শংকৰজ্যোতি আঁকোৰগোঁজ সাঃ সম্পাদকৰ সন্ধানত আছু
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ ছেপ্টেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাই সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক তেওঁৰ পদবীৰ পৰা অব্যাহতি বা ছুটী ল’বলৈ পৰামৰ্শ দিলেও তেওঁ এই পৰামৰ্শ এতিয়ালৈকে মানি লোৱা নাই৷ এগৰাকী যুৱতীয়ে (ছাত্ৰ সন্থাৰ সক্ৰিয় সদস্য) প্ৰেমত প্ৰতাৰণা কৰাকে ধৰি শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে কেতবোৰ অভিযোগ আনি দিছপুৰ থানাত গোচৰ দিয়াৰ পাছত আছুৰ মুখ্য উপদেষ্টা আৰু সভাপতিয়ে ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি অক্ষুন্ন ৰখাৰ স্বাৰ্থত তেওঁক অব্যাহত বা ছুটী লোৱাৰ পৰামৰ্শ দিছিল৷ কিন্তু তেওঁ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি নোলোৱাৰ সিদ্ধান্ততে আকোৰগোজ হৈ আছে এইপৰ্যন্ত৷ জানিব পৰা মতে, আছুৰ কেন্দ্ৰীয় সমিতিৰ ৬৩গৰাকী সদস্যৰ ভিতৰত ৪৫গৰাকী সদস্যই শংকৰজ্যোতি বৰুৱাক অব্যাহতি ল’বৰ বাবে ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা আৰু সভাপতিয়ে দিয়া পৰামৰ্শক মুকলিভাৱে সমৰ্থন জনাইছে৷ এতিয়ালৈকে দহগৰাকী সদস্যই আনুষ্ঠানিকভাৱে একো কোৱা নাই যদিও অনানুষ্ঠানিকভাৱে এই কথা স্পষ্ট কৰি দিছে যে তেওঁলোকে এই কথাটো সমৰ্থন কৰিছে৷ কাজেই আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিদায় আসন্ন হৈ পৰিছে৷ সেইসূত্ৰে নতুন সাধাৰণ সম্পাদকৰ সন্ধান আৰম্ভ হৈছে আছুৰ ভিতৰচ’ৰাত৷ অৱশ্যে ইয়াৰ বাবে পূৰণ কৰিব লাগিব কেতবোৰ আনুষ্ঠানিকতা৷ প্ৰথমতে কোনো এজনক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব দিব কেন্দ্ৰীয় সমিতিয়ে৷ তাৰ পাছত আছুৰ কেন্দ্ৰীয় সাধাৰণ সভাই নতুন সাধাৰণ সম্পাদক নিৰ্বাচন কৰিব৷
উল্লেখ্য, সম্প্ৰতি আছুৰ কেন্দ্ৰীয় সমিতিত সহকাৰী সাধাৰণ সম্পাদৰূপে আছে কাৰ্বি আংলং জিলাৰ চৰ্জুন হান্সে, ধেমাজিৰ দীপক শৰ্মা, তিনিচুকীয়াৰ ৰাণা সোনাৰ, গোৱালপাৰাৰ অভিজিৎ নাথ আৰু তেজপুৰৰ নিতুল বৰা৷ শংকৰজ্যোতি বৰুৱাই সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি ল’লে উক্ত পাঁচজন সহকাৰী সম্পাদকৰ ভিতৰত যিকোনো এজনৰ ওপৰত ন্যস্ত হ’ব ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব৷ ছাত্ৰ সন্থাৰ সংবিধান অনুসৰি, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কমিটীৰ কাৰ্যকাল চাৰি বছৰ৷ উৎপল শৰ্মাৰ নেতৃত্বাধীন নতুন কমিটীয়ে দায়িত্ব লোৱা প্ৰায় এবছৰ পাৰ হৈছে৷ গতিকে পৰৱৰ্তী তিনি বছৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰে আছুৰ কাম-কাজ পৰিচালনা কৰাত অসুবিধা আছে৷ কাজেই প্ৰথমে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ ব্যৱস্থা কৰি পৰৱৰ্তী সময়ত পূৰ্ণকালীন সাধাৰণ সম্পাদকৰ দিহা কৰাৰ চৰ্চা চলিছে আছুত, আৰু সেইমৰ্মে নতুন সাধাৰণ সম্পাদকৰ সন্ধান আৰম্ভ হৈছে৷ পূৰ্ণ পৰ্যায়ৰ সাধাৰণ সম্পাদক বাছনি কৰিবলৈ হ’লে অনুষ্ঠিত কৰিব লাগিব আছুৰ বিশেষ সাধাৰণ সভা৷ উল্লেখ্য, এগৰাকী যুৱতীয়ে প্ৰেমত প্ৰতাৰণা কৰাৰ অভিযোগ তুলি দিছপুৰ থানাত গোচৰ ৰুজু কৰাৰ পাছত সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উপস্থিত হৈ নিজৰ স্থিতি প্ৰকাশ কৰে ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতিয়ে৷ তেওঁ দুই-এটা অভিযোগ সঁচা নহয় বুলি মত প্ৰকাশ কৰি কয়– ‘যুৱতীগৰাকীৰ সৈতে মোৰ বিভিন্নধৰণৰ সংঘাত হোৱা এবছৰ হৈছে৷ বিগত ছমাহ ধৰি যুৱতীগৰাকীৰ লগত মোৰ যোগাযোগ নাই৷ এই কথা যুৱতীগৰাকীয়েও কৈছে, ময়ো কৈছো৷ যিগৰাকী যুৱতীয়ে মোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে, তেওঁৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাটো মই অকপটে স্বীকাৰ কৰিছোঁ৷ ২০২১ চনত যুৱতীগৰাকীৰ সৈতে মই চিনাকি হৈছিলোঁ৷ যোৱা এবছৰ ধৰি আমাৰ মাজত সংঘাতৰ সৃষ্টি হৈছে৷ সেই সংঘাত লাহে লাহে বাঢ়ি গৈছিল আৰু যুৱতীগৰাকীয়ে কোৱাৰ দৰে যোৱা ছমাহ ধৰি তেওঁৰ সৈতে মোৰ কোনো যোগাযোগ নাই৷ গুৱাহাটী প্ৰেছ ক্লাবত সংবাদ মাধ্যমৰ আগত নিজৰ স্থিতি প্ৰকাশ কৰি সোমবাৰেই বিয়লি শংকৰজ্যোতি বৰুৱা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাৰ সৈতে আলোচনাত মিলিত হয়৷ আলোচনা কালত ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ভট্টাচাৰ্য আৰু সভাপতি শৰ্মাই শংকৰজ্যোতি বৰুৱাক তেওঁ নিৰ্দোষী প্ৰমাণ নোহোৱাপৰ্যন্ত তেওঁক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি বা ছুটী ল’বলৈ পৰামৰ্শ দিয়ে৷ শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ সন্দৰ্ভত ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই কয়– ‘ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন হোৱাৰ পাছত শংকৰজ্যোতি বৰুৱাৰ সৈতে ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু মই আলোচনাত মিলিত হৈছিলোঁ৷
ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি অটুত ৰখাৰ স্বাৰ্থত শংকৰজ্যোতি বৰুৱাক সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি বা ছুটী ল’বলৈ পৰামৰ্শ দিছোঁ৷ সাধাৰণ সম্পাদকজনৰ প্ৰসংগত ৰাজহুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বৃহত্তৰ সাংগঠনিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আমি তেওঁক ছুটী ল’বলৈ অনুৰোধ জনাইছোঁ৷ সোনকালেই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হ’ব৷ সভাপতি উৎপল শৰ্মা আৰু মই তেওঁক পৰামৰ্শ দিছোঁ৷ আশা ৰাখিছোঁ তেওঁ ইতিবাচক সঁহাৰি জনাব৷’ একে প্ৰসংগত ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়– ‘শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ পাছত সমগ্ৰ অসমত ৰাজহুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সমুজ্জ্বল দা আৰু মই শংকৰজ্যোতি বৰুৱাক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি বা ছুটী ল’বলৈ পৰামৰ্শ আগবঢ়াইছোঁ৷ আমি গুৰুত্ব সহকাৰে বিষয়টো গ্ৰহণ কৰিছোঁ৷ আশা ৰাখিছোঁতেওঁ সঁহাৰি জনাব৷ আদালতৰ কামখিনি আদালতে কৰিব৷’ লক্ষণীয়ভাৱে শংকৰজ্যোতি বৰুৱাক আছুৰ বৃহত্তৰ স্বাৰ্থত সংগঠনটোৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি ল’বৰ বাবে সভাপতি আৰু মুখ্য উপদেষ্টাই পৰামৰ্শ দিয়াৰ পাছতে একাংশই গোটেই বিষয়টোক লৈ নিকৃষ্ট ৰাজনীতি কৰাৰ অপচেষ্টা চলাইছে৷ আছুৰ সূত্ৰই স্পষ্ট কৰি দিছে যে আছুৰ মজিয়াত কোনোধৰণৰ নিকৃষ্ট ৰাজনীতিৰ স্থান নাই৷ আগতেও একাধিক লোকে আছুৰ মজিয়া কলুষিত কৰিবলৈ চেষ্টা কৰিছিল যদিও খুব সোনকালেই জনমানসত তেওঁলোক হেৰাই গৈছে৷ আছুৰ সত্তাক অসন্মান জনোৱা কোনো নেতা-কৰ্মীৰে সংগঠনটোত স্থান নাই বুলি স্পষ্ট কৰি দি সূত্ৰটোৱে কয় যে শংকৰজ্যোতি বৰুৱাৰ প্ৰসংগক কেন্দ্ৰ কৰি কোনো কাৰণতে আছুত মতভেদৰ সৃষ্টি হোৱা নাই আৰু আগলৈও নহয়৷ বিষয়টোক লৈ মতান্তৰ থাকিব পাৰে যদিও কোনো মনান্তৰ নাই বুলি স্পষ্ট কৰি দি সূত্ৰটোৱে কয় যে আছুৰ নেতা-কৰ্মীৰ বাবে আছু সকলোৰে ওপৰত আৰু আছুৰ হাইকমাণ্ড হৈছে অসমৰ ৰাইজ৷ লক্ষণীয়ভাৱে শংকৰজ্যোতি বৰুৱায়ো সামাজিক মাধ্যমযোগে এইবিষয়টোক লৈ অবাঞ্ছিত চিন্তাকৰ্মত লিপ্ত নহ’বৰ বাবে আছুকৰ্মীসকলৰ প্ৰতি আহ্বান জনাইছে৷