Logo
image

ৰকিবুলৰ বিৰুদ্ধে জিতু গোস্বামীৰ ২০০ কোটি টকীয়া গোচৰ

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ ছেপ্টেম্বৰঃ চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ তুংগত উঠিছে ৰাজ্যৰ শাসক আৰু বিৰোধীৰ বাকযুদ্ধ৷ এই যুঁজৰ নেতৃত্ব লৈছে শাসক দলৰ হৈ বিজেপিৰ বিধায়ক জিতু গোস্বামী আৰু বিৰোধী কংগ্ৰেছৰ হৈ ধুবৰীৰ সাংসদ ৰকিবুল হুছেইনে৷ দুয়োপক্ষই দিছে আৰক্ষী- আদালতৰ ভাবুকি৷ বঢ়মুপুৰৰ বিধায়ক জিতু গোস্বামীয়ে শেহতীয়াভাৱে ৰকিবুল হুছেইনে তেওঁৰ বক্তব্যৰ ভুল ব্যাখ্যা দিয়াৰ অভিযোগ তুলি হুছেইনৰ বিৰুদ্ধে গুৱাহাটীত এশ কোটি টকা আৰু দিল্লীত এশ কোটি টকাৰ মানহানি গোচৰ তৰাৰ ভাবুকি দিছে৷ 



উল্লেখ্য, ইতিপূৰ্বে দুদিন পূৰ্বে ৰকিবুল হুছেইনে বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল৷ বিধায়ক জিতু গোস্বামীয়ে আজি সংবাদ মাধ্যমৰ আগত কয়, যিহেতু বৰ্তমান বিজেপি চৰকাৰ চলি আছে স্বাভাৱিকতে আৰক্ষী প্ৰশাসন চৰকাৰৰ কথা মতে চলিব৷ যিখন সভাত মই এই কথা কৈছিলো সেইদিনা সেইসকল লোকে বিজেপিত যোগদান কৰিছিল৷ ৰকিবুল হুছেইনৰ গুণ্ডামিত ভয় খাই কম্পমান হৈ সেই সকল লোকে কংগ্ৰেছ ত্যাগ কৰিছে৷ ৰকিবুল হুছেইনে বোলে কৈছে আমাৰ চৰকাৰ আহিব, মোৰ ল’ৰা জিকিব৷ তহঁতক জে’লত ভৰাই থ’ম৷ সেই ভয়তে তেওঁলোকে কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ আহিছে৷ সভাত মই তেওঁলোকক উদেশ্যি কৈছিলো– আমাৰ বিজেপিৰ নেতৃত্বত চৰকাৰ আছে, গতিকে পুলিচ আমাৰ৷ আপোনালোকে চিন্তা নকৰিব৷ আপোনালোকে টেনচন ল’ব নালাগে৷ 

বিধায়ক গোস্বামীয়ে কয়– বিজেপি চৰকাৰৰ দিনত ক্ষমতাৰ অপব্যৱহাৰ হোৱা নাই৷ পুলিচক ক্ষমতাৰ অপব্যৱহাৰ কৰিবলৈ দিয়া নাই৷ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই বিজেপিৰ দিনত আৰক্ষীৰ মান নিম্ন হোৱা বুলি কোৱাৰ লগতে জিতু গোস্বামীয়ে ক্ষমা খুজিব লাগে বুলি কোৱাৰ প্ৰসংগত বিধায়ক গোস্বামীয়ে কয়, বিজেপিৰ দিনত আৰক্ষীৰ গৰিমা বাঢ়িছে৷ কংগ্ৰেছৰ শাসন কালত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত চামগুৰিত কংগ্ৰেছৰ গুণ্ডা বাহিনীয়ে বিজেপি প্ৰাৰ্থী হিচাপে সভা কৰিবলৈ যাওঁতে মোৰ গাড়ীত আক্ৰমণ কৰিছিল৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চামগুৰিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে আমাৰ গালৈ কংগ্ৰেছী গুণ্ডা বাহিনীয়ে পাথৰ দলিয়াইছিল৷ ক্ষমা কংগ্ৰেছেহে খুজিব লাগে৷ কাৰণ বিজেপি চৰকাৰৰ দিনত হোৱা নিৰ্বাচনত চামগুৰিত বিক্ষিপ্ত ঘটনা হোৱা নাই৷ কংগ্ৰেছে ক্ষমতাৰ অপপ্ৰয়োগ কৰিছিল৷ বিজেপিৰ ক্ষমতাৰ অপ-প্ৰয়োগৰ উদাহৰণ নাই৷ এতিয়া এনেদৰেই চলিছে চামগুৰি বিধানসভা সমষ্টিক লৈ শাসক-বিৰোধীৰ বাক্যবানৰ যুঁজ৷ দুয়োপক্ষৰ দাবী-ধমকি-ভাবুকিৰে উত্তাল হৈ পৰিছে নগাঁৱৰ ৰাজনীতি৷ উল্লেখ্য, শেহতীয়া লোকসভা নিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা একেৰাহে পাঁচবাৰ বিজয়ী হোৱা ৰকিবুল হুছেইন ধুবুৰী লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে চামগুৰি সমষ্টি খালী হৈ পৰে৷ ৰকিবুলে হুছেইনে চামগুৰি সমষ্টিৰ পৰা নিজৰ পুত্ৰক বিজয়ী কৰাবৰ বাবে উঠিপৰি লগাৰ ফলত প্ৰাথমিক স্তৰতে নিৰ্বাচনী ৰণ উত্তেজনাপূৰ্ণ হৈ পৰিছে৷