Logo
image

ওলমি ৰ’ল মাজুলী দলং

মাজুলীৰ পৰা মিটু খাটনিয়াৰ (আমাৰ অসম) : পাঁচ দিন ধৰি বন্ধ হৈ আছে মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য৷ কাম এৰি ঘৰাঘৰি গ’লগৈ ঠিকাদাৰ-শ্ৰমিক৷ আৰু কিমান দিনলৈ নিৰ্মাণকাৰ্য বন্ধ হৈ থাকিব তাৰ কোনো তথ্যভিত্তিক উত্তৰ নাই৷ ২০২৬ চনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব লগা দলংখনৰ নিৰ্মাণ কাৰ্যত আহি পৰা এই স্থবিৰতাই উদ্বিগ্ন কৰি তুলিছে মাজুলীবাসীক৷ উদ্বিগ্ন হৈ পৰিছে স্বয়ং বিধায়কো৷ মাজুলীৰে দক্ষিণ পাৰক সংযোগ কৰিব পৰাকৈ দলং এখন নথকাৰ যান্ত্ৰনাত চটফটাই থকা মাজুলীবাসীৰ বাবে মাজুলী-যোৰহাট সংযোগী দলঙৰ প্ৰকল্পই আশাৰ বতৰা কঢ়িয়াই আনিছিল৷ ২০২১ চনৰ ২৮ ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাজুলী-যোৰহাট সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰাৰ  ৮ মাহৰ পিছত মাজুলী দলঙৰ কামৰ আনুষ্ঠানিকভাৱে আৰম্ভণি কৰা হৈছিল একে বছৰৰে ২৯ নৱেম্বৰৰ পৰা৷ দলংখনৰ বাবে ভাৰত চৰকাৰে ৯২৫ কোটি ৪৮ লাখ ব্যয় ধাৰ্য কৰিছে৷ এই আৱণ্টিত ধনৰ ৬৫০.৫৭ কোটি টকা মূল দলংখনৰ নিৰ্মাণৰ কামত ব্যয় কৰিব৷ নিৰ্মাণ কাৰ্যৰ আৰম্ভ হোৱাৰ লগে লগে মাজুলীবাসীৰ বহু প্ৰত্যাশিত যি সপোন আছিল সেয়া যেন বাস্তৱত দিশে অগ্ৰসৰ হ’ল৷ আৰু হঠাৎ আজি পাঁচ দিন ধৰি বন্ধ হৈ আছে মাজুলী-যোৰহাট সংযোগী বহু প্ৰত্যাশিত দলঙৰ নিৰ্মাণকাৰ্য৷ দৈনিক তিনিশতাধিক শ্ৰমিক, বিভিন্ন কাৰিকৰী গাড়ী, যন্ত্ৰ-পাতি আদিৰে মুখৰ হৈ থকা মাজুলীৰ দক্ষিণপাটৰ দলং নিৰ্মাণথলীত এতিয়া নিমাওমাও পৰিবেশ৷ উল্লেখ্য যে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ৰদ্বাৰা প্ৰস্তাৱিত দলংখন নিৰ্মাণৰ বাবে দায়িত্ব লাভ কৰা লক্ষ্ণৌৰ ইউ বি ষ্টেট ব্ৰিজ কৰ্প’ৰেচন নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে বি আৰ চি নামৰ অন্য এটা কোম্পানীক ছাব কণ্ট্ৰেক্ট হিচাপে কাম কৰিবলৈ দিছিল৷


বি আৰ চি নামৰ কোম্পানীটোৱে কাম ঠিকেই আগবঢ়াই নিছিল যদিও আজি পাঁচ দিনে নিৰ্মাণৰ কাম বন্ধ হৈ থকাত উদ্বিগ্ন হৈ পৰিছে মাজুলীবাসী৷ উল্লেখ্য, মুখ্যমন্ত্ৰীয়ে ২০২৬ চনৰ ভিতৰত দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি ৰাইজক উপহাৰ হিচাপে দিব বুলি সময়সীমা বান্ধি দিছিল৷ কিন্তু নিৰ্মাণ কাৰ্যত আহি পৰা এই স্থবিৰতাৰ বাবে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত দলঙৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাক লৈ সন্দেহৰ অৱকাশ আহি পৰিছে৷ বুজাবুজি চুক্তি অনুসৰি মুঠ ৯২৫ কোটি টকা ব্যয়েৰে ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ যোৰহাট-মাজুলী সংযোগী দলংখনৰ নিৰ্মাণ চাৰিবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব৷ ২০২১ চনৰ নৱেম্বৰত আৰম্ভ হোৱা দলংখনৰ নিৰ্মাণ কাৰ্য ৪৮ মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি প্ৰথম অৱস্থাত চৰকাৰে ঘোষণা কৰিছিল যদিও পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত দলংখনৰ নিৰ্মাণ ২০২৬ চনৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মাজুলীবাসীক আশ্বাস দিছিল৷ তেনেস্থলত দলংখনৰ নিৰ্মাণ বন্ধ হৈ পৰাটো মাজুলীবাসীয়ে সহজে ল’ব পৰা নাই৷ হঠাৎ অনিৰ্দিষ্ট কাললৈ নিৰ্মাণ বন্ধ হোৱা দলংখন ২০২৬ চনত যে সম্পূৰ্ণ হ’ব, তাক লৈ সন্দেহ প্ৰকাশ কৰিছে মাজুলীবাসীৰ লগতে বিভিন্ন দল-সংগঠনে৷ মাজুলীবাসীয়ে আশা কৰিছে যে এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰি সময়মতে দলংখন সম্পূৰ্ণ কৰি তোলাত গুৰুত্ব দিয়ক৷