Logo
image

দাম কমিব কেঞ্চাৰৰ ঔষধৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১০ ছেপ্টেম্বৰঃ কৰ্কট ৰোগৰ ঔষধৰ ক্ষেত্ৰত থকা জিএছটি বা পণ্য আৰু সেৱাকৰ ৫ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে জিএছটি কাউন্সিলে৷ সোমবাৰে অনুষ্ঠিত জিএছটি কাউন্সিলৰ ৫৪ সংখ্যক বৈঠকত এই সিদ্ধান্ত লোৱা হয়৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰে৷ এই পৰ্যন্ত কৰ্কট ৰোগৰ ঔষধৰ জিএছটি আছিল ১২ শতাংশ৷ ইয়াৰ ফলত মোদী চৰকাৰ সৰ্বদিশৰ পৰা কঠোৰভাৱে সমালোচিত হৈছিল৷ কিয়নো কৰ্কট ৰোগৰ চিকিৎসা সাধাৰণতে ব্যয়বহুল৷ তেনে অৱস্থাত ৰোগীয়ে ১২ শতাংশ জিএছটি ভৰিবলগীয়া হোৱাটো চৰকাৰৰ নিৰ্দয় মনোবৃত্তিৰ পৰিচায়ক বুলিয়েই সমালোচনা হৈ আছিল৷ 



জিএছটি কাউন্সিলৰ বৈঠকৰ সিদ্ধান্তৰ ফলত কৰ্কট ৰোগৰ ঔষধৰ মূল্য হ্ৰাস পাব আৰু ৰোগীয়েও সকাহ পাব৷ আনহাতে স্বাস্থ্যবীমা আৰু কেতবোৰ জীৱনবীমাৰ ‘প্লেন’ৰ ক্ষেত্ৰত থকা ১৮ শতাংশ জিএছটি হ্ৰাসৰ বিষয়টো বৈঠকত আলোচনা হ’লেও সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত নহ’ল৷ এই বিষয়ত চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ বাবে ‘গ্ৰুপ অব মিনিষ্টাৰ’ক দায়িত্ব দিয়া হৈছে৷ অহা ২৩ ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী মণ্ডলীয়ে এই বিষয়টোক লৈ আলোচনা কৰি এটা প্ৰস্তাৱ চূড়ান্ত কৰিব৷ তাৰ পাছত নৱেম্বৰত হ’বলগীয়া জিএছটি কাউন্সিলৰ পৰৱৰ্তী বৈঠকত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব৷ স্বাস্থ্যবীমাৰ ক্ষেত্ৰত ১৮ শতাংশ জিএছটি আৰু জীৱনবীমাৰ কেতবোৰ ‘প্লেন’ যেনে ‘টাৰ্ম পলিচি’ৰ ক্ষেত্ৰত গ্ৰাহকৰ পৰা ১৮ শতাংশ জিএছটি আদায় কৰাটো মোদী চৰকাৰৰ চৰম অন্যায় বুলি কেন্দ্ৰীয় মন্ত্ৰীয়েই সমালোচনা কৰিছে৷