Logo
image

ড্ৰাগছ মুক্ত সমাজঃ গ্ৰাম্য বিকাশ মঞ্চৰ অনুষ্ঠানত সহস্ৰাধিকৰ সংকল্প

ডিজিটেল সংবাদ, নলবাৰীঃ ১৯৯৯ চনত প্ৰতিষ্ঠা লাভ কৰা স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাম্য বিকাশ মঞ্চই যোৱা ২৪ টা বছৰ ধৰি এখন শান্তিপূৰ্ণ, সমৃদ্ধিশালী, সমতাপূৰ্ণ, আৰু শোষণমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে নিৰৱিচ্ছিন্নভাৱে কাম কৰি আহিছে। ২০২৪ চনত গ্ৰাম্য বিকাশ মঞ্চই গৌৰৱোজ্বল ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে। চলিত বছৰটোত গ্ৰাম্য বিকাশ মঞ্চই বিভিন্ন কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰি আছে। ইয়াৰ লগত সংগতি ৰাখি গ্ৰাম্য বিকাশ মঞ্চই ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে নলবাৰী ক্ৰীড়া সন্থাৰ সহযোগত অলপতে এখনি 'মহিলাৰ প্ৰীতি ফুটবল খেল' অনুষ্ঠিত কৰে। বি আৰ মেধি উঃ মাধ্যমিক বিদ্যালয় খেলপথাৰ, বড়িদতৰাত অনুষ্ঠিত এই খেলত অংশগ্ৰহণ কৰে নলবাৰী ক্ৰীড়া সন্থা একাদশ বনাম গ্ৰাম্য বিকাশ মঞ্চ একাদশ। 



অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰি গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃথ্বিভূষণ ডেকাই সমাজক ড্ৰাগছমুক্ত কৰি ৰখাৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা বিচাৰে। খেলখন উদ্বোধনী কৰে জি.এম.ডিৰ অধ্যক্ষ নাৰায়ণ ডেকাই। উদ্বোধনী ভাষণত ডেকাই যুৱ প্ৰজন্মক ড্ৰাগছৰ প্ৰতি আসক্তি নহৈ কৰ্ম সংস্থাপনক আকোঁৱালি লৈ এখন সুস্থ সমাজ গঢ়াত অৰিহণা যোগোৱাৰ বাবে আহ্বান জনায়। খেলখনত প্ৰায় দুই হাজাৰ দৰ্শকে একেলগে এখন ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ বাবে সংকল্প পাঠ কৰে আৰু ড্ৰাগছৰ বিৰুদ্ধে সমাজক সজাগ কৰাৰ সংকল্প লয়।  

গ্ৰাম্য বিকাশ মঞ্চৰ চন্দন চক্ৰৱৰ্তীয়ে আঁতধৰা এই অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিতি থাকে বৰভাগ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ফনীধৰ ডেকা, বনভাগ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ যোগেন্দ্ৰ কলিতা, অসম ট্ৰেড প্ৰমোচন অৰগেনাইজেচনৰ ভাইচ্ শ্বেয়াৰমেন মধুৰাম ডেকা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নলবাৰী জিলাৰ প্ৰকল্প প্ৰৱন্ধক চন্দন তালুকদাৰ, নলবাৰী জিলা ক্ৰীড়া সন্থাৰ ফুটবল বিভাগৰ সম্পাদক ৰাতুল গোস্বামী প্ৰমূখ্যে গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃথ্বিভূষণ ডেকা আৰু সম্পাদক দিবাকৰ ডেকা। 

এই মহিলা প্ৰীতি ফুটবল খেলখনত নলবাৰী ক্ৰীড়া সন্থা একাদশে গ্ৰাম্য বিকাশ মঞ্চ একাদশক ৪-০ গলৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ীৰ খিতাপ অৰ্জন কৰে। খেলখন পৰিচালনা কৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰী গৌতম কলিতা লগতে ৰাজ্যিক পৰ্যায়ৰ ৰেফাৰী জিতু আলী, ভাস্কৰ কলিতা, পংকজ দাস আৰু হীমাশ্ৰী কলিতাই।