Logo
image

উজনিত কংগ্ৰেছৰ হুংকাৰ, আজি ৰিপুণৰ যোগদান

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ৮ ছেপ্টেম্বৰ : লোকসভা নিৰ্বাচন আছিল কংগ্ৰেছৰ বাবে ট্ৰেইলাৰ৷ ২০২৬চনত হ’বলগীয়া বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে দেখিব কংগ্ৰেছৰ ফাইনেল৷ ডিব্ৰুগড়ৰ বৰবৰুৱাত আজি অনুষ্ঠিত কংগ্ৰেছৰ এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি চ্ছক লৈ আত্মবিশ্বাসী লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে এনেদৰে হুংকাৰ দিয়ে৷ বৰবৰুৱা চু্যকাফা ভৱনত অনুষ্ঠিত হোৱা সভাত কংগ্ৰেছৰ যুৱনেতা  গৌৰৱ গগৈয়ে কয় যে, ডিব্ৰুগড় জিলাৰ বিধানসভাৰ ৬খন আসনতে ২৬ ত জয়লাভ কৰিব কংগ্ৰেছে৷ আমাৰ লক্ষ্য সেইটোৱেই হ’ব লাগিব৷ ৰাইজৰ মৰম, প্ৰেম আমাৰ লগত এতিয়াও আছে৷ তৰুণ গগৈ চৰকাৰৰ দিনত আমি শান্তিত আছিলোঁ৷ সেইসময়ত সামগ্ৰীৰ মূল্যবৃদ্ধি, দুৰ্নীতি কেলেংকাৰি, বিভাজনকামী ৰাজনীতি নাছিল৷ এতিয়া ৰাজনীতিত অভদ্ৰ আচৰণ কৰে৷ আনহাতে, বিজেপিক নাম নোলোৱাকৈ সমালোচনা কৰি গৌৰৱ গগৈয়ে কয়, কংগ্ৰেছমুক্ত অসম দেখাসকলক কৈছোঁ, কংগ্ৰেছ আছে আৰু সদায় থাকিব৷ বাগিচাত আমি ভোট পাওঁ বা নাপাওঁ কিন্তু কংগ্ৰেছ বাগিচাৰ শ্ৰমিকৰ কাষত আছে৷ চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকৰ বাবে একোৱেই নকৰিলে বুলি অভিযোগ উত্থাপন কৰি কয়, বাগিচাত কৰিবলগীয়া বহু কাম আছে৷ বিদু্যতৰ সমস্যা, স্কুলত শিক্ষকৰ অভাৱ, চিকিৎসালয়ত চিকিৎসক নাই, প্ৰয়োজনীয় ঔষধ উপলব্ধ নহয়৷ এনেবোৰ সমস্যাক লৈ অকনো গুৰুত্ব নাই বিজেপি চৰকাৰৰ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত গৈ আদিবাসীৰ কথা ক’লেই নহ’ব অসমৰ চাহ বাগিচাৰ মানুহক কিদৰে উপেক্ষিত কৰা হৈছে সেই কথা নকয় কিয় বুলি প্ৰশ্ন কৰিছে৷ অসমত আদিবাসীৰ ঘৰৰ ওপৰত স্মাৰ্ট মিটাৰ বহাই কঁকাল বেকা কৰিছে হিমন্ত বিশ্ব শৰ্মাই৷ এইবোৰ কথাও ঝাৰখণ্ডত ক’ব লাগে৷ ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ভুলৰ বাবে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নহ’ল বুলি কৰা মন্তব্যকো উভতি ধৰে গৌৰৱ গগৈয়ে৷ বিজেপিয়ে ছমাহৰ ভিতৰত জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল৷


কিন্তু ৯ বছৰে বিজেপি চৰকাৰে ছয় জনগোষ্ঠীৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰিব নোৱাৰিলে৷ আনহাতে, নতুন পেঞ্চন নীতি কংগ্ৰেছে বিৰোধিতা কৰাৰ কাৰণে বাতিল কৰিবলৈ বাধ্য হোৱা বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে স্মাৰ্ট মিটাৰ বাতিল কৰিবলৈ কংগ্ৰেছে কাম কৰি যাব বুলি মন্তব্য কৰিছে৷ চৰকাৰে ধাৰ লৈ ফাইভ ষ্টাৰ ফ্লাই অভাৰ বনাইছে বুলি কটাক্ষ কৰি জনসাধাৰণৰ উন্নয়নৰ বাবে একোৱেই কাম কৰা নাই বুলিও সমালোচনা কৰে৷ ভাল দিন আহিছে আদানি আৰু আম্বানিৰ৷ ৰাইজৰ নহয়৷ মুখ্যমন্ত্ৰীয়ে ক্ষমতা বচাবৰ কাৰণে সংঘাত সৃষ্টি কৰিছে৷ আৱেগিক কথা কৈ আমাৰ মাজত বিভ্ৰান্ত কৰিব বিচাৰিছে৷ এতিয়া অসমৰ ৰাইজ ৰাজনৈতিকভাৱে সচেতন হৈছে৷ হিমন্তৰ কথাত গুৰুত্ব নিদিয়ে৷ ২৬১ নিৰ্বাচনত বিজেপিৰ অহংকাৰ ভাঙি দিব৷ লোকসভাৰ পাছতে বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিছে৷ বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰক, আমি কংগ্ৰেছৰ ৰাজনীতি কৰিম৷ কংগ্ৰেছৰ তৃণমূল কৰ্মীসকলক উদ্দেশ্যি গৌৰৱ গগৈয়ে কয়, চ্ছক লৈ আমি কষ্ট কৰিব লাগিব৷ মানুহৰ মাজত থাকি কাম কৰিব লাগিব৷ ৰাইজৰ আস্থা বুটলিব লাগিব৷ একত্ৰিত হৈ আমি কাম কৰিব লাগিব৷ শেহতীয়াকৈ ৰাজ্যত চলি থকা ট্ৰেডিং কেলেংকাৰিক লৈয়ো মন্তব্য কৰিছে গৌৰৱ গগৈয়ে৷ ট্ৰেডিঙৰ সৈতে শাসকীয় দলৰ নেতা জড়িত হৈ থকাৰ অভিযোগ উত্থাপন কৰি কয়, অসম আৰক্ষীৰ ওপৰত আমাৰ আস্থা নাই৷ চিবিআই তদন্ত লাগিব৷ সাধাৰণ দৰিদ্ৰ মানুহৰপৰা কোটি কোটি সৰকালে৷ ৰ’জ ভেলী, সাৰদাৰ দৰে হিমন্ত চৰকাৰৰ দিনত ট্ৰেডিং কেলেংকাৰিয়ে সাধাৰণ ৰাইজৰ টকা লুট কৰি নিছে৷ ইফালে এই সভাত প্ৰবীণ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে কয় যে, ২০১৩চনত কংগ্ৰেছে জনজাতিকৰণৰ প্ৰস্তাৱ বিধানসভাত উত্থাপন কৰিছিল৷ বিপথে পৰিচালিত কৰিবৰ কাৰণে গোকাট মিছা কথা কৈছে মুখ্যমন্ত্ৰীয়ে৷ আনকি সেইসময়ত আমি জনজাতিকৰণৰ বিষয়টো আগবঢ়াই নিছিলোঁ৷ ইয়াৰ বিপৰীতে ছমাহৰ ভিতৰত জনজাতিকৰণ দিয়াৰ প্ৰতিশ্ৰুতি দি বিগত জ্ঝবছৰে নতুনকৈ কংগ্ৰেছক দোষাৰোপ কৰি বিভ্ৰান্ত কৰিছে৷ বৰ্তমানৰ জনজাতিজাতিসকলৰ মাজত সংঘাত সৃষ্টি কৰাৰ ষড়যন্ত্ৰ চলাইছে৷ বিজেপি চৰকাৰৰ দিনত দুৰ্নীতি আৰু ছিণ্ডিকেট বৃদ্ধি পোৱা বুলি উল্লেখ কৰি কয়, এইবোৰ কথা লুকুৱাই ৰাখিবলৈ এনেবোৰ গোকাট মিছা কথাবোৰ উলিয়াইছে মুখ্যমন্ত্ৰীয়ে৷ বিজেপিয়ে মূল্যবৃদ্ধিৰ কথা নকয়৷ ইয়াৰ বিপৰীত মিঞাৰ কথা উলিয়াইছে৷ মুখ্যমন্ত্ৰীৰ নতুন নতুন আৱিষ্কাৰ সৃষ্টি কৰিছে৷ মুখ্যমন্ত্ৰীৰ সচিবালয়ত চাৰিদিন থকাৰ কথাটো আভুৱা-ভাঁৰাৰ কথা৷ আনহাতে, ৰাজনৈতিক চক্ৰান্তৰে জনজাতি মুখ্যমন্ত্ৰীক অসমৰপৰা আঁতৰাই হিমন্ত মুখ্যমন্ত্ৰী হ’ল৷ কিন্তু সেইজন মুখ্যমন্ত্ৰীয়ে জনজাতিৰ সুৰক্ষাৰ কথা কয়৷ ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটীৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ৰাজকুমাৰ নীলনেত্ৰ নেওগে আঁতধৰা অনুষ্ঠানত নগাঁৱৰ সাংসদ প্ৰদু্যৎ বৰদলৈ, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ শিকদাৰ হুছেইন, প্ৰবীণ কংগ্ৰেছ নেতা পৃথ্বী মাঝি, প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, তিতাবৰৰ বিধায়ক ভাস্কৰ শৰ্মা, প্ৰাক্তন বিধায়ক ৰাজু চাহু, দুৰ্গা ভূমিজ, প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি মাধুৰ্য গোস্বামী, জিলা কংগ্ৰেছৰ সভাপতি দেৱৰঞ্জন গগৈ উপস্থিত থাকে৷

দেওবাৰে কংগ্ৰেছত পুনৰ যোগদান কৰিব প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰাই

‘আমাৰ অসম’ৰ মাহমৰাৰ প্ৰতিবেদক: অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এখন গুৰুত্বপূৰ্ণ বদ্ধিৰ্ত কাৰ্যনিৰ্বাহক সভা কাইলৈ চৰাইদেউ জিলাৰ মথুৰাপুৰত অনুষ্ঠিত হ’ব৷ চৰাইদেউ জিলাৰ মথুৰাপুৰ গ্ৰাম্য ক্ৰীড়া প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিতব্য ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ প্ৰস্তুতি ইতিমধ্যে চৰাইদেউ জিলা কংগ্ৰেছ কমিটীয়ে সম্পূৰ্ণ কৰিছে৷ এই সন্দৰ্ভত চৰাইদেউ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি উৎপল গগৈয়ে জানিবলৈ দিয়া অনুসৰি, কাইলৈ পুৱা জ্ঝবজাত প্ৰতিনিধিসকলৰ নাম পঞ্জীয়নৰ পাছতে মূল কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব৷ বদ্ধিৰ্ত কাৰ্যনিৰ্বাহক সভাত এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, সম্পাদক পৃথিৱী ৰাজ সাথে, জিতেন্দ্ৰ ৱাঘেল আৰু ৰ’জলীনা তিৰ্কিৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, প্ৰদু্যত বৰদলৈ, ৰকিবুল হুছেইন আৰু অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বই অংশগ্ৰহণ কৰিব৷ সভাৰ পূৰ্বে এ আই চি চি আৰু অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দই অলপতে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদামক্ষেত্ৰ পৰিদৰ্শন কৰিব আৰু পূৰ্বপুৰুষসকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব৷ চৰাইদেউ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি উৎপল গগৈয়ে আৰু জানিবলৈ দিয়া অনুসৰি, অসম প্ৰদেশ কংগ্ৰেছৰ ৪০৫কাৰ্যনিৰ্বাহকক আদৰিবলৈ এক বিশাল সভাগৃহ সাজু কৰি তোলাৰ লগতে খাদ্যৰ বাবেও আছুতীয়া ৰভাগৃহ সাজু কৰা হৈছে৷ উল্লেখ্য, শেহতীয়া লোকসভা নিৰ্বাচনত যোৰহাট সংসদীয় সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ জয়ৰ পাছতে উজনিৰ কংগ্ৰেছ কৰ্মীসকল উৎফুল্ল হৈ পৰিছিল আৰু ফলাফল ঘোষণাৰ কেইদিনমান পাছতে চৰাইদেউত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাৰ কথা সভাপতি ভূপেন বৰাই ঘোষণা কৰিছিল৷  আনহাতে, কাইলৈ অনুষ্ঠিতৱ্য কাৰ্যনিৰ্বাহক সভাতে কংগ্ৰেছ দলে বহুবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবপৰা গৈছে৷ বিশেষকৈ, আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু ২৬১ বিধানসভা নিৰ্বাচন সন্দৰ্ভত কাৰ্যনিবাহক সভাত বিশেষভাৱে পৰ্যালোচনা কৰিব৷ আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু ২৬১ বিধানসভা নিৰ্বাচনত বিৰোধী আন আন দলবোৰৰ সৈতে মিত্ৰতা সন্দৰ্ভতো প্ৰদেশ কংগ্ৰেছে দলীয় নেতাসকলৰ সৈতে মুকলি আলোচনাত মিলিত হ’ব বুলি জানিবপৰা গৈছে৷ চৰকাৰ নথকাৰ পাছতো বহুসময়ত নেতৃত্বৰ একচেটিয়া সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভিত হৈ থকা কংগ্ৰেছ দলৰ একাংশ বিষয়ববীয়াই কাইলৈৰ কাৰ্যনিৰ্বাহক সভাত এ আই চি চিৰ বিষয়ববীয়াৰ সন্মুখতে অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক জবাবদিহি কৰাৰ সম্ভাৱনা আছে বুলি প্ৰদেশ কংগ্ৰেছৰ এজন ৰাজ্যিক কাৰ্যনিৰ্বাহকে জানিবলৈ দিছে৷ আনহাতে, কাইলৈৰ সভাতে তৃণমূল কংগ্ৰেছ, অসমৰ সদ্যপদত্যাগী সভাপতি তথা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰাই পুনৰ কংগ্ৰেছ দলত যোগদান কৰিব বুলি জানিবপৰা গৈছে৷

আজি চৰাইদেউত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিবাহক সভা

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক : প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আঁতৰাই সভাপতিৰ পদত বহিব সাংসদ গৌৰৱ গগৈ৷ ভূপেন বৰাক স্থলাভিষিক্ত কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদত অধিষ্ঠিত কৰিবপাৰে গৌৰৱ গগৈক৷ কাইলৈ চৰাইদেউত অনুষ্ঠিত হ’বলগীয়া প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিবাহক সভাত এই সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে৷ প্ৰাপ্ত খবৰ অনুসৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আঁতৰাবলৈ আৰু গৌৰৱ গগৈক সভাপতিৰ পদত অধিষ্ঠিত কৰিবলৈ কংগ্ৰেছৰ ১৯জন বিধায়কৰ স্বাক্ষৰ সংগ্ৰহ কৰি ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙক অৰ্পণ কৰিছে৷ ইয়াৰ লগে লগে গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত দূৰত্বৰ ব্যৱধান বৃদ্ধি পাইছে৷ আজিৰ দিনটোত ডিব্ৰুগড়ত কংগ্ৰেছৰ যুৱ সাংসদ গৌৰৱ গগৈৰ যোগদান কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা উপস্থিত থকাৰ বিপৰীতে গৌৰৱৰ অনুষ্ঠানৰ ৰঘণ্টাৰ ব্যৱধানত ডিব্ৰুগড়ত ভূপেন বৰাই অনুষ্ঠিত কৰে সংবাদ মেল৷ গৌৰৱৰ অনুষ্ঠানত অংশগ্ৰহণৰপৰা বিৰত থাকিল ভূপেন বৰা৷ বিষয়টোক লৈ কংগ্ৰেছৰ নেতা-কৰ্মীসকলৰ ভিতৰচ’ৰাত বিৰূপ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে৷ একপ্ৰকাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ কাম-কাজক লৈ ক্ষুণ্ণ হৈছে কংগ্ৰেছৰ নেতা-কৰ্মীসকল৷ আনকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ভ্ৰমণসূচীত সংবাদ মেলৰ বিষয়টো সন্নিৱিষ্ট হোৱা নাছিল৷ হঠাৎ সন্ধিয়াৰ ভাগত সংবাদ মেলৰ সিদ্ধান্ত লোৱা বুলি দলীয় কৰ্মীসকলে জানিবলৈ দিছে৷ ইফালে বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিব বিচৰাত প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে আজি সংবাদ মাধ্যমক জানিবলৈ দিয়ামতে, এতিয়ালৈকে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ সলনি কৰাৰ চিন্তা কৰা হোৱা নাই৷ সভাপতিৰ পদ নিয়োগ কৰাৰ দায়িত্ব নিখিল ভাৰত কংগ্ৰেছ কমিটীৰহে৷ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দলটোৰ বাবে যথেষ্ট কাম কৰিছে৷ দলৰ তৃণমূল পৰ্যায়ৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাত গুৰুত্ব দি আহিছে৷ এনেধৰণৰ অপপ্ৰচাৰ বিজেপিৰ বাদে আন কোনেও কৰিব নোৱাৰে৷ তেওঁলোকে সংঘটিত কৰা দুৰ্নীতি, কেলেংকাৰি তথা ছিণ্ডিকেটৰ বিষয়বোৰ গাপ দি ৰাখিবলৈ এনেধৰণৰ অপপ্ৰচাৰবিলাক চলাই আহিছে বুলি উল্লেখ কৰে৷ উল্লেখ্য, কাইলৈ চৰাইদেউত হ’বলগীয়া প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিবাহক সভাতহে সভাপতিৰ পদ সলনি হোৱা-নোহোৱা বিষয়টো স্পষ্ট হৈপৰিব৷ উল্লেখ্য, কাইলৈ তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই কংগ্ৰেছত যোগদান কৰিব৷