Logo
image

চুমি, তাৰ্কিকসহ ২২ পলাতক অভিযুক্তৰ বিৰুদ্ধে লুকআউট ন’টিচ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ৯ ছেপ্টেম্বৰ : অন লাইন ট্ৰেডিং কেলেংকাৰিত নাম সাঙোৰ খোৱা ৰিলৰ অভিনেত্ৰী চুমি বৰা আৰু তাৰ্কিক বৰাসহ ২২জন অভিযুক্তলৈ অসম আৰক্ষীয়ে লুক আউট ন’টিছ জাৰি কৰিছে৷ লুক আউট ন’টিছ জাৰি কৰা অভিযুক্ত কেইজনক সংশ্লিষ্ট তদন্তকাৰী সংস্থাৰ ওচৰত হাজিৰ হ’বলৈ অসম আৰক্ষীয়ে কঠোৰ নিৰ্দেশ জাৰি কৰিছে৷ সংশ্লিষ্ট তদন্তকাৰী সংস্থাৰ ওচৰত হাজিৰ নহ’লে অভিযুক্ত কেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে৷ আনহাতে অন লাইন ট্ৰেডিং কেলেংকাৰি সন্দৰ্ভত তদন্ত কৰিবলৈ অসম আৰক্ষীয়ে চি আই ডিৰ ৭ জন বিষয়াক লৈ এছ আই টি গঠন কৰি দিছে৷ চি আই ডিৰ আই জি পি সংযুক্তা পৰাশৰ নেতৃত্বত অন লাইন শ্বেয়াৰ মাৰ্কেটিঙৰ ট্ৰেডিঙৰ কেলেংকাৰি গোচৰ সমূহ তদন্ত কৰিব৷ এছ আই টিৰ ৭ জনীয়া দলটোত আছে চি আই ডিৰ দুজন আৰক্ষী অধীক্ষক, ৩জন আৰক্ষী পৰিদৰ্শক আৰু ডিব্ৰুগড় জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সৃজল আগৰৱালা৷ এছ আই টিৰ ৭ জনীয়া দলটোৱে ইতিমধ্যে অন লাইন ট্ৰেডিং কেলেংকাৰিৰ গোচৰ সমূহ তদন্ত আৰম্ভ কৰিছে৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰুজু হোৱা গোচৰ সমূহৰ নথি পত্ৰ সমূহ এছ আই টিয়ে সংগ্ৰহ কৰি আছে৷ এছ আই টিৰ দলটোৱে বিত্তীয় বিশেষজ্ঞৰ সহায় ল’ব বুলি অসম আৰক্ষীয়ে জানিবলৈ দিছে৷ ইপিনে, মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই অসম আৰক্ষীয়ে এছ আই টি গঠন কৰিছে৷ ডিব্ৰুগড় থানাত ৰুজু হোৱা গোচৰ নং ৩৫২/২০২৪ নম্বৰৰ গোচৰটো চি আই ডিলৈ স্থানান্তৰ কৰা হৈছে বুলি ডিজিপি জি পি সিঙে কালি ঘোষণা কৰিছিল৷


অবৈধভাৱে ধন বিনিয়োগৰ সমগ্ৰ গোচৰৰ তদন্ত কৰিব এছ আই টিয়ে৷ অবৈধভাৱে ধন বিনিয়োগৰ গোচৰৰ বাবে ১৪টা এছ আই টি গঠন এই তদন্ত সূক্ষ্মভাৱে তদন্ত কৰিব চি আই ডিৰ এ ডি জি পি আৰু আই জি পিয়ে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, ‘’অবৈধ অনলাইন ট্ৰেডিঙৰ গোচৰসমূহ নিৰীক্ষণ কৰিবলৈ অসম আৰক্ষীয়ে বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰিছে৷ ইডি আৰু আয়কৰ বিভাগক আস্থাত লোৱা হৈছে৷ জিলা পৰ্যায়ত জিলা আৰক্ষীয়ে তদন্ত চম্ভালিছে আৰু চি আই ডিয়ে মুখ্য কাৰ্যালয় পৰ্যায়ত দৃষ্টি ৰাখিছে৷ ‘’ উল্লেখ্য যে আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলি যোৱাৰ পাছত কালি আদালতত হাজিৰ কৰোৱা হৈছিল বিশাল ফুকনক৷ আৰক্ষীয়ে জিম্মাত নিবিচৰাত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে বিশালক৷ ৬দিন ধৰি মাৰাথন জেৰা চলোৱা হৈছিল বিশাল ফুকনক৷ কিন্তু আৰক্ষীৰ তথ্য অনুসৰি জেৰাত চুমি বৰাৰ বিষয়ে একো কথাই নক’লে বিশালে৷ বিশালৰ পাছত কোটি টকীয়া প্ৰৱঞ্চনাৰে নাম সাঙোৰ খাইছিল অভিনেত্ৰী, নৃত্যশিল্পী চুমি বৰাৰ৷ বিশালক গ্ৰেপ্তাৰৰ পাছৰে পৰা পলাতক হৈ আছে চুমি বৰাসহ আন অভিযুক্ত সকল৷ অসম আৰক্ষীয়ে চুমি বৰাক আত্মসমৰ্পণ কৰিবলৈ দিছে যদিও এতিয়ালৈকে আত্মসমৰ্পণ কৰা নাই চুমিয়ে৷ চুমিৰ লগতে সন্ধান নাই স্বামী তাৰ্কিক বৰাৰো৷ দুয়োৰে সন্ধান অভিযান অব্যাহত আছে আৰক্ষীৰ৷ ইয়াৰ পূৰ্বে পলাতক অভিযুক্ত চুমি বৰা সন্দৰ্ভত গুৱাহাটীত মন্তব্য কৰিছে ডিজিপি জি পি সিঙে৷ জি পি সিঙে কয়, ‘‘আইনগতভাৱে চুমি বৰাক এখন জাননী দিয়া হৈছে৷ জাননীৰ পিছতো যদি নাহে উচিত ব্যৱস্থা লোৱা হ’ব’ তেওঁৰ বিৰুদ্ধে প্ৰমাণ পালে উচিত ব্যৱস্থা লোৱা হ’ব৷ X, Y, Z যিয়েই হওক সকলো আইনৰ আওতাত আহিবই লাগিব৷ এই গোচৰটো অসম আৰক্ষীয়ে নিজাববীয়াকৈ লৈছিল৷