Logo
image

আৰক্ষীক নাকত ধৰি চাকত ঘূৰাইছে চুমি-তাৰ্কিকে

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ১১ ছেপ্টেম্বৰ : অসম আৰক্ষীক ঘটি ঘটিয়ে পানী খুৱাইছে মহা- প্ৰবঞ্চক চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাই৷ অন লাইন ট্ৰেডিংৰ নামত বিনিয়োগকাৰীৰ পৰা কোটি কোটি টকা সৰকাই আত্মগোপন কৰা মহা- প্ৰবঞ্চক চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাক বিছাৰি আজি চি আই ডিৰ এছ আই টিৰ দল এটা নেপাললৈ ৰাওনা হব বুলি অসম আৰক্ষীৰ এটা ভিতৰুৱা সূত্ৰই সদৰি কৰে৷ চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰা নেপালৰ পোখৰাত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পিছত চি আই ডিৰ এছ আই টিৰ দলে নেপাললৈ যোৱাৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে৷ চি আই ডিৰ এছ আই টিৰ দলে নেপালত প্ৰবেশ কৰা মূল গেটৰ চি চি টিভিৰ কেমেৰাৰ ফুটেজ পৰীক্ষা কৰাৰ লগতে গাড়ী খনৰ পঞ্জীয়ন নম্বৰো পৰীক্ষা কৰিব৷ ইতিমধ্যে এই সন্দৰ্ভত অসম আৰক্ষীয়ে নেপাল আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে৷ ইপিনে, চুমি বৰা আৰু তাৰ্কিক বৰাক পলাই যোৱাত সহায় কৰা দুই যুৱকক বোকাখাটৰ পৰা আৰক্ষীয়ে আটক কৰিছে৷ এখন ফৰচুনাৰ গাড়ী লৈ চুমি বৰা আৰু তাৰ্কিক বৰাক নেপাল লৈ পলাই যোৱা বুলি আৰক্ষীয়ে নিশ্চিত তথ্য লাভ কৰিছে৷ ইপিনে, চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ অনলাইন ট্ৰেডিংযোগে জালিয়তি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ডিব্ৰুগড়ৰ বিশাল ফুকন নামৰ যুৱকজনৰ লগত নাম সাঙোৰ খাই পৰা চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাক বিছাৰি কালি চেৰাপুঞ্জীত চি আই ডিৰ এছ আই টিৰ দল আৰু মহানগৰ আৰক্ষীয়ে অভিযান চলাইছিল৷ এছ আই টি গঠন কৰিয়েই চি আই ডিয়ে কালি প্ৰথম পদক্ষেপ হিচাপে চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাক বিছাৰি চেৰাপুঞ্জীত অভিযান চলায়৷


চুবুৰীয়া ৰাজ্য মেঘালয়ৰ চেৰাপুঞ্জীত চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰা আত্মগোপন কৰি থকা বুলি এছ আই টিয়ে তথ্য লাভ কৰিছিল৷ আনকি চুমি বৰাই চেৰাপুঞ্জীত দুবাৰকৈ মোবাইল ফোন অন কৰা বুলিও আৰক্ষীয়ে তথ্য লাভ কৰিছিল৷ এই তথ্যৰ ভিত্তিত চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাক বিছাৰি কালি চেৰাপুঞ্জীত চি আই ডিৰ এছ আই টিৰ দল আৰু মহানগৰ আৰক্ষীয়ে অভিযান চলাই যদিও দুই অভিযুক্তৰ কোনো শুং সূত্ৰ উলিয়াবলৈ সক্ষম নহল৷ অবশ্যে চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰা নেপাললৈ পলাই যোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷ আৰক্ষীৰ তথ্য অনুসৰি গুৱাহাটীৰ পৰা পোনে পোনে কলা ৰঙৰ ফৰ্চুণাৰ গাড়ীৰে চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাই নেপালত অভিমুখে ৰাওনা হয়৷ সোমবাৰে নিশা গাড়ীৰে স্বামী আৰু স্ত্ৰী কাকৰভিট্টাত উপস্থিত হৈছিল৷ সাত হাজাৰ টকা আদায় দি এজন দালালৰ সহায়ত চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাই নেপালত প্ৰৱেশ কৰিছিল৷ দালাল জনে নেপালৰ কাকৰভিট্টাৰ গেটত গাড়ীখন পঞ্জীয়ন কৰি তেওঁলোকক নেপালত প্ৰবেশ কৰাই দিছিল৷ মঙলবাৰে পুৱা ৭ বাজি ৩০ মিনিটত দুয়ো নেপালত প্ৰৱেশ কৰিছিল৷ নেপাল সীমান্তৰ পৰা পোখৰালৈ প্ৰায় ১৮-২০ ঘণ্টা যাত্ৰা কৰি চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাই গন্তব্য স্থানত উপস্থিত হৈছিল৷ সম্প্ৰতি চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰা নেপালৰ পোখৰাত আত্মগোপন কৰি আছে বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে৷ অসম আৰক্ষীয়ে ইতিমধ্যে চুমি বৰা আৰু তাৰ্কিক বৰাক ম’ষ্ট ৱাণ্টেড বুলি ঘোষাণা কৰিছে৷ অনলাইন ট্ৰেডিংযোগে জালিয়তি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ডিব্ৰুগড়ৰ বিশাল ফুকন নামৰ যুৱকজনৰ লগত নাম সাঙোৰ খাই পৰা চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাক আজি জ্জ্বটা দিন অতিক্ৰম কৰাৰ পাছতো আৰক্ষীয়ে শুং সূত্ৰ উলিয়াব পৰা নাই৷ চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাৰ গ্ৰেপ্তাৰৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ খোদ আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু চেলিব্ৰিটীয়ে ৰিলৰ অভিনেত্ৰী চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাক সুৰক্ষা দিয়া বুলি সৰ্বত্ৰ অভিযোগ উত্থাপন হৈছে৷