তাজত সকলোৰে প্ৰাৰ্থিত্ব ত্যাগ, ২২ ছেপ্টেম্বৰত নতুন অলিম্পিক কমিটী
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১২ ছেপ্টেম্বৰ : ‘আমাৰ অসম’ত বুধবাৰে প্ৰকাশিত প্ৰতিবেদন ১০০ শতাংশ সত্যত পৰিণত কৰি অসম অলিম্পিক সন্থাৰ পৰৱৰ্তী কাৰ্যনিৰ্বাহক কমিটীখন কোনো প্ৰতিদ্বন্দ্বিতা অবিহনে ৰাজনৈতিকভাৱে মনোনীত হোৱাটো নিশ্চিত হৈছে৷ বুধবাৰে হোটেল তাজ ভিভাণ্টাত আয়োজিত এখন অনানুষ্ঠানিক বৈঠকত অলিম্পিক কমিটীৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়োৱা সকলো প্ৰাৰ্থীয়ে নিৰ্বাচনৰ পৰা নাম প্ৰত্যাহাৰ কৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ‘ইচ্ছা’তে প্ৰত্যেকজন প্ৰাৰ্থীয়ে নিজৰ নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে৷ এই সিদ্ধান্তৰ বাবে ২০ মিনিট সময়ৰো প্ৰয়োজন নহ’ল৷ কিয়নো ৭.৪০ আহ্বান জনোৱা বৈঠকৰ সিদ্ধান্ত ৮ বজাত সম্পন্ন হৈ যায়৷ অনানুষ্ঠানিক এই বৈঠকত হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ ‘ইচ্ছা’ৰ বিষয়ে অৱগত কৰে ৰাজ্যৰ শক্তিশালী মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই৷ তাৎপৰ্যপূৰ্ণ এয়াই, ‘আমাৰ অসম’ত প্ৰকাশিত প্ৰতিবেদনৰ সৈতে বৈঠকৰ সিদ্ধান্তৰ এটা শব্দৰো ইফাল-সিফাল নহ’ল৷ এতিয়া একপ্ৰকাৰ ৰাজনৈতিক কেবিনেটৰ দৰেই গঠন হোৱাটো নিশ্চিত হ’ল অসম অলিম্পিক সন্থাৰ পৰৱৰ্তী কাৰ্যনিৰ্বাহক কমিটী৷ নতুন কাৰ্যনিৰ্বাহক কমিটীখনতো ক্ৰীড়াক্ষেত্ৰৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত ব্যক্তিৰ প্ৰাৰ্থিত্ব ওফোৰাই সকলো শীৰ্ষপদ শাসনাধিষ্ঠিত বিজেপিৰ নেতাই দখল কৰাও নিশ্চিত হ’ল৷ ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ সৰ্বোচ্ছ সংগঠনটোৰ পদবী দখলৰ ক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ দুয়োটা লবী অৰ্থাৎ সৰ্বানন্দ সোণোৱালপন্থী আৰু হিমন্ত বিশ্ব শৰ্মাপন্থী একগোট হৈছে৷ সেয়া সম্ভৱ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজত হোৱা আলোচনাৰ ফলত৷
দুয়োৰে আলোচনাৰ ফলত প্ৰাক্তন সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰৰ আসনখন ৰক্ষা পৰিছে৷ অৰ্থাৎ পৰৱৰ্তী কাৰ্যকালৰ বাবে লক্ষ্য কোঁৱৰ সাধাৰণ সম্পাদক হৈ থকাটো নিশ্চিত কৰা হৈছে৷ সেই আলোচনাৰ জৰিয়তেই অসম অলিম্পিক সন্থাৰ জ্যেষ্ঠ উপ-সভাপতি হিচাপে প্ৰৱেশ ঘটিছে হিমন্ত-লবীৰ দুই ক্ষমতাশালী মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাৰ৷ প্ৰসংগতঃ সভাপতি পদৰ বাবে একমাত্ৰ সৰ্বানন্দ সোণোৱালে মনোনয়ন দাখিল কৰাত তেওঁ আৰু এটা ৪ বছৰীয়া কাৰ্যকাল উপভোগ কৰাটো ৫ ছেপ্টেম্বৰতে নিশ্চিত হৈছিল৷ সেই পদৰ বাবে সোণোৱালে ‘আশীৰ্বাদ’ কঢ়িয়াই আনিছিল গেৰুৱা দলৰ শীৰ্ষ নেতৃত্বৰ পৰা৷ অন্যথা সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিল হিমন্ত বিশ্ব শৰ্মাৰ৷ পৰম্পৰাগতভাৱে দেখা যায়, ৰাজ্যৰ মুখ্যমন্ত্ৰীজনেই সাধাৰণতে অসম অলিম্পিক সন্থাৰ সভাপতি হৈ আহিছে৷ কিন্তু সোণোৱালৰ আৰু এটা কাৰ্যকালৰ প্ৰতি থকা প্ৰৱল ইচ্ছা আৰু শীৰ্ষ নেতৃত্বৰ আশীৰ্বাদৰ বাবে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈয়ো নিজৰ ইচ্ছা অৱদমিত কৰি ৰাখিবলৈ বাধ্য হ’ল৷ মুখ্যমন্ত্ৰীৰ আসনৰ পৰা সোণোৱালক বঞ্চিত কৰা হিমন্ত বিশ্ব শৰ্মাই অলিম্পিকৰ সভাপতিৰ আসনৰ ক্ষেত্ৰত পুনৰ তেওঁক জোকাই লোৱাৰ পৰা বিৰত থাকিল৷ কিন্তু তেওঁ দুই জ্যেষ্ঠ উপ-সভাপতি পদৰ উপৰি অন্যতম গুৰুত্বপূৰ্ণ পদ কোষাধ্যক্ষহিচাপে নিজৰ লবীৰ মানৱ ডেকাক ভৰাই ল’লে৷ইতিমধ্যে মৌখিকভাৱে ৰাজনৈতিক কেবিনেট গঠনৰ দৰে অলিম্পিক সন্থাৰ কমিটীখন গঠনেই হৈ গৈছে৷ কাইলৈ বুধবাৰে হোটেল তাজ ভিভাণ্টাত এই কমিটীয়ে পূৰ্ণৰূপ পাব৷ তাজ ভিভাণ্টাত আজি সকলো প্ৰাৰ্থীৰ মাজত সন্ধিয়া জ্জ.৪০ বজাত এখন বৈঠক আহ৩ান কৰা হৈছিল৷ এই বৈঠকত সকলো প্ৰাৰ্থীকে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ আহ৩ান জনোৱা হয় আৰু সকলোৰে সেই আহ৩ানৰ প্ৰতি সঁহাৰি জনায়৷ তেতিয়া এতিয়া ৰাজ্যিক বিজেপিৰ দুই লবীয়ে চূড়ান্ত কৰা নতুন কাৰ্যনিৰ্বাহক কমিটীখনৰ বিষয়ববীয়া আৰু সদস্যৰ নাম ঘোষণা কৰিব৷ অহা ২২ ছেপ্টেম্বৰত ডিব্ৰুগড়ত হ’বলগীয়া অলিম্পিক সন্থাৰ সাধাৰণ সভাত নতুন কমিটীখন ঘোষণা কৰা হ’ব৷ ফলত কাৰ্যনিৰ্বাহক কমিটীৰ নিৰ্বাচনী সভাখন গুৰুত্বহীন আনুষ্ঠানিকতাত পৰিণত হ’ব৷ এই অশুভ প্ৰক্ৰিয়াৰ সূচনা হৈছিল তৰুণ গগৈৰ কাৰ্যকালৰ শেষৰপিনে নগাঁৱত অনুষ্ঠিত অসম অলিম্পিকৰ সভাত৷ সেই সভাতে সকলো পদবী নিৰ্বাচিত কৰাৰ পৰিৱৰ্তে মনোনীত কৰা আৰম্ভ হৈছিল৷ তেতিয়া অৱশ্যে ৰাজনৈতিক নেতা-মন্ত্ৰী কম, খেলৰ সৈতে জড়িত অধিক লোকে কাৰ্যনিৰ্বাহকত স্থান পাইছিল৷ এইবাৰ ৰাজনীতিক আৰু ক্ৰীড়াক্ষেত্ৰৰ ব্যক্তিৰ অনুপাত কিমান হ’ব সেয়া কাইলৈৰ ভিতৰত নিশ্চিত হ’ব৷