Logo
image

ভূপেন বৰাৰ বিৰুদ্ধে অপপ্ৰচাৰ, গোচৰ

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ ছেপ্টেম্বৰ : ২০২৬ চনৰ নিৰ্বাচনৰ বাবে ভূপেন বৰাৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মাৰ বান্ধি থিয় দিয়াৰ সময়তে দুষ্টচক্ৰই কংগ্ৰেছৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰি ভাঙোন আনিবলৈ চেষ্টা কৰাৰ অভিযোগ উঠিছে৷ চক্ৰটোৱে গৌৰৱ গগৈ ফেন্‌চ ক্লাবৰ পেড ব্যৱহাৰ কৰি ভূপেন বৰাক বিজেপিৰ এজেণ্ট সজাই তেওঁক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা বহিষ্কাৰৰ দাবী জনাইছে৷ আনকি অসম প্ৰদেশ কংগ্ৰেছৰ সকলো বিধায়ক আৰু শুভাকাংক্ষীলৈ বুলি গৌৰৱ গগৈ ফেন্‌চ ক্লাবৰ নামত প্ৰচাৰ কৰাৰ আহ্বানত সকলোকে ভূপেন বৰাক বহিষ্কাৰ কৰিবলৈ প্ৰচাৰ অব্যাহত ৰাখিবলৈ আহ্বান জনোৱা হৈছে৷ চক্ৰটোৱে উল্লেখ কৰা মতে, ভূপেন বৰা বিজেপি দলৰ সৈতে জড়িত হৈ থকাৰ বহুত প্ৰমাণ আহি পৰিছে  আৰু ২০২৬ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ বাটত হেঙাৰ সৃষ্টি কৰিব পাৰে৷ গতিকে তেওঁক অনতিপলমে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা বহিষ্কাৰ কৰিব লাগে৷


অসমীয়া আৰু ইংৰাজী উভয় ভাষাতে এই আহ্বান জনোৱা হৈছে৷ অভিযোগ মতে, জিণ্টু কলিতা, ভৱেশ কলিতা আৰু নৱনীতা সন্দিকৈৰ নামত সামাজিক মাধ্যমত এই প্ৰচাৰ চলোৱা হৈছে৷ তিনিওজনে গৌৰৱ গগৈৰ ফেন ক্লাবৰ পেড ব্যৱহাৰ কৰাৰ লগতে একেখিনি কথাকে উল্লেখ কৰিছে৷ ইফালে গৌৰৱ গগৈ ফেন ক্লাবৰ নামত এয়া কংগ্ৰেছৰ মাজত ভুল বুজাবুজি সৃষ্টি কৰাৰ অসৎ উদ্দেশ্যৰে কংগ্ৰেছৰ বিৰোধীৰ চক্ৰান্ত বুলি গৌৰৱ গগৈ ফেন্‌চ ক্লাবৰ সদস্য অভিজিত ফুকনে উল্লেখ্য কৰিছে৷ এই চক্ৰটোৰ বিৰুদ্ধে তেওঁ আজি যোৰহাট থানাত এখন এজাহাৰ দাখিল কৰে৷ জিণ্টু কলিতা, ভৱেশ কলিতা আৰু নৱনীতা সন্দিকৈৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰখনত উল্লেখ কৰা হয় যে কোনো দুষ্ট মানসিকতাৰ ব্যক্তিয়ে উদ্দেশ্য প্ৰণোদিতভাৱে গৌৰৱ গগৈ ফেন্‌চ ক্লাব অসমৰ লেটাৰ পেড জালিয়াতিৰে ব্যৱহাৰ কৰি অসামাজিক, অযুক্তিপূৰ্ণ ভুল তথ্যৰে সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে৷ গৌৰৱ গগৈ ফেন্‌চ ক্লাবৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ চেষ্টা চলোৱা দুষ্ট চক্ৰৰ চক্ৰান্তৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ এজাহাৰখনত আহ৩ান জনোৱা হৈছে৷