Logo
image

ভুৱা ট্ৰেডিঙৰ তদন্ত চিবিআইক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ ছেপ্টেম্বৰ : চুমি-বিশাল কাণ্ডকে ধৰি ৰাজ্যত বৰ্তমানলৈকে পোহৰলৈ অহা ৩২টা ভুৱা ট্ৰেডিঙৰ গোচৰ চিবিআইলৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে৷ কেৱল সেয়ে নহয় ভৱিষ্যতে যদিহে ৰাজ্যৰ গাঁৱে ভূঞে গোপনে চলি থকা কোনো ভুৱা ট্ৰেডিঙৰ ঘটনা পোহৰলৈ আহে, তেন্তে ইয়াকো পোনে পোনে চিবিআইক হস্তান্তৰ কৰা হ’ব৷’ শুকুৰবাৰে জনতা ভৱনৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকৰ পাছত এক সংবাদমেলত কেবিনেটৰ সিদ্ধান্তসমূহৰ বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মন্তব্য কৰি কয়– ‘অনৈতিকভাৱে ধন লৈ ভুৱা ট্ৰেডিং কৰা সংক্ৰান্তীয় ৩২টা গোচৰ আমি চিবিআইক দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো৷ শেহতীয়া দিল্লী ভ্ৰমণৰ সময়ত মই ইতিমধ্যে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত কথা পাতি আহিছো৷ ৰাজ্যৰ মুখ্য সচিবেও নিজাববীয়াকৈ চিবিআইৰ  সঞ্চালকৰ লগত কথা পাতিছে৷ চিবিআইৰ সঞ্চালকে গোচৰকেইটা লোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ অৱশ্যে চিবিআইক গোচৰকেইটা হস্তান্তৰ কৰিবৰ বাবে এমাহ মান সময় লাগিব৷ তেতিয়ালৈকে অসম আৰক্ষীয়ে গোচৰ সন্দৰ্ভত তদন্ত কৰি থাকিব৷’ আজিৰ কেবিনেটৰ আন সিদ্ধান্তসমূহৰ বিষয়ে ব্যাখ্যা কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– ‘ৰাজ্যৰ হাইস্কুলত কৰ্মৰত ৪৬৬৯জন ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সৰ্ব শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকৰ দৰেই তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ’ব৷ ১০ দিনৰ ভিতৰত বিজ্ঞাপন প্ৰকাশ পাব৷ এই নিয়মীয়াকৰণ বাধ্যতামূলক নহয়, শিক্ষকজনৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব৷ চলিত মাহতে দুখন অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰা হ’ব৷



১৯ ছেপ্টেম্বৰত ৰাজ্যত ১২ লাখ ৬০ হাজাৰ মহিলাক অৰুণোদয়ৰ নতুন হিতাধিকাৰী হিচাপে সামৰি লোৱা হ’ব৷ প্ৰতিটো সমষ্টিত প্ৰায় ১০ হাজাৰকৈ হিতাধিকাৰী নতুনকৈ সংযোজন হ’ব৷ ইয়াৰ লগতে পুৰণি হিতাধিকাৰীৰ পুনৰীক্ষণ হ’ব৷ সেইদিনাই ৰাজ্যত ১৭ লাখক নতুনকৈ ৰেচন কাৰ্ড দিয়া হ’ব৷ এতিয়াৰে পৰা ৰেচন কাৰ্ড থাকিলেহে অৰুণোদয় লাভ কৰিব৷ গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠান পতাৰ লগতে ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিতে অনুষ্ঠান পাতি ধন বিতৰণ কৰা হ’ব৷ মুখ্যমন্ত্ৰীৰ অসম আত্মনিৰ্ভৰশীল আঁচনিৰ অধীনত ২৫,২৩৮ গৰাকী হিতাধিকাৰীক ৩ নৱেম্বৰত গুৱাহাটীত কেন্দ্ৰীয়ভাৱে দুই লাখ টকাৰ ধন প্ৰদান কৰা হ’ব৷ পাঁচ বছৰৰ পাছত এই ধনৰ ৰ লাখ টকা কিস্তি হিচাপে ঘূৰাই দিব লাগিব৷ সুদবিহীন হ’ব ঋণৰ ধন৷ কেবিনেটে আজি অনুমোদন দিয়া ২৫,২৭৮জন হিতাধিকাৰীৰ অক্টোবৰ মাহত প্ৰশিক্ষণ অনুষ্ঠিত হ’ব৷ ৩ নৱেম্বৰত নতুনকৈ আৰু ৭৫ হাজাৰৰ বাবে আবদেন গ্ৰহণ কৰা হয়৷ কেবিনেটত আজি কোকৰাঝাৰত এটা ষ্টেডিয়াম পাতিবৰ বাবে ১০৭ কোটি টকাৰ অনুমোদন দিয়াৰ লগতে গুৱাহাটীৰ ডাউন-টাউন ফ্লাই অভাৰৰ বাবে ১১১ কোটিৰ অনুমোদন দিয়ে৷ গুৱাহাটী চিৰিয়াখানাৰ আধুনিকীকৰণৰ বাবে কেবিনেটে ৩৬২ কোটি টকাৰ অনুমোদন দিয়ে৷ দুটা কিস্তিত এই ধন কয় কৰা হ’ব৷ ফ্ৰান্সৰ দছান কোম্পানীয়ে ৰাজ্যত ২০০ কোটিৰ বিনিযোগ কৰিব৷ গুৱাহাটী অভিযান্ত্ৰিক কলেজৰ পৰা দছানে ৰাজ্যৰ তিনি হাজাৰ অভিযান্ত্ৰিক স্নাতক আৰু ৫০খন কলেজৰ ছাত্ৰ-ছাত্ৰীক ৰব’টিক্‌ছ, এআই, এৰোস্পেচ, ডিফেঞ্চ আদিৰ প্ৰশিক্ষণ দিব৷ ইয়াৰ বাবে কেবিনেটে ৪০ কোটি টকাৰ অনুমোদন দিয়ে৷ প্ৰশিক্ষণত মুঠ ২৪০ কোটি খৰচ হ’ব৷’