-কৰ্মচাৰীক কাৰ্যতঃ ‘বন্দী’ কৰি স্মাৰ্ট মিটাৰৰ নামত কৰা অৰাজকতাৰ বিষয়ে ক্ষোভ উজাৰে৷ তেওঁ কয়–গুৱাহাটীত স্মাৰ্ট মিটাৰ নামত অৰাজকতা চলিছে৷ মই নিজে এনে অৰাজকতাৰ বলি হৈছো৷ মোৰ ঘৰত এটা বাণিজ্যিক মিটাৰ লাগি আছে৷ বাণিজ্যিক মিটাৰ যদি প্ৰিপেইড হ’ব লাগে নে পোষ্টপেইড হ’ব লাগে সেই সন্দৰ্ভত গ্ৰাহকৰ সন্মতি লৈ আগৰ মিটাৰ আঁতৰাই নতুন মিটাৰ লগাব লাগে৷ কোনো জাননী নিদিয়াকৈ এবাৰ আপোনালোকে কয় এইটো প্ৰিপেইড হ’ল৷ কেনেকৈ প্ৰিপেইড হ’ল? আমি বিল দি আছোঁ৷ যদি প্ৰিপেইড হয় আমাক জনাব নালাগিব? আমাক আপোনালোকে জনাব লাগিব যে আপোনালোকৰ পোষ্টপেইড মিটাৰ আছিল৷ এতিয়া প্ৰিপেইড কৰিব বিচাৰিছোঁ৷ গতিকে ইয়াত এটা স্মাৰ্ট মিটাৰ বহিব৷ মোৰ সন্মতি অবিহনে এইটো কেনেকৈ কৰিলে? এইটো অকল মোৰ ঘৰতে নহয়, মোৰ সমষ্টিৰ হাজাৰ-বাৰ শ পৰিয়ালৰ ক্ষেত্ৰত এনে হৈছে৷ একেই অভিযোগ, একেই সমস্যা৷



এটা বাহিৰৰ কোম্পানী আহিছে৷ তেওঁলোকৰ মন গ’লেই কিবা কৰি যাব সেইটো কেনেকৈ হ’ব? আৰু মিটাৰটো সলনিও হোৱা নাই, নম্বৰটো পালেই গম পোৱা যায়৷ তাৰ পাছত কয় এতিয়া অ’ভাৰ লোড হৈছে৷ যদি অ’ভাৰ লোড হৈছে জাননী দিছিল নেকি? কোনো জাননী নিদিয়াকৈ এই গৰমৰ দিনত কেনেকৈ বিদ্যুৎ কাটি দিলে? ৰহাত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যুৱ ছাত্ৰৰ প্ৰতিবাদ ‘আমাৰ অসম’ৰ ৰহাৰ প্ৰতিবেদক : ৰহাত আজি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৰে তীব্ৰ প্ৰতিবাদ৷ এজেৱাইচিপিৰ ৰহা আঞ্চলিক সমিতিয়ে ৰহা চহৰত উলিয়াই এক প্ৰতিবাদী সমদল৷ প্ৰতিবাদী সমদলত মহিলা, ছাত্ৰ-ছাত্ৰী আদিয়েও অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ স্মাৰ্ট মিটাৰ বন্ধ কৰক, শক্তিমন্ত্ৰী মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় আদি প্ৰতিবাদী শ¡’গানে মুখৰিত কৰি তোলে ৰহা চহৰ৷ প্ৰতিবাদী সমদলটোৱে ৰহা চহৰ পৰিভ্ৰমণ কৰাৰ পাছত ৰহা বিদু্যৎ উপ-সংমণ্ডল কাৰ্যালয়লৈ আহে আৰু কাৰ্যালয়টোৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ এই প্ৰতিবাদৰ জৰিয়তে যুৱ ছাত্ৰ পৰিষদে স্মাৰ্ট মিটাৰ শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনায়৷ স্মাট মিটাৰ বন্ধ নকৰিলে অধিক জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে৷ প্ৰতিবাদৰ অন্তত নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্তৰ জৰিয়তে অসম চৰকাৰলৈ এক স্মাৰক-পত্ৰও প্ৰেৰণ কৰা হয়৷ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচীত এজেৱাইচিপিৰ কেন্দ্ৰীয় সমিতিৰ কেইবাজনো নেতাই অংশগ্ৰহণ কৰে৷

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ ছেপ্টেম্বৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰৰ পক্ষত সদনৰ বাহিৰে ভিতৰে যুক্তি প্ৰদৰ্শন কৰি অহাৰ সময়ত স্মাৰ্ট মিটাৰ সংস্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছে বিজেপি দলৰে এজন জ্যেষ্ঠ বিধায়কে৷ প্ৰাক্তন মন্ত্ৰী তথা পূব গুৱাহাটী সমষ্টিৰ বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই স্মাৰ্ট মিটাৰ সংস্থাপন কৰা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে৷ স্মাৰ্ট মিটাৰক লৈ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়ত গুৱাহাটীত স্মাৰ্ট মিটাৰৰ অৰাজকতাৰ বলি হোৱা বুলি খোদ শাসকীয় দলৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৰাজহুৱাভাৱে মত প্ৰকাশ কৰিছে৷ স্মাৰ্ট মিটাৰৰ অৰাজকতাৰ বলি হোৱা বুলি নিজেই অভিযোগ কৰাৰ লগতে বিভাগীয় মন্ত্ৰীক ধমক দি স্মাৰ্ট মিটাৰ খুলি নিবালও ক’লে বিজেপিৰ জ্যেষ্ঠ বিধায়কজনে৷ কোনো ধৰণৰ জাননী প্ৰেৰণ নকৰাকৈ স্মাৰ্ট মিটাৰ বহুৱাই বিদ্যুৎ কৰ্তন কৰাত ক্ষুব্ধ হৈ পৰে বিধায়কজনে৷ তেওঁ শনিবাৰে স্মাৰ্ট মিটাৰ লগাবলৈ অহা বিষয়া-কৰ্মচাৰীক কাৰ্যতঃ ‘বন্দী’ কৰি স্মাৰ্ট মিটাৰৰ নামত কৰা অৰাজকতাৰ বিষয়ে ক্ষোভ উজাৰে৷ তেওঁ কয়–গুৱাহাটীত স্মাৰ্ট মিটাৰ নামত অৰাজকতা চলিছে৷ মই নিজে এনে অৰাজকতাৰ বলি হৈছো৷ মোৰ ঘৰত এটা বাণিজ্যিক মিটাৰ লাগি আছে৷ বাণিজ্যিক মিটাৰ যদি প্ৰিপেইড হ’ব লাগে নে পোষ্টপেইড হ’ব লাগে সেই সন্দৰ্ভত গ্ৰাহকৰ সন্মতি লৈ আগৰ মিটাৰ আঁতৰাই নতুন মিটাৰ লগাব লাগে৷ কোনো জাননী নিদিয়াকৈ এবাৰ আপোনালোকে কয় এইটো প্ৰিপেইড হ’ল৷ কেনেকৈ প্ৰিপেইড হ’ল? আমি বিল দি আছোঁ৷ যদি প্ৰিপেইড হয় আমাক জনাব নালাগিব? আমাক আপোনালোকে জনাব লাগিব যে আপোনালোকৰ পোষ্টপেইড মিটাৰ আছিল৷ এতিয়া প্ৰিপেইড কৰিব বিচাৰিছোঁ৷ গতিকে ইয়াত এটা স্মাৰ্ট মিটাৰ বহিব৷ মোৰ সন্মতি অবিহনে এইটো কেনেকৈ কৰিলে? এইটো অকল মোৰ ঘৰতে নহয়, মোৰ সমষ্টিৰ হাজাৰ-বাৰ শ পৰিয়ালৰ ক্ষেত্ৰত এনে হৈছে৷ একেই অভিযোগ, একেই সমস্যা৷ এটা বাহিৰৰ কোম্পানী আহিছে৷ তেওঁলোকৰ মন গ’লেই কিবা কৰি যাব সেইটো কেনেকৈ হ’ব? আৰু মিটাৰটো সলনিও হোৱা নাই, নম্বৰটো পালেই গম পোৱা যায়৷ তাৰ পাছত কয় এতিয়া অ’ভাৰ লোড হৈছে৷ যদি অ’ভাৰ লোড হৈছে জাননী দিছিল নেকি? কোনো জাননী নিদিয়াকৈ এই গৰমৰ দিনত কেনেকৈ বিদ্যুৎ কাটি দিলে?

ৰহাত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যুৱ ছাত্ৰৰ প্ৰতিবাদ

‘আমাৰ অসম’ৰ ৰহাৰ প্ৰতিবেদক : ৰহাত আজি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৰে তীব্ৰ প্ৰতিবাদ৷ এজেৱাইচিপিৰ ৰহা আঞ্চলিক সমিতিয়ে ৰহা চহৰত উলিয়াই এক প্ৰতিবাদী সমদল৷ প্ৰতিবাদী সমদলত মহিলা, ছাত্ৰ-ছাত্ৰী আদিয়েও অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ স্মাৰ্ট মিটাৰ বন্ধ কৰক, শক্তিমন্ত্ৰী মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় আদি প্ৰতিবাদী শ¡’গানে মুখৰিত কৰি তোলে ৰহা চহৰ৷ প্ৰতিবাদী সমদলটোৱে ৰহা চহৰ পৰিভ্ৰমণ কৰাৰ পাছত ৰহা বিদু্যৎ উপ-সংমণ্ডল কাৰ্যালয়লৈ আহে আৰু কাৰ্যালয়টোৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ এই প্ৰতিবাদৰ জৰিয়তে যুৱ ছাত্ৰ পৰিষদে স্মাৰ্ট মিটাৰ শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনায়৷ স্মাট মিটাৰ বন্ধ নকৰিলে অধিক জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে৷ প্ৰতিবাদৰ অন্তত নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্তৰ জৰিয়তে অসম চৰকাৰলৈ এক স্মাৰক-পত্ৰও প্ৰেৰণ কৰা হয়৷ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচীত এজেৱাইচিপিৰ কেন্দ্ৰীয় সমিতিৰ কেইবাজনো নেতাই অংশগ্ৰহণ কৰে৷