চুমি ধৰা পৰিল, দীপাংকৰ ক’ত? আৰক্ষী অন্ধকাৰত
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৩ ছেপ্টেম্বৰঃ অৱধাৰিত ভাৱেই আৰক্ষীৰ ওচৰত ধৰা দিলে বিগত ১০ দিন ধৰি ৰাজ্যত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা কৰিঅ’গ্ৰাফাৰ-অভিনেত্ৰী চুমি বৰা আৰু তেওঁৰ স্বামী ফটোগ্ৰাফাৰ তাৰ্কিক বৰাই৷ বুধবাৰে সংবাদ মাধ্যমলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণৰ বাবে সাজু হোৱা বুলি ঘোষণা কৰাৰ পাছত বৃহস্পতিবাৰে পুৱা ডিব্ৰুগড়ত নাটকীয়ভাৱে আৰক্ষীৰ ওচৰত ধৰা দিয়ে অভিযুক্ত দম্পত্তীয়ে৷ ডিব্ৰুগড়ৰ জিমখানা ক্লাবত বাহৰ পতা গুৱাহাটীৰ পৰা যোৱা এছ টি এফৰ এটা দলৰ ওচৰত চুমি-তাৰ্কিকে আত্মসমৰ্পণ কৰাৰ পাছত দুয়োকে ডিব্ৰুগড় আৰক্ষীৰ হাতত গতাই দিয়ে এছ টি এফে৷ আশ্চৰ্যজনক বিষয়টো হৈ যিসময়ত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক দেশৰ এক নম্বৰৰ আৰক্ষী বাহিনী হিচাপে গঢ়ি তোলাৰ প্ৰক্ৰিয়া অব্যাহত আছে বুলি দাবী কৰিছে, ঠিক তেনে সময়ত স্মাৰ্ট অসম আৰক্ষীয়ে সুদীৰ্ঘ ১০ দিন ধৰি অসমতে আত্মগোপন কৰি থকা সাধাৰণ এগৰাকী অভিনেত্ৰী আৰু এজন ফটোগ্ৰাফাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱা বিষয়টোৱে আৰক্ষীৰ ব্যৰ্থতাকে যেন উদঙাই দিলে৷
বিশাল ফুকনৰ ট্ৰেডিং কাণ্ডৰ অন্যতম সহযোগী বুলি অভিযোগ উঠা অভিনেত্ৰী চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাক গ্ৰেপ্তাৰ কৰাটো দূৰৰে কথা আৰক্ষীয়ে এসপ্তাহ-দহদিনে অৱস্থিতিও নিশ্চিত কৰিব নোৱাৰিলে৷ অথচ আত্মসমৰ্পণৰ পূৰ্বে চুমি বৰাই সংবাদ মাধ্যমৰ আগত বিগত ৭টা দিনে গুৱাহাটীৰ পৰা আহি যোৰহাটৰ টিয়কৰ কাছগঁড়ালস্থিত গাঁৱৰ ঘৰত আশ্ৰয় লোৱা বুলি সদৰী কৰে৷ আনকি টিয়কৰ গাঁৱৰ ঘৰত আশ্ৰয় লৈ থকাৰ সময়ছোৱাতে এবাৰলৈকো আৰক্ষীয়ে তেওঁলোকক বিচাৰি অহা নাছিল বুলিও দাবী কৰে চুমিয়ে৷ স্বাভাৱিকতেই চুমি বৰাৰ এই ভাষ্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে ডিব্ৰুগড় সদৰ থানাত ৰুজু হোৱা বিশাল ফুকনৰ ট্ৰেডিং কাণ্ডৰ ৩৫২/২০২৪ নম্বৰৰ গোচৰটোৰ তদন্তৰ ভাৰ চি আই ডিলৈ হস্তান্তৰ কৰি এছ আই টি গঠন কৰা হ’ল যদিও বাস্তৱত তদন্তৰ নামত ভেঁকো-ভাওনাহে কৰিছিল এছ আই টিয়ে৷ অসম আৰক্ষী তথা চি আই ডিৰ হাতত অত্যাধুনিক প্ৰযুক্তি উপলব্ধ হোৱাৰ পাছতো সাধাৰণ অভিযুক্তদ্বয়ৰ লোকেশ্বন ট্ৰেক কৰিবলৈ সক্ষম হোৱা নাছিল স্মাৰ্ট অসম আৰক্ষীয়ে৷ যাৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়ে এই ব্যৰ্থতাক লৈ সৰ্বত্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে৷
ইফালে ডিজিপি জি পি সিঙে টুইটযোগে আৰক্ষীক কৰা সমালোচনাক আদৰণি জনাই অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত আৰক্ষী সহায়ৰ হাত আগবঢ়োৱা সাধাৰণ নাগৰিকসকলকো কৃতজ্ঞতা প্ৰকাশ কৰিছে৷ জি পি সিঙে টুইটত প্ৰতিজন আৰক্ষী ইউনিৰ্ফম পিন্ধা সাধাৰণ নাগৰিক আৰু প্ৰতিজন নাগৰিক ইউনিফৰ্ম নথকা আৰক্ষী বুলিও অভিহিত কৰিছে৷ কেৱল চুমি বৰাকে যে গ্ৰেপ্তাৰত আৰক্ষী ব্যৰ্থ হৈছে তেনে নহয়, ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনৰো বিগত কুৰি দিন ধৰি সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই মহানগৰ আৰক্ষীয়ে৷ ৭,০০০ কোটি টকা লৈ উধাও হোৱা দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে তদন্তৰ ভাৰ কেৱল এজন প্ৰশিক্ষণৰত সহকাৰী পৰিদৰ্শকৰ হাতত দি দায়িত্ব সামৰিছে অসম আৰক্ষীয়ে৷ অথচ চুমি-বিশাল কাণ্ডৰ তদন্তৰ দায়িত্ব দিয়া হৈছে চি আই ডিক৷ ডি বি ষ্টক কেলেংকাৰিৰ তদন্তৰ ভাৰ বিশাল দাস নামৰ এজন নৱনিযুক্ত সহকাৰী পৰিদৰ্শকক দি দীপাংকৰ বৰ্মনৰ প্ৰতি ৰহস্যজনক দৰদ দেখুৱাইছে আৰক্ষী বিভাগে৷ অৱশ্যে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে দীপাংকৰ বৰ্মনকো সময়ত গ্ৰেপ্তাৰ কৰা হ’ব বুলি জানিবলৈ দি পলাতক অভিযুক্তটোৰ আত্মগোপনৰ তথ্য থাকিলে আৰক্ষীক অৱগত কৰিবলৈকো আহ্বান জনাইছে৷ আৰক্ষীৰ এই ব্যৰ্থতাৰ লগতে অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ সৈতে আন বহু লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি নিৰপেক্ষ তদন্তৰ স্বাৰ্থত অসম চৰকাৰে অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰসমূহ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চুমকৈ চি বি আইৰ দ্বাৰা তদন্তৰ চিন্তা-চৰ্চা কৰিছে৷ কাইলৈ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত ট্ৰেডিং কাণ্ডৰ তদন্তৰ ভাৰ চি বি আইলৈ হস্তান্তৰ সিদ্ধান্ত গ্ৰহণৰ পূৰ্ণ সম্ভাৱনা আছে৷