Logo
image

মুখ্য ন্যায়াধীশৰ ঘৰত গণেশ চতুৰ্থীত পূজা দিলে মোদীয়ে

নতুন দিল্লী, ১৩ ছেপ্টেম্বৰঃ দেশৰ মুখ্য ন্যায়াধীশৰ ঘৰত উপস্থিত প্ৰধানমন্ত্ৰী৷ বুধবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ গৃহত উপস্থিত হৈ গণেশ চতুৰ্থীৰ পূজাত ভাগ লয়৷ প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ লগে লগে তেওঁক পদুলিৰ পৰা আদৰি নিয়ে সপত্নীক মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে৷ ইয়াৰ পাছতে চন্দ্ৰচূড় আৰু তেওঁৰ পত্নী কল্পনা দাসৰ সৈতে প্ৰধানমন্ত্ৰীয়ে সিদ্ধিদাতা গণেশ দেৱতাৰ বিগ্ৰহৰ আগত আৰতি কৰে৷ 



এই সমগ্ৰ মুহূৰ্তৰ এটা ভিডিঅ’ বুধবাৰে সন্ধিয়াৰে পৰা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ বিভিন্নজনে মুখ্য ন্যায়াধীশৰ বাসগৃহত প্ৰধানমন্ত্ৰীৰ উপস্থিতিক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিবলৈ আৰম্ভ কৰিছে৷ আইনজীৱী সকলেও ইয়াৰ প্ৰতিক্ৰিয়া আগৱঢ়োৱা আৰম্ভ কৰিছে৷ এগৰাকী বৰ্ষীয়ান আইনজীৱী ইন্দিৰা জয়সিঙে এই বুলি মন্তব্য আগবঢ়াইছে যে স্বয়ং দেশৰ মুখ্য ন্যায়াধীশে প্ৰশাসন আৰু বিচাৰ ব্যৱস্থাৰ মাজত থকা ব্যৱধানৰ সৈতে আপোচ কৰিছে৷ এনে ঘটনাই মুখ্য ন্যায়াধীশৰ নিৰপেক্ষতাক লৈ সন্দেহৰ সৃষ্টি কৰিব৷ এই ঘটনাক তেওঁ নিন্দনীয় বুলিও আখ্যা দিয়ে৷ একেদৰে আন এগৰাকী আইনজীৱী প্ৰশান্ত ভূষণে এইবুলি মন্তব্য কৰে–‘ন্যায়াধীশে নিজৰ পদমৰ্যাদাক লৈ সচেতন হোৱা উচিত যাতে তেওঁৰ ভূমিকাক লৈ কোনো প্ৰশ্ন উঠিব নোৱাৰে৷’

বিৰোধী দলসমূহেও মুখ্য ন্যায়াধীশৰ ঘৰত প্ৰধানমন্ত্ৰীৰ উপস্থিতিক লৈ সমালোচনা আৰম্ভ কৰা পৰিলক্ষিত হৈছে৷ সকলোৰে এটাই কথা– ‘বিচাৰ ব্যৱস্থা আৰু প্ৰশাসনৰ এনে ‘হলি-গলি’য়ে সমগ্ৰ ব্যৱস্থাটোত কেনা লগাব৷’