Logo
image

আচম্বিতে মুখ্যমন্ত্ৰীৰ সংঘাত মৰিষণ অভিযান

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ ছেপ্টেম্বৰ : সন্মুখত পঞ্চায়ত আৰু ৫টা সমষ্টিৰ উপ-নিৰ্বাচন৷ তাৰ পাছতে বিধানসভাৰ নিৰ্বাচন৷ সেয়ে মুখ্যমন্ত্ৰী ড॰ হিমন্তত বিশ্ব শৰ্মাই শেহতীয়াভাৱে বিভিন্ন দল সংগঠন আৰু ব্যক্তি বিশেষৰ সৈতে সংঘাতৰ পথ পৰিহাৰ কৰি বুজাবুজিৰ মাজেদি সমস্যা সমাধানৰ কৌশল গ্ৰহণ কৰিবলৈ যেন বাধ্য হৈছে৷ বিশেষকৈ লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ দলৰ পৰা সন্মুখীন হোৱা তীব্ৰ প্ৰত্যাহ৩ানৰ প্ৰতি লক্ষ্য ৰাখিয়ে মুখ্যমন্ত্ৰীয়ে নিজৰ ৰণকৌশল সলনি কৰিবলৈ বাধ্য হৈছে৷ ইয়াৰে অন্যতম পদক্ষেপ হিচাপে বিপ্লব শৰ্মা আয়োগে অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰাৰ বাবে আগবঢ়োৱা ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰে ড॰ শৰ্মা মন্ত্ৰীসভাই৷ এই সন্দৰ্ভত কেবিনেট মন্ত্ৰীৰ এটা গোট গঠনৰ লগতে সদৌ অসম ছাত্ৰ সন্থা আৰু অন্যান্য সংগঠনৰ সৈতে আলোচনাও কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে৷  বিপ্লব শৰ্মা কমিটীৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা এই তৎপৰতা ইতিমধ্যে চৰ্চাৰ বিষয় হৈ পৰিছে৷ কাৰণ দুদিন আগলৈ এই প্ৰতিবেদনখনক সম্পূৰ্ণৰূপে নাকচ কৰাৰ সমান্তৰালভাৱে ইয়াক বিভিন্ন ধৰণে তুচ্ছ-তাচ্ছিল্য কৰি আছিল৷ সদনৰ ভিতৰতো এই প্ৰতিবেদনখনক লৈ বহু নেতিবাচক মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে৷ প্ৰতিবেদনখনক ৰাজহুৱাভাৱে নাকচ কৰাৰ পাছতো ইয়াক কাৰ্যকৰী কৰাৰ বাবে হঠাৎ তৎপৰ হৈ পৰাৰ আৰত সংঘাত নিৰাময়ৰে কৌশল হিচাপে বিবেচিত হৈছে৷ ৰাজ্যৰ অন্য এটা জলন্ত সমস্যা ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোকলৈও সক্ৰিয় হৈ পৰিছে মুখ্যমন্ত্ৰী শৰ্মা৷ ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ সময়ত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ অমীমাংসিত বিষয়টোৱে বিজেপিক যথেষ্ট বিপদত পেলাব পাৰে বুলি আশংকা কৰিয়ে বিধানসভাৰ আগন্তুক অধিৱেশনত এই ক্ষেত্ৰত নতুন প্ৰস্তাব উত্থাপনৰ সিদ্ধান্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ তৰুণ গগৈৰ শাসনকালত বিধানসভাত গ্ৰহণ কৰা এক প্ৰস্তাবৰ ফলতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা নাই বুলি অভিযোগ কৰি আহিছে মুখ্যমন্ত্ৰীয়ে৷ সেয়ে ৰাজ্যৰ ৬ জনগোষ্ঠীক সন্তুষ্ট কৰাৰ স্বাৰ্থত কংগ্ৰেছ চৰকাৰৰ দিনত বিধানসভাত গ্ৰহণ কৰা প্ৰস্তাব বাতিল কৰি ইয়াক নতুন ৰূপত উত্থাপনৰ সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে৷ শিৱসাগৰৰ বহিৰাগত ব্যৱসায়ী আৰু ৩২টা সংগঠনৰ মাজত সংঘটিত সংঘাত তুংগত উঠাৰ সময়তে চৰকাৰ প্ৰশাসনে ইয়াক হস্তক্ষেপ কৰি বহিৰাগত ব্যৱসায়ীক ৰাজহুৱাভাবে আঠু কাঢ়ি ক্ষমা খুজিবলৈ বাধ্য কৰায়৷



এই সংঘাত দীৰ্ঘদিন ধৰি প্ৰভাবিতকৰি আছিল শিৱসাগৰৰ স্বাভাবিক জীৱন-যাপন৷ শেষত কেবিনেট মন্ত্ৰী, জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকৰ উপস্থিতিত বহিৰাগত ব্যৱসায়ী সকলে ক্ষমা খুজিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ মুখ্যমন্ত্ৰীৰ সংঘাত মৰিষণৰ এইটো এটা কৌশল আছিল৷ মুঠতে ২০২৬ চনৰ পূৰ্বে ৰাজ্যৰ প্ৰতিটো প্ৰতিবাদ, আন্দোলনৰ বিৰুদ্ধে শক্তি প্ৰয়োগ কৰাৰ পৰিৱৰ্তে সংঘাট মৰিষণৰ চেষ্টা চলাই ৰাইজৰ আস্থাভাজন হোৱাৰ কৌশল গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে৷ লোকসভাৰ বিগত নিৰ্বাচনত ৰাজ্য চৰকাৰৰ বৃহৎ সংখ্যক শিক্ষক কৰ্মচাৰীয়ে বিজেপি দলৰ প্ৰাৰ্থীক ভোট নিদিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পাছতে কৰ্মচাৰী সমাজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়৷ বিশেষকৈ যোৰহাট সমষ্টিত চৰকাৰী শিক্ষক কৰ্মচাৰীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰব গগৈহে অধিক ভোটদান কৰা বুলি শাসকীয় দল বিজেপিয়ে সঘনাই অভিযোগ উত্থাপন কৰি আহিছে৷ কিন্তু কৰ্মচাৰী সমাজৰ মাজত সৃষ্টি হোৱা ক্ষোভ মৰিষণৰ বাবে চৰকাৰী কৰ্মচাৰীক বৰ্ধিত বীমা কভাৰেজ দিয়াৰ সিদ্ধান্ত ঘোষণা কৰে ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে৷ ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে ভোটাৰৰ মন জয় কৰাৰ লক্ষ্যৰে যি ৯ লাখ লোকৰ আধাৰ কাৰ্ডৰ বাবে অপেক্ষা কৰি থাকিবলগীয়া হৈ আছে তেওঁলোকক আধাৰ কাৰ্ডৰ সুবিধা কৰি দিয়াৰ আহ৩ান ব্যৱস্থা কৰে মুখ্যমন্ত্ৰীয়ে৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম চলি  থকাৰ সময়ত এই ৯ লাখ লোকে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিছিল৷ ফলত তেওঁলোকৰ আধাৰ লাভৰ প্ৰক্ৰিয়া বন্ধ হৈ অনি(য়তাৰ সন্মুখীন হয়৷ ন্যায্য দাবী পূৰণৰ বাবে দীৰ্ঘদিন ধৰি ৰাজপথত আন্দোলন অব্যাহত ৰখা অংগনৱাড়ী কৰ্মী-সহায়িকা সকলৰ সৈতে শনিবাৰে মুখ্যমন্ত্ৰীয়ে দীঘলীয়া আলোচনাত মিলিত হৈ তেওঁলোকৰ দাবী সমূহ পূৰণৰ প্ৰতিশ্ৰুতি দিয়ে৷ ৰাজ্যত প্ৰায় ৬০ হাজাৰ এনে কৰ্মী-সহায়িক আছে৷ তেনেদৰে মুখ্যমন্ত্ৰীয়ে আজি জনতা ভৱনত শিলসাকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ নেতৃত্বৰ্গৰেও আলোচনাত মিলিত হয়৷ উচ্ছেদ প্ৰতিৰোধী ৰাইজেও দীৰ্ঘদিন ধৰি নিজৰ প্ৰতিবাদ অব্যাহত ৰাখিছে উচ্ছেদৰ বিৰুদ্ধে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বিশেষ সম্প্ৰদায় আৰু মিঞাৰ বিৰুদ্ধে ঘোষণা কৰা জেহাদ ভোটৰ স্বাৰ্থতে সাময়িকভাৱে যেন স্থগিত ৰাখিছে৷ কেৱল উজনী অসমক ভৰসা কৰিয়ে ২০২৩ চনত বিজেপিয়ে আকৌ এবাৰ চৰকাৰ গঠন কৰিব যে নোৱাৰিব সেই বিষয়ে আগতীয়া বাৰ্তা লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰীয়ে কৌশলগত কাৰণত মিঞা বিৰোধী অভিযান স্থগিত ৰাখিবলগীয়া হয়৷ বিশেষকৈ উজনী অসমত কংগ্ৰেছৰ উত্থান, বিজেপি দলৰ অভ্যন্তৰত দেখা দিয়া ক্ষোভ আৰু অসন্তুষ্টি তথা বিসম্বাদ আদিক লৈ শংকিত হৈ পৰিছে মুখ্যমন্ত্ৰী শৰ্মা৷ পুনৰ চৰকাৰ গঠনৰ বাবে যে নামনি অসমৰ ভোটাৰৰো যে প্ৰয়োজন হ’ব সেয়া অনুধাবন কৰিয়ে বিশেষ সম্প্ৰদায়ৰ সৈতে সংঘাটৰ পথ পৰিহাৰ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে৷ সংঘাট মৰিষণৰ এই ৰণকৌশল কিমানদূৰ ফলপ্ৰসূ আৰু কাৰ্যকৰী হয় সেয়া ২০২৬ চনৰ নিৰ্বাচনতহে স্পষ্ট হ’ব৷

জনতা ভৱনত মুখ্যমন্ত্ৰীৰে আলোচনা অসম অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা : শনিবাৰে নিশা জনতা ভৱনত অসম অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ নেত্ৰীবৰ্গই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনাত মিলিত হয়৷ আলোচনাত অসমৰ অঙ্গনৱাড়ী কৰ্মী-সহায়িকা আৰু মিনি অংগনবাদী কৰ্মীৰ চাকৰি স্থায়ীকৰণ, মজুৰি বৃদ্ধি, পদোন্নতি, অৱসৰকালীন পেঞ্চনকে ধৰি তেওঁলোকৰ বিভিন্ন সমস্যাসমূহে স্থান পায়৷  অসম অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ সভানেত্ৰী সবিতা বৰগোহাঁই, ভাৰতী ৰাভা আৰু সাধাৰণ সম্পাদিকা আইমণি বৰুৱা দেৱীয়ে কয় যে আমি দীৰ্ঘদিন ধৰি আমাৰ ন্যায্য দাবীসমূহ পূৰণ কৰাৰ অৰ্থে আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছো যদিও চৰকাৰৰ ফালৰপৰা কোনোধৰণৰ গ্ৰহণযোগ্য পদক্ষেপ গ্ৰহণ কৰা নাছিল৷ আমি সমাজ কল্যাণ বিভাগৰ মন্ত্ৰীৰ লগতো কেইবালানি বৈঠকত মিলিত হৈছোঁ যদিও কোনো ফলাফল পোৱা নাছিলো৷ কিন্তু মুখ্যমন্ত্ৰী অসম অঙ্গৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ নেতৃবৰ্গৰ সাক্ষাৎ গ্ৰহণ কৰি আগন্তুক দুৰ্গা পূজাৰ আগে পিছে এটা ভাল খবৰ অঙ্গনৱাড়ী কৰ্মী-সহায়িকাসকলৰ বাবে লৈ আহিব বুলি আশ্বাস প্ৰদান কৰে৷ বিবৃতিত মুখ্যমন্ত্ৰীৰ আশ্বাসৰ প্ৰতি সঁহাৰি তেওঁলোকে কয় যে, বৰ্তমান সময়ত অসমৰ অঙ্গনৱাড়ী কৰ্মীসকলে লাভ কৰা ৬,৫০০ টকা মাননীৰ কেৱল ২,০০০ টকা আৰু সহায়িকাসকলে লাভ কৰা ৩,২৫০ টকাৰ ১,০০০ টকাহে অসম চৰকাৰে প্ৰদান কৰে৷ এই নগণ্য পৰিমাণৰ মাননীৰ জৰিয়তে সাম্প্ৰতিক সময়ত হোৱা ভয়ংকৰ মূল্যবৃদ্ধিৰ সময়ত তেওঁলোকে পৰিয়াল চলাব নোৱাৰে৷ যি সময়ত অসম চৰকাৰে মন্ত্ৰী, বিধায়কৰ দৰমহা বৃদ্ধি কৰাৰ সিদ্ধান্তৰ লগতে অৰুনোদই আঁচনিৰ নামত হাজাৰ হাজাৰ কোটি ব্যয় কৰিছে তেনে সময়ত কামৰ বিনিময়ত সকলোৰে গ্ৰহণযোগ্য মজুৰি বিচাৰিছে আৰু সেয়া প্ৰাপ্য৷ আলোচনাত অসম অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাই মুখ্যমন্ত্ৰীক এখনি স্মাৰকপত্ৰ প্ৰদান কৰি ২০১৫ চনৰ ২৩ ডিচেম্বৰ তাৰিখে সমাজ কল্যাণ বিভাগৰ তদানীন্তন সঞ্চালকে অসম চৰকাৰক প্ৰদান কৰা প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ দাবী জনায়৷